Advertisment

মই কেতিয়াও ভবা নাছিলো, মই এনে এখন অসমৰ...। মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ

ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। যোৱা ৫টা বছৰে অসমৰ জনতাই আন্দোলন আৰু সন্ত্ৰাসবাদৰ পৰা দূৰত থাকি মুখ্যমন্ত্ৰীক ৰাজ্যখন পৰিচালনাৰ সুযোগ দিয়া বাবে অসমবাসীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ।

 File Photo
File Photo

মই কেতিয়াও ভবা নাছিলো, মই এনে এখন অসমৰ...। মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ

দেশজুৰি উলহ-মালহেৰে পালন কৰা হয় ৭৭সংখ্যক গণৰাজ্য দিৱস। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ডিব্ৰুগড়ৰ খনিকৰৰ খেলপথাৰত দ্বিতীয়বাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰীয়ে। 

Advertisment

Read More- কংগ্ৰেছৰ চৰকাৰ হলে মিঞাই দখল কৰিব দিছপুৰ-মুখ্যমন্ত্ৰী

গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। মুখ্যমন্ত্ৰীয়ে ক'লে- 'যোৱা ৫টা বছৰে অসমৰ জনতাই আন্দোলন আৰু সন্ত্ৰাসবাদৰ পৰা দূৰত থাকি অসমৰ জনতাই মোক এনে এখন অসম পৰিচালনাৰ সুযোগ দিলে তাৰ কল্পনা মই কেতিয়াও কৰিব পৰা নাছিলো। ছাত্ৰ ৰাজনীতি আৰম্ভ কৰাৰ সময়ত মই কেতিয়াও ভবা নাছিলো মই এনে এখন অসমৰ মুখ্যমন্ত্ৰী হ'ম যি খন অসমত বোমা বিস্ফোৰণ নহয়।  মই কেতিয়াও ভবা নাছিলো মই এনে এখন অসমৰ মুখ্যমন্ত্ৰী হ'ম যি খন অসমত আমি ছেমি কণ্ডাক্টৰৰ সপোন দেখিব পাৰিম। মই ভবা নাছিলো যে আমাৰ যুৱক-যুৱতীয়ে এটকাও নিদিয়াকৈ কেতিয়াবা চাকৰি লাভ কৰিব, মই ভবা নাছিলো যে আমাৰ অসমখনে কেতিয়াবা ভাৰতবৰ্ষৰ ভিতৰতে এখন বিকশিত আৰু অগ্ৰগামী ৰাজ্য হিচাপে পৰিচয় লাভ কৰিব'।

Read More- মিঞাক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

'অসমৰ যাতে কোনা যুৱক হতাশাৰ স্বীকাৰ হ'ব নালাগে, দুৰ্নীতিৰ কৰাল গ্ৰাসত পৰি সন্ত্ৰাসবাদক লিপ্ত হ'ব নালাগে এয়া আছিল আমাৰ চৰকাৰখনৰ আটাইতকৈ ডাঙৰ প্ৰচেষ্টা। নিৰ্বাচনৰ সময়ত মই ৰাইজক কৈছিলো, অসমত যদি বিজেপিৰ চৰকাৰ গঠন হয় তেনেহলে আমি ১ লাখ যুৱকক চৰকাৰী চাকৰি দিম। কিন্তু আজি ৫টা বছৰ পাছত আমি গৌৰৱেৰে কব পাৰো যে কেৱল ১ লাখ যুৱকক চৰকাৰী চাকৰি দিয়াই নহয়, আমি ১ লাখ যুৱকক স্বচ্ছতাৰে নিযুক্তি দিছো। এতিয়া আৰু অসমত চৰকাৰী চাকৰিৰ বাবে টকাৰ ব্যৱসায় কৰিব নালাগে'।

Read More- নিষিদ্ধ হ'ল গুটখা, পাণমচলা, ধঁপাতজাতীয় সামগ্ৰী

'পূৰ্ববংগীয় মুছলমান সকলৰ উপস্থিতিয়ে আমাৰ ৰাজ্যৰ জনজীৱনৰ ওপৰত এক বিশাল অস্তিত্বৰ প্ৰশ্ন আনি দিছে। ২০২৭ৰ লোকপিয়লত পূৰ্ববংগীয় মুছলমানৰ সংখ্যা ৪০ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বৰ্তমান অসমৰ ১২ খনকৈ জিলাত হিন্দুসকল সংখ্যালঘুত পৰিণত হৈছে। এই অচিনাকী লোকসকলৰ হাতত অসমৰ প্ৰায় ৬৩ লাখ ৫৮ হাজাৰ ভূমি হস্তান্তৰিত হৈছে। আমাৰ চৰকাৰৰ পূৰ্বৰ চৰকাৰসমূহে এই অচিনাকী লোকৰ পৰা মাটি বেদখলমুক্ত কৰিবলৈ চেষ্টা নকৰিলে। কিন্তু ২০২১ত আমাৰ চৰকাৰ অহাৰ পাছত আমি প্ৰতিজ্ঞাবদ্ধ হৈছিলো যে আমি মৰণপণ যুঁজ দি হলেও বেদখলকাৰীৰ পৰা ভুমি বেদখলমুক্ত কৰিম। আৰু এতিয়া আমি ডেৰ লাখতকৈ অধিক মাটি বেদখলমুক্ত কৰিছো'।

Advertisment
Advertisment