Assameseশিখা শৰ্মাক গ্ৰেপ্তাৰঅসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ। অসম আৰক্ষীৰ ক্ৰাইমব্ৰান্সে গ্ৰেপ্তাৰ কৰিলে বিতৰ্কিত মহিলাগৰাকীক। গুৱাহাটীৰ পাথৰকুঁৱেৰীৰ নীলাচল এপাৰ্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰে শিখা শৰ্মাক।Jyotiprasad Sarma Jan 19, 2026 18:16 ISTশিখা শৰ্মাক গ্ৰেপ্তাৰ Photograph: (DY365)শিখা শৰ্মাক গ্ৰেপ্তাৰদুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণঅসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ। অসম আৰক্ষীৰ ক্ৰাইমব্ৰান্সে গ্ৰেপ্তাৰ কৰিলে বিতৰ্কিত মহিলাগৰাকীক। গুৱাহাটীৰ পাথৰকুঁৱেৰীৰ নীলাচল এপাৰ্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰে শিখা শৰ্মাক। গৰিমা শইকীয়া গাৰ্গে শিখা শৰ্মাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। জুবিন গাৰ্গ ফেন ক্লাবেও শিখা শৰ্মাৰ বিৰুদ্ধে দিছিল গোচৰ। Advertismentপ্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ কুৰুচিপূৰ্ণ মন্তব্য কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ। বিতৰ্কিত মহিলা শিখা শৰ্মাক দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। অসম আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিলে বিতৰ্কিত মহিলা শিখা শৰ্মাক। গুৱাহাটীৰ পাথৰকুঁৱেৰীৰ নীলাচল এপাৰ্টমেণ্টৰ পৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰে ক্ৰাইমব্ৰান্সে। Also Read: ক্ৰাইম ব্ৰান্সে আটক কৰিলে শিখা শৰ্মাকশিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছিল গৰিমা শইকীয়া গাৰ্গে। BNSৰ ১৫২/১৯৬/২৯৯/৩৫১/৩৫২/৩৫৩/৩৫৬ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছিল শিখা শৰ্মাৰ বিৰুদ্ধে। গ্ৰেপ্তাৰৰ পূৰ্বে ফেচবুক পোষ্ট ডিলিট কৰে শিখা শৰ্মাই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত সামাজিক মাধ্যমত দিয়া আপডেট ডিলিট কৰিলে শিখা শৰ্মাই। AdvertismentAlso Read: 'দম আছে যদি DC, ADCক লৈ আহ'! গৰুখুঁটিত খিলঞ্জীয়াক ভাবুকিসামাজিক মাধ্যমত বিতৰ্কিত মহিলা শিখা শৰ্মাই জুবিন গাৰ্গ, জুবিন গাৰ্গৰ পৰিয়ালৰ বিৰুদ্ধে কৰিছিল বিৰূপ মন্তব্য। জুবিনৰ মৃত্যুৰে নাম সাঙোৰ খোৱা ৫ অভিযুক্তক নিৰ্দোষী বুলি সামাজিক মাধ্যমত মন্তব্য কৰিছিল শিখা শৰ্মাই। ইটোৰ পিছত সিটো অভিযোগেৰে কৰিছিল জুবিন গাৰ্গৰ চৰিত্ৰহনন। আনকি গৰিমা শইকীয়া গাৰ্গ, জুবিনৰ ভগ্নী পামী বৰঠাকুৰৰ বিৰুদ্ধেও কৰিছিল বিৰূপ মন্তব্য। জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰকো সমালোচনা কৰিছিল শিখা শৰ্মাই। সামাজিক মাধ্যমত শিখা শৰ্মাই কৰা পোষ্টক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। শিখা শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাতো গোচৰ। জুবিন ফেনক্লাৱে শিখা শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰে এজাহাৰ। বিগত কেইবাদিন ধৰি জুবিন গাৰ্গক লৈ শিখা শৰ্মাই কৰি আহিছিল বিৰূপ মন্তব্য। জুবিন গাৰ্গৰ চৰিত্ৰকলৈয়ো কেইবাটাও ফেচবুক পোষ্ট দিছিল শিখা শৰ্মাই। হত্যাৰ অভিযুক্তসকলৰ কোনো দোষ নাই বুলিও মন্তব্য কৰি আহিছে শিখাই। Read More AdvertismentAdvertisment Read the Next Article