Advertisment

ইথানলযুক্ত তেল, নিৰ্ভৰশীলতা আৰু ইয়াৰ ভবিষ্যৎ

ভাৰত চৰকাৰে উন্নয়নৰ বাবে আমদানীকৃত তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস আৰু কাৰ্বন নিগমন কমোৱাৰ বাবে ইথানল মিশ্ৰণক সক্ৰিয় ভাবে প্ৰচাৰ কৰিছে। পেট্ৰ'লৰ নামত কি ভৰাইছে আপুনি জানেনে ? আপোনাৰ দুচকীয়া বা চাৰিচকীয়া বাহনত ইথানেলযুক্ত পেট্ৰ’লে বাহনৰ ক্ষতি কৰিব নেকি?

 ইথানলযুক্ত তেল, নিৰ্ভৰশীলতা আৰু ইয়াৰ ভবিষ্যৎ

ইথানলযুক্ত তেল, নিৰ্ভৰশীলতা আৰু ইয়াৰ ভবিষ্যৎ..........

শেহতীয়া ভাৰত চৰকাৰে উন্নয়নৰ বাবে আমদানীকৃত তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস আৰু কাৰ্বন  নিগমন কমোৱাৰ বাবে ইথানল মিশ্ৰণক সক্ৰিয় ভাবে প্ৰচাৰ কৰিছে। ২০২৫-২৬ ২০২৫-২৬ ইথানল যোগান বৰ্ষৰ বাবে ইথানল উৎপাদনৰ সকলো বাধা প্ৰত্যাহাৰ কৰি ইন্ধনৰ যোগান বৃদ্ধি কৰাৰ লগতে দেশৰ অভিলাষী ইথানল মিশ্ৰণৰ লক্ষ্যক সমৰ্থন কৰিছে। চৰকাৰী মালিকানাধীন তেল কোম্পানীসমূহে ২০% মিশ্ৰণৰ লক্ষ্য পূৰণ কৰিবলৈ ইথানল ক্ৰয় ৪০% বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে, য'ত শস্যভিত্তিক উৎসৰ পৰা যথেষ্ট অংশ আহিছে।

Advertisment

কিন্তু পেট্ৰ'লৰ নামত কি ভৰাইছে আপুনি জানেনে ? আপোনাৰ দুচকীয়া বা চাৰিচকীয়া বাহনত ইথানেলযুক্ত পেট্ৰ’লে বাহনৰ ক্ষতি কৰিব। আপোনাৰ অজ্ঞাতে পেট্ৰ’লীয়াম কোম্পানীসমূহে ১০ শতাংশ পৰা ২০ শতাংশ লৈ বৃদ্ধি কৰিলে ইথালেনযুক্ত পেট্ৰ’ল। আপোনাৰো হয়টো দুচকীয়া বা চাৰিচকীয়া বাহন আছে! হয়টো আপোনাৰ গাড়ীৰ পূৰ্বকৈ মাইলেজ কমিছে ! প্ৰকৃততে পেট্ৰলৰ লগত কি মিহলি হৈ আছে আপুনি জানেনে?

এতিয়া আপোনাৰ দুচকীয়া বা চাৰিচকীয়া বাহনখনত ২০ শতাংশ ইথানল মিশ্ৰিত হৈ থকা পেট্ৰ'ল হে সোমাৱাইছে আপুনিযাৰ বাবে আপুনি পূৰ্বতকৈ নাপাব পাৰে সঠিক মাইলেজ। পেট্ৰ’ল প্ৰস্তুতকাৰী সংন্থাসমূহে ইথানল প্ৰায় ৩ বছৰ আগত ১০ শতাংশ মিশ্ৰিত কৰিছিল যদিও শেহতীয়াকৈ  সংগোপনে ১০ শতাংশৰ পৰিবৰ্তে ২০ শতাংশলৈ বৃদ্ধি কৰিছে ইথানেল মিশ্ৰিত পেট্ৰ’ল। যাৰ ফলত পুৰণি গাড়ীসমূহ  ইঞ্জিন বিকল হোৱাৰ সম্ভাৱনা প্ৰবল। দেশজুৰি লাখ লাখ গাড়ীৰ ইঞ্জিনসমূহ ইথানেলযুক্ত ইন্ধনৰ বাবে এতিয়াও প্ৰস্তুত এতিয়াও হোৱা নাই।