Assameseক্ৰাইম ব্ৰান্সে আটক কৰিলে শিখা শৰ্মাকবিতৰ্কিত মহিলা শিখা শৰ্মাক আটক। ক্ৰাইম ব্ৰান্সে আটক কৰিলে শিখা শৰ্মাক। গুৱাহাটীৰ পাথৰকুঁৱেৰীৰ নীলাচল এপাৰ্টমেণ্টৰ পৰা শিখা শৰ্মাক আটক। মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল গৰিমা গাৰ্গে।Jyotiprasad Sarma Jan 19, 2026 16:29 ISTক্ৰাইম ব্ৰান্সে আটক কৰিলে শিখা শৰ্মাক Photograph: (DY365)ক্ৰাইম ব্ৰান্সে আটক কৰিলে শিখা শৰ্মাকবিতৰ্কিত মহিলা শিখা শৰ্মাক আটক। ক্ৰাইম ব্ৰান্সে আটক কৰিলে শিখা শৰ্মাক। গুৱাহাটীৰ পাথৰকুঁৱেৰীৰ নীলাচল এপাৰ্টমেণ্টৰ পৰা শিখা শৰ্মাক আটক। মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল গৰিমা গাৰ্গে। Advertismentসোমবাৰে বিতৰ্কিত মহিলা শিখা শৰ্মাক আটক কৰে অসম আৰক্ষীৰ অপৰাধ শাখাই। গুৱাহাটীৰ পাথৰকুঁৱেৰীৰ নীলাচল এপাৰ্টমেণ্টৰ পৰা শিখা শৰ্মাক আটক। শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছিল গৰিমা শইকীয়া গাৰ্গে। BNSৰ ১৫২/১৯৬/২৯৯/৩৫১/৩৫২/৩৫৩/৩৫৬ ধাৰাৰ অধীনত গোচৰ ৰুজু শিখা শৰ্মাৰ বিৰুদ্ধে। Also Read: জাতিটোক বিপদৰ মুখলৈ ঠেলি দিছে কংগ্ৰেছে! গৰজি উঠিল আছুৰ সাধাৰণ সম্পাদকসামাজিক মাধ্যমত বিতৰ্কিত মহিলা শিখা শৰ্মাই জুবিন গাৰ্গ, জুবিন গাৰ্গৰ পৰিয়ালৰ বিৰুদ্ধে কৰিছিল বিৰূপ মন্তব্য। জুবিনৰ মৃত্যুৰে নাম সাঙোৰ খোৱা ৫ অভিযুক্তক নিৰ্দোষী বুলি সামাজিক মাধ্যমত মন্তব্য কৰিছিল শিখা শৰ্মাই। ইটোৰ পিছত সিটো অভিযোগেৰে কৰিছিল জুবিন গাৰ্গৰ চৰিত্ৰহনন। আনকি গৰিমা শইকীয়া গাৰ্গ, জুবিনৰ ভগ্নী পামী বৰঠাকুৰৰ বিৰুদ্ধেও কৰিছিল বিৰূপ মন্তব্য। জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰকো সমালোচনা কৰিছিল শিখা শৰ্মাই। সামাজিক মাধ্যমত শিখা শৰ্মাই কৰা পোষ্টক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। Also Read: 'কোনো পাকিস্তানী এজেণ্টৰ ওচৰত অসমীয়াই আত্মসমৰ্পণ নকৰে'- মুখ্যমন্ত্ৰীশিখা শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাতো গোচৰ। জুবিন ফেনক্লাৱে শিখা শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰে এজাহাৰ। বিগত কেইবাদিন ধৰি জুবিন গাৰ্গক লৈ শিখা শৰ্মাই কৰি আহিছিল বিৰূপ মন্তব্য। জুবিন গাৰ্গৰ চৰিত্ৰকলৈয়ো কেইবাটাও ফেচবুক পোষ্ট দিছিল শিখা শৰ্মাই। হত্যাৰ অভিযুক্তসকলৰ কোনো দোষ নাই বুলিও মন্তব্য কৰি আহিছে শিখাই। Also Read: অথলে গ'ল কোহলীৰ শতক, ভাৰতৰ মাটিত প্ৰথমটো এদিনীয়া শৃংখলা জয় নিউজিলেণ্ডৰAdvertismentAdvertisment Read the Next Article