Advertisment

কংগ্ৰেছত সংখ্যালঘুৰ স্থান নাই! কংগ্ৰেছত থকা সংখ্যালঘু নেতাসকলে শীঘ্ৰেই পদত্যাগ কৰক

‘কংগ্ৰেছ কেতিয়াও সংখ্যালঘুৰ আপোন হ’ব নোৱাৰে। কংগ্ৰেছ সদায় সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে কাম কৰি আহিছে। কংগ্ৰেছত সংখ্যালঘু মুছলমানৰ স্থান নাই । ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ ত্যাগক লৈ  বিস্ফোৰণ মহম্মদ আলি খলিফাৰ।

 File Photo
File Photo

কংগ্ৰেছত সংখ্যালঘুৰ স্থান নাই! কংগ্ৰেছত থকা সংখ্যালঘু নেতাসকলে শীঘ্ৰেই পদত্যাগ কৰক

Advertisment


‘কংগ্ৰেছ কেতিয়াও সংখ্যালঘুৰ আপোন হ’ব নোৱাৰে। কংগ্ৰেছ সদায় সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে কাম কৰি আহিছে। কংগ্ৰেছত সংখ্যালঘু মুছলমানৰ স্থান নাই । ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ ত্যাগক লৈ  বিস্ফোৰণ মহম্মদ আলি খলিফাৰ।

Read More- 'মই কাৰো গুলাম নহয়'। কংগ্ৰেছ ত্যাগ ৰেজাউলৰ

দুদিন পূৰ্বে আমছুৰ কেন্দ্ৰীয় সভাপতিৰ পদ এৰি কংগ্ৰেছত যোগদান কৰিছিল ৰেজাউল কৰিম সৰকাৰে। কংগ্ৰছত যোগদান কৰিয়েই বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চালৈ আহিছিল সংখ্যালঘু নেতাজন। ‘শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী কৰিম’ জাতীয় মন্তব্যৰে বিতৰ্কৰ সূচনা কৰিছিল ৰেজাউল কৰিমে। 

Read More- গৌৰৱ গগৈ জাতিদ্ৰোহী, বিশ্বাসঘাতক। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই...

ৰেজাউল কৰিমৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিবাদ হৈছিল উজনি অসমত। কেইবাটাও জাতীয় সংগঠনে ৰেজাউল কৰিমক কংগ্ৰেছে দলৰ পৰা বহিস্কাৰ নকৰিলে উজনিত কংগ্ৰেছত বৰ্জন কৰাৰো হুংকাৰ দিছিল। 

Read More- সাৱধান! Googleত  ছাৰ্চ নকৰিব এইবোৰ বিষয়

দল-সংগঠনৰ এই হুংকাৰৰ পাছতেই কেইবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতায়ো সংখ্যালঘু নেতাজনৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছিল। আনহাতে ৰেজাউল কৰিম সৰকাৰক মুখ্যমন্ত্ৰীৰ এজেণ্ট আখ্যা দিছিল দুই জ্যেষ্ঠ কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুত্‍ বৰদলৈয়ে। 

Read More- WHO IS ৰেজাউল কৰিম সৰকাৰ? শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ

ৰেজাউলক লৈ সৃষ্টি হোৱা এই বিতৰ্কৰ পাছতেই আজি কংগ্ৰেছ দল ত্যাগ কৰিলে ৰেজাউলে। ৰেজাউলে দল ত্যাগ কৰাৰ পাছতে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহম্মদ আলি খলিফাৰ। কংগ্ৰছক সমালোচনা কৰি মহম্মদ আলি খলিফাই ক'লে- ‘কংগ্ৰেছ কেতিয়াও সংখ্যালঘুৰ আপোন হ’ব নোৱাৰে। কংগ্ৰেছ সদায় সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে কাম কৰি আহিছে।’ কংগ্ৰেছত সংখ্যালঘু মুছলমানৰ স্থান নাই। কংগ্ৰেছে কেৱল মাত্ৰ মুছলমানক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। ৰেজাউল কৰিমে সেইদিনা কোনোধৰণৰ অসম বিৰোধী কথা কোৱা নাছিল। কংগ্ৰেছৰ নেতাসকলেও ৰেজাউল কৰিমৰ পক্ষত থিয় নিদি কেৱল মাত্ৰ ৰেজাউল কৰিম সৰকাৰৰ বিৰোধিতা কৰিলে। গতিকে কংগ্ৰেছত থকা সংখ্যালঘু নেতাসকলে সংখ্যালঘু জাতিৰ স্বাৰ্থত শীঘ্ৰেই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিব লাগে মন্তব্য কৰে মহম্মদ আলি খলিফাই।

Advertisment
Advertisment