Assameseভাইৰেল পত্ৰই লগাইছে তোলপাৰ! গোচৰ ৰুজু সৰ্বানন্দ সোণোৱালৰএখন ভাইৰেল পত্ৰই তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত। কোনে সৰ্বানন্দ সোণোৱালৰ চহী জাল কৰি ভাইৰেল কৰিলে পত্ৰ? কি আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভুৱা পেড ব্যৱহাৰ কৰি লিখা পত্ৰত? ক্ষুণ্ণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিল্লীত ৰুজু কৰিছে গোচৰ।Mrinmoy Talukdar Jan 19, 2026 21:47 ISTFile Photoভাইৰেল পত্ৰই লগাইছে তোলপাৰ! গোচৰ ৰুজু সৰ্বানন্দ সোণোৱালৰএখন ভাইৰেল পত্ৰই তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত। কোনে সৰ্বানন্দ সোণোৱালৰ চহী জাল কৰি ভাইৰেল কৰিলে পত্ৰ? কি আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভুৱা পেড ব্যৱহাৰ কৰি লিখা পত্ৰত? ক্ষুণ্ণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিল্লীত ৰুজু কৰিছে গোচৰ।AdvertismentRead More- ক্ৰাইম ব্ৰান্সে আটক কৰিলে শিখা শৰ্মাককেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চহী থকা এখন বিশেষ পত্ৰ। এই পত্ৰখনে তোলপাৰ লগাইছে অসমৰ সামাজিক লগতে ৰাজনৈতিক মহল। তাৰ পাছতেই এই ভাইৰেল পত্ৰ সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। জনসাধাৰণ আৰু সংবাদ মাধ্যমক এনে প্ৰৱঞ্চনামূলক বিষয়ত ভোল নাযাবলৈ বা প্ৰচাৰ নকৰিবলৈ আহ্বান জনাই সোণোৱালে ক'লে- ন্যস্ত স্বাৰ্থজড়িত মহলে ভুল তথ্য বিয়পাই সাংবিধানিক পদমৰ্যাদাক বদনাম কৰিবলৈ পাকে-প্ৰকাৰে চলোৱা ই এক প্ৰচেষ্টা।Read More- কি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহাসামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লিখিছে- মোৰ দৃষ্টিগোচৰ হৈছে যে, মোৰ চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ থকা এখন চিঠি দুষ্কৃতিকাৰীয়ে কু-অভিপ্ৰায়েৰে প্ৰচাৰ কৰি আছে। এয়া উদ্দেশ্য প্ৰণোদিতভাৱে কৰা জালিয়াতি আৰু চৰকাৰী পৰিচয়ৰ অপব্যৱহাৰৰ সৈতে জড়িত এক গুৰুতৰ অপৰাধ। ইয়াৰ জৰিয়তে ন্যস্ত স্বাৰ্থজড়িত মহলে ভুল তথ্য বিয়পাই সাংবিধানিক পদমৰ্যাদাক বদনাম কৰিবলৈ পাকে-প্ৰকাৰে প্ৰচেষ্টা চলাইছে। Read More- জাতিটোক বিপদৰ মুখলৈ ঠেলি দিছে কংগ্ৰেছে! গৰজি উঠিল আছুৰ সাধাৰণ সম্পাদকএই বিষয়ত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে, আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহক অগ্ৰাধিকাৰ ভিত্তিত গোচৰটোৰ তদন্ত আগবঢ়াই দায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। Read More- 'দম আছে যদি DC, ADCক লৈ আহ'! গৰুখুঁটিত খিলঞ্জীয়াক ভাবুকিউক্ত চিঠিখন আৰু ইয়াৰ বিষয়বস্তু সম্পূৰ্ণ ভুৱা আৰু জনমানসত মোক হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যৰে লিখা হৈছে। জনসাধাৰণ আৰু সংবাদ মাধ্যমক এনে প্ৰৱঞ্চনামূলক বিষয়ত ভোল নাযাবলৈ বা প্ৰচাৰ নকৰিবলৈ আৰু কেৱল চৰকাৰী উৎসৰ জৰিয়তেহে তথ্য পৰীক্ষা কৰিবলৈ অনুৰোধ জনালোঁ।Read More- কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ স্পষ্ট বাৰ্তা গৌৰৱ গগৈৰআনহাতে এই বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া দিছে মন্ত্ৰী পিযুষ হাজৰিকাই। পিযুষ হাজৰিকাই সামাজিক মাধ্যমত লিখিছে- 'কংগ্ৰেছৰ মিঞা আইটি চেলৰ নিকৃষ্ট কাণ্ড উন্মোচন...কংগ্ৰেছৰ মিঞা আইটি চেলৰ এটি গোটে কেনেদৰে ভাৰত চৰকাৰৰ নকল লেটাৰহেড জাল কৰি ভুৱা বাতৰি নিজৰ WhatsApp গোটসমূহত প্ৰচাৰ কৰিছিল, তাৰ অধিক প্ৰমাণ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ।BNS ধাৰা ২৭৪ আৰু Emblems Act, 1950 অনুসৰি এয়া এক জামিনবিহীন অপৰাধ, যাৰ বাবে সৰ্বোচ্চ ১০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ বিধান আছে। ৰাষ্ট্ৰীয় প্ৰতীকচিহ্ন জড়িত থকাৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহেও এই কাণ্ডৰ তদন্ত কৰিব পাৰে। এই কাণ্ডত জড়িত প্ৰত্যেকজনকে অসম আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। এই সুযোগতে ক্ৰমান্বয়ে ধ্বংসৰ গৰাহলৈ গৈ থকা কংগ্ৰেছ দলৰ ভুৱা বাতৰি প্ৰচাৰৰ দৰে এই নিকৃষ্ট ষড়যন্ত্ৰ উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা আমাৰ শক্তিশালী কাৰ্যকৰ্তাসকলৰ নেটৱৰ্কক লৈ গৌৰৱ অনুভৱ কৰিছোঁ। কংগ্ৰেছৰ মিঞা আইটি চেলে এনে নিকৃষ্ট কাণ্ডৰ প্ৰত্যুত্তৰ অতিশীঘ্ৰে আইনী প্ৰক্ৰিয়াৰে লাভ কৰিব'।AdvertismentAdvertisment Read the Next Article