Assameseহিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ নেত্ৰীউদুলি-মুদুলি হৈ পৰিছে ৰাজীৱ ভৱনৰ বাকৰি। ২০ জানুৱাৰীত অন্ত পৰিব কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভৰ আৱেদন দাখিলৰ দিন। সেয়ে ঢাক ঢোল, বেণ্ড পাৰ্টি লৈ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰে ভৰি পৰিছে ৰাজীৱ ভৱন। Mrinmoy Talukdar Jan 19, 2026 21:43 ISTFile Photoহিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ নেত্ৰীAdvertismentমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ সাজু হৈছে এগৰাকী কংগ্ৰেছ নেত্ৰী। জালুকবাৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট বিচাৰি দলীয় আবেদন দাখিল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বিদিশা নেওগৰ। দলীয় আবেদন দাখিল কৰি বিদিশা নেওগে ক'লে- মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো আৰু '২৬ৰ নিৰ্বাচনত গৌৰৱ গগৈৰ নেতৃত্বত বৰ অসমৰ পৰিকল্পনাৰে আমি আগবাঢ়িছো।Read More- গতা মাৰি উলিয়াই দিব লাগিছিল, কিন্তু ...! কোন হিৰো হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে?উদুলি-মুদুলি হৈ পৰিছে ৰাজীৱ ভৱনৰ বাকৰি। ২০ জানুৱাৰীত অন্ত পৰিব কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভৰ আৱেদন দাখিলৰ দিন। সেয়ে ঢাক ঢোল, বেণ্ড পাৰ্টি লৈ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰে ভৰি পৰিছে ৰাজীৱ ভৱন। বৰ্তমান সময়লৈকে ১২৬টা সমষ্টিৰ বাবে প্ৰায় ৪ শতাধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দাখিল কৰিলে আৱেদন। এই প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলৰ মাজত ভূমুকি মাৰিলে সৰহসংখ্যক নতুন মুখে।Read More- কি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহাইয়াৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কংগ্ৰেছ নেত্ৰী বিদিশা নেওগ। দলীয় নেতা-কৰ্মীক লগত লৈ জালুকবাৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট বিচাৰি দলীয় আবেদন দাখিল কৰিলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। দলীয় আবেদন দাখিল কৰি বিদিশা নেওগে ক'লে- ৰাজনৈতিক জীৱনত প্ৰথমবাৰলৈ এনেদৰে আগবাঢ়িছো। ভালো লাগিছে, ভিতৰি ভিতৰি অলপ ভয়ো লাগিছে। কিন্তু আমাৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলৰ উতসাহ, আশীৰ্বাদ তথা অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত বৰ অসমৰ পৰিকল্পনাৰে আমি আগবাঢ়ি আহিছো। Read More- ক্ৰাইম ব্ৰান্সে আটক কৰিলে শিখা শৰ্মাকলগতে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ক'লে- বৰ্তমান সময়ত কংগ্ৰেছ দলৰ ভেঁটি যথেষ্ট শক্তিশালী। বুথ পৰ্যায়লৈকে আমাৰ কেডাৰ আছে, আমাৰ BLO সকলো সাজু হৈছে। ব্ল'ক সভাপতিসকলেও শক্তিশালীভাৱে ব্ল'কবোৰ চলাই নিছে। দলে যাকেই টিকট দিয়ে আমি সেই প্ৰাৰ্থীজনক লৈয়েই আগুৱাই যায়। আমি এইবাৰ যুঁজিম আমি জিকিম। লগতে মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো আৰু মুখ্যমন্ত্ৰীয়ে মোৰ প্ৰত্যাহ্বান গ্ৰহণো কৰিছে।AdvertismentAdvertisment Read the Next Article