Assameseক'ভিদৰ পিছত এইবাৰ এমিবা ভাইৰাছৰ সন্ত্ৰাস ক'ভিদৰ পিছত ভাৰতত এইবাৰ নতুন ভাইৰাছৰ সন্ত্ৰাস। কেৰালাত ত্ৰাসৰ সৃষ্টি কৰিছে এমিবা ভাইৰাছে। এইপৰ্যন্ত এমিবা ভাইৰাছত আক্ৰান্ত ১৯ জনৰ মৃত্যু হৈছে৷ এমিবা ভাইৰাছৰ লক্ষণসমূহ হ'ল জ্বৰ, মূৰৰ বিষ, বমি, ডিঙি জঠৰ হোৱা , বিভ্ৰান্তি, আদি।Mrinmoy Talukdar Sep 19, 2025 12:08 ISTphotofileক'ভিদৰ পিছত এইবাৰ এমিবা ভাইৰাছৰ সন্ত্ৰাসক'ভিদৰ পিছত ভাৰতত এইবাৰ নতুন ভাইৰাছৰ সন্ত্ৰাস। কেৰালাত ত্ৰাসৰ সৃষ্টি কৰিছে এমিবা ভাইৰাছে। বিগত কেইদিনমানৰ পৰা কেৰালাত এমিবা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । বৰ্তমানলৈ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি পোৱাৰ লগতে এইপৰ্যন্ত এমিবা ভাইৰাছত আক্ৰান্ত ১৯ জনৰ মৃত্যু হৈছে৷Advertismentএমিবা ভাইৰাছৰ লক্ষণসমূহ হ'ল জ্বৰ, মূৰৰ বিষ, বমি, ডিঙি জঠৰ হোৱা , বিভ্ৰান্তি, আদি। এই ভাইৰাছ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে দেহত সংক্ৰমণ হয়। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল নদী বা পুখুৰীৰ পৰা অহা দূষিত পানীৰ মাজেৰে বিয়পি নাকেৰে মগজুলৈ গৈ কেইদিনমানৰ ভিতৰতে ৰোগীক ক’মা বা মৃত্যুলৈ ঠেলি দিয়ে।লক্ষ্যণীয় যে, এই সংক্ৰমণ এজনৰ পৰা আন এজনলৈ পোনপটীয়াকৈ বিয়পি নাযায়। সাধাৰণতে দূষিত পানীৰ জৰিয়তে নাকেৰে এমিবা শৰীৰত প্ৰৱেশ কৰিলে এই ৰোগ সংক্ৰমিত হয়। ইয়াৰ পিছতে ভাইৰাছ মগজুত আক্ৰমণ কৰেকেৰেলাৰ স্বাস্থ্য মন্ত্ৰীৰ এক বিবৃতি অনুসৰি, ৰাজ্যখনে বৰ্তমান এক গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। প্ৰথমে কোজিকোড আৰু মালাপ্পুৰামৰ দৰে জিলাত সংক্ৰমনৰ তথ্য পোৱা গৈছিল যদিও এতিয়া সমগ্ৰ ৰাজ্যতে বহু লোক এমিবাত আক্ৰান্ত হৈছে। যাৰ বাবে ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া কেৰালাৰ স্বাস্থ্য বিভাগে ৰাজ্যখনত জাৰি কৰিছে হাই এলাৰ্ট।এমিবা ভাইৰাছত আক্ৰান্তৰ প্ৰায় ১৪ দিন ভিতৰত ইয়াৰ লক্ষণসমূহ দেখা দিয়ে। এই সময়ছোৱাত এমিবা নাকৰ গহ্বৰৰ মাজেৰে প্ৰৱেশ কৰি মগজুত উপনীত হয়। প্ৰথমতে লক্ষণবোৰ দেখা নাযায় যদিও ই সোনকালে শৰীৰত বিয়পি পৰে। Read the Next Article