Assamese'কোনো পাকিস্তানী এজেণ্টৰ ওচৰত অসমীয়াই আত্মসমৰ্পণ নকৰে'- মুখ্যমন্ত্ৰী'আজিৰ অসম অত্যন্ত আত্মবিশ্বাসী অসম, কাৰো ৰঙা চকুলৈ ভয় নকৰা অসম। কোনো ‘অচিনাকি'য়ে ৰঙা চকু দেখুৱাবলৈ চেষ্টা কৰিলে তেনে লোকক ডেৰ লাখ বিঘা ভূমিৰ পৰা উচ্ছেদ কৰি মৰণপণ যুঁজ দিবলৈ সাজু হোৱা অসম৷ Mrinmoy Talukdar Jan 18, 2026 22:03 ISTFile Photo'কোনো পাকিস্তানী এজেণ্টৰ ওচৰত অসমীয়াই আত্মসমৰ্পণ নকৰে'- মুখ্যমন্ত্ৰী'আজিৰ অসম অত্যন্ত আত্মবিশ্বাসী অসম, কাৰো ৰঙা চকুলৈ ভয় নকৰা অসম। কোনো ‘অচিনাকি'য়ে ৰঙা চকু দেখুৱাবলৈ চেষ্টা কৰিলে তেনে লোকক ডেৰ লাখ বিঘা ভূমিৰ পৰা উচ্ছেদ কৰি মৰণপণ যুঁজ দিবলৈ সাজু হোৱা অসম৷ আজিৰ অসমীয়াই কোনো পাকিস্তানৰ এজেণ্ট আৰু অচিনাকি লোকৰ ওচৰত আত্মসমৰ্পণ নকৰে। এয়া হৈছে নতুন অসমৰ স্বপ্ন'- মুখ্যমন্ত্ৰী। AdvertismentRead More- কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ স্পষ্ট বাৰ্তা গৌৰৱ গগৈৰ'আজিৰ অসমীয়াই কোনো পাকিস্তানৰ এজেণ্ট আৰু অচিনাকি লোকৰ ওচৰত আত্মসমৰ্পণ নকৰে। আজিৰ খিলঞ্জীয়াই অচিনাকি লোকক উচ্ছেদ কৰি বটদ্ৰৱাত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মান কৰিছে। কাজিৰঙাত অচিনাকি লোকক উচ্ছেদ কৰি আমি এতিয়া এলিভেটেড কৰিডৰ নিৰ্মান কৰিম। এয়া হৈছে নতুন অসমৰ স্বপ্ন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি অসমক শীৰ্ষ ৫খন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰিম। কাজিৰঙাত উদাত্ত ভাষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভাষণৰ প্ৰসংগতে অসম কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈকো টাৰ্গেট কৰি লয় মুখ্যমন্ত্ৰীয়ে'। Read More- গতা মাৰি উলিয়াই দিব লাগিছিল, কিন্তু ...! কোন হিৰো হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে?গৌৰৱ গগৈক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে কয় - 'অসম কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কাজিৰঙা এলিভেটেড কৰিড'ৰৰ বিৰোধিতা কৰিছে৷ এয়া তেওঁৰ নেতিবাচক মানসিকতাৰ পৰিচয়। তেওঁ তথা তেওঁৰ দলে জনা উচিত- আজিৰ অসমীয়াই নতুন অসমৰ স্বপ্ন দেখে। আজিৰ অসমীয়াই কোনো পাকিস্তানৰ এজেণ্টৰ ওচৰত কিম্বা ‘অচিনাকি’ লোকৰ ওচৰত আত্মসমৰ্পণ নকৰে৷ অসমীয়াই আজি অচিনাকি মানুহৰ মাটি উচ্ছেদ কৰি বটদ্ৰৱা থানত শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ, এলিভেটেড কৰিড'ৰ আদি প্রকল্পৰ ৰূপায়ণ কৰে'।Read More- গৌৰৱ গগৈ জাতিদ্ৰোহী, বিশ্বাসঘাতক। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই...লগতে মুখ্যমন্ত্ৰীয়ে কয় যে - 'এতিয়া আমি সাহসী আৰু আত্মবিশ্বাসী অসমীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমে ছেমিকণ্ডাক্টৰ লাভ কৰিছে। প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদত অসমীয়াই আজি নিজৰ জাতিৰ স্বাভিমান ৰক্ষা কৰিবলৈ শিকিছে। এতিয়া আমি অসমীয়াই এটা অটল, আত্মবিশ্বাসী জাতিত পৰিণত হৈছো। আজিৰ অসমীয়াক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে। অসমীয়াক যদি কোনোবাই ৰঙা চকু দেখুৱায় বা দেখুৱাবলৈ চেষ্টা কৰে তেন্তে সেইসকলৰ বিৰুদ্ধে আমি মৰণপণ যুঁজ দিবলৈ আমি সাজু আছো'।AdvertismentAdvertisment Read the Next Article