Advertisment

নিষিদ্ধ হ'ল গুটখা, পাণমচলা, ধঁপাতজাতীয় সামগ্ৰী

নিষিদ্ধ হ'ল গুটখা, পাণমচলা, ধঁপাতজাতীয় সকলোধৰণৰ সামগ্ৰীক লৈ বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে। জনস্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনত গুটখা, পাণমচলা, ধঁপাতজাতীয় সামগ্ৰীৰ উৎপাদন, বিক্ৰীকে ধৰি আমদানি-ৰপ্তানি বন্ধ কৰিলে চৰকাৰে। 

 নিষিদ্ধ হ'ল গুটখা, পাণমচলা, ধঁপাতজাতীয় সামগ্ৰী Photograph: (DY365)
নিষিদ্ধ হ'ল গুটখা, পাণমচলা, ধঁপাতজাতীয় সামগ্ৰী Photograph: (DY365)

চৰকাৰে ল’লে বৃহৎ সিদ্ধান্ত

নিষিদ্ধ হ'ল গুটখা, পাণমচলা, ধঁপাতজাতীয় সামগ্ৰী

নিষিদ্ধ হ'ল গুটখা, পাণমচলা, ধঁপাতজাতীয় সকলোধৰণৰ সামগ্ৰীক লৈ বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে। জনস্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনত গুটখা, পাণমচলা, ধঁপাতজাতীয় সামগ্ৰীৰ উৎপাদন, বিক্ৰীকে ধৰি আমদানি-ৰপ্তানি বন্ধ কৰিলে চৰকাৰে। 

Advertisment

গুটখা, পাণমচলা, ধঁপাতজাতীয় সামগ্ৰীক লৈ ওড়িশা চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত। চৰকাৰে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনত গুটখা, পাণমচলা, ধঁপাতজাতীয় সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে এক অধিসূচনা। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে। ওড়িশাত অবৈধভাৱে কোনেও বিক্ৰী কৰিব নোৱাৰিব গুটখা, পাণমচলাকে ধৰি ধঁপাতজাতীয় সকলো ধৰণৰ সামগ্ৰী।  

Also Read: আমাৰ হাতত ক্ষমতা নাই! ৰাজ্যিক বিজেপিয়ে কাকো টিকট দিব নোৱাৰে - দিলীপ শইকীয়া

উল্লেখ্য যে, গুটখা, পাণমচলাকে ধৰি সকলো ধঁপাতজাতীয় সামগ্ৰী স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। পাণমচলা, ধঁপাতজাতীয় সকলোধৰণৰ সামগ্ৰী সেৱন কৰাটো কৰ্কট ৰোগৰ এটা প্ৰধান কাৰণ। ইপিনে এই পাণ মচলা, ধঁপাতৰ দৰে সামগ্ৰীও স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। গুটখা বা পাণমচলাত যি ধৰণৰ ৰাসায়নিক দ্ৰব্য মিহলোৱা হয়, সেই ৰাসায়নিক দ্ৰব্যই মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ বেয়া প্ৰভাৱ পেলাই যাৰ ফলত মানুহৰ স্বাস্থ্যৰ অধিক ক্ষতি হয় আৰু বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখা যায়। বিশেষকৈ আমাৰ যুৱ প্ৰজন্ম এই ধৰণৰ সামগ্ৰী সেৱনৰ ফলত ধ্বংসৰ দিশে গতি কৰাৰ খবৰো পোহলৈ সঘনাই আহে। এনেধৰণৰ বিভিন্ন কাৰণত ওড়িশা চৰকাৰে নিষিদ্ধ কৰিলে সকলো ধৰণৰ নিচাজাতীয় সামগ্ৰী।  

Also Read: সৰস্বতী পূজাৰ দিনাই শোকাৱহ ঘটনা

কেন্দ্ৰীয় চৰকাৰে ২০২৬ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ধঁপাত জাতীয় সামগ্ৰীৰ ওপৰত কঠোৰ কৰ ব্যৱস্থা আৰোপ কৰিবলৈ সাজু হোৱাৰ সময়তে ওড়িশা চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে।

Advertisment
Advertisment