Assameseকফিয়ে প্ৰতিৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ। জানিলে আপুনিও হ'ব আচৰিত।দৈনিক আপুনি সেৱন কৰা একাপ কফি, পুৱাৰ ভাগত যি কাপ কফিৰ সেৱনে দিনটোৰ ভাগৰ দূৰ কৰি আপোনাক সতেজ কৰি ৰাখে, সেইকাপ কফিৰ বিশেষত্ব আপুনি প্ৰকৃততে জানেনে? Bandita Saikia Oct 08, 2025 20:10 ISTকফিয়ে প্ৰতিৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ। জানিলে আপুনিও হ'ব আচৰিত। দৈনিক আপুনি সেৱন কৰা একাপ কফি, পুৱাৰ ভাগত যি কাপ কফিৰ সেৱনে দিনটোৰ ভাগৰ দূৰ কৰি আপোনাক সতেজ কৰি ৰাখে, সেইকাপ কফিৰ বিশেষত্ব আপুনি প্ৰকৃততে জানেনে? Advertismentalso read:ক'ভিদৰ পিছত এইবাৰ এমিবা ভাইৰাছৰ সন্ত্ৰাসদুইৰ পৰা তিনি কাপ কফিয়ে সলনি কৰিব পাৰে আপোনাৰ জীৱন। মাৰাত্মক ৰোগ প্ৰতিৰোধৰ ক্ষমতা আছে আপুনি সেৱন কৰা কফিত। আপুনি যদি ফেটি লিভাৰৰ দৰে ৰোগত আক্ৰান্ত তেন্তে দিনটোত দুই বা তিনিকাপ কফিৰ সেৱনে জীৱন সলনি কৰিব পাৰে আপোনাৰ । লিভাৰত জমা হোৱা চৰ্বি নোহোৱা কৰাত সহায় কৰে কফিয়ে। আপুনি যদি সঠিক পদ্ধতিত কফি খায়, তেন্তে লিভাৰৰ ৰোগ যেনে লিভাৰ চিৰ'ছিছ আৰু লিভাৰ কেঞ্চাৰৰ আশংকা কমি যায়। আনহাতে সাধাৰণ লোকৰ আয়ুসতকৈ কফিৰে সেৱনে ২ বছৰ অধিক আয়ুস বৃদ্ধিত কৰাত সহায় কৰে। আপোনাৰ দেহ আৰু মন সতেজ কৰি ৰখাত সহায় কৰে কফিয়ে। also read:ইথানলযুক্ত তেল, নিৰ্ভৰশীলতা আৰু ইয়াৰ ভবিষ্যৎআমেৰিকাৰ হেল্থ এজেঞ্চি নেচনেল ইন্সটিটিউট অৱ হেলথ (NIH) অনুসৰি, কফিত কেফেইন, ক্লোৰোজেনিক এচিড (CGA), ত্ৰাইগ'নেলিন আৰু ডাইটাৰ্পিন যেনে কেইবাটাও মৌল থাকে। কফিত পলিফিলন আৰু আৰু অন্যান্য এন্টিঅক্সিডেণ্ট থাকে যিয়ে আপোনাৰ শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰে। গৱেষণা অনুসৰি প্ৰতিদিনে কফি খোৱাটোৱে আপোনাৰ আয়ুস বৃদ্ধি কৰাত সহায় কৰে। কফিত থকা এন্টি এজিং গুণাগুণে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া হ্ৰাস কৰিব পাৰে। অৱশ্যে, অত্যাধিক কফি সেৱন কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। অত্যধিক কফি সেৱনে শৰীৰত কেফেইনৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ ফলত টোপনিৰ লগতে অন্যান্য স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। সীমিত পৰিমাণত কফি খোৱাটো স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ।AdvertismentAdvertisment Read the Next Article