Assameseসৰস্বতী পূজাৰ দিনাই শোকাৱহ ঘটনাসৰস্বতী পূজাৰ দিনাই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। নৈত গা ধুবলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি ল'লে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে। শ্ৰীভূমি জিলাৰ বিদ্যানগৰ এলেকাত শোকৰ ছাঁ।Jyotiprasad Sarma Jan 23, 2026 19:25 ISTসৰস্বতী পূজাৰ দিনাই শোকাৱহ ঘটনা Photograph: (DY365)সৰস্বতী পূজাৰ দিনাই শোকাৱহ ঘটনাপানীত ডুবি কৰুণ মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰীসৰস্বতী পূজাৰ দিনাই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। নৈত গা ধুবলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি ল'লে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে। শ্ৰীভূমি জিলাৰ বিদ্যানগৰ এলেকাত শোকৰ ছাঁ।Advertismentবৃহস্পতিবাৰে শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণনগৰ সমষ্টিৰ বিদ্যানগৰত সংঘটিত হ'ল এক কৰুণ ঘটনা। মনীষা কুৰ্মী নামৰ নৱম শ্ৰেণীৰ ছাত্ৰীএগৰাকী নৈত গা ধুবলৈ গৈ মৃত্যুমুখত পৰে। ছিংলা নৈত গা ধুবলৈ গৈ পানীত ডুব যায় ছাত্ৰীগৰাকী। বিদ্যানগৰ জিপিৰ চান্নীঘাট এলেকাৰ বাসিন্দা গজাধৰ কুৰ্মীৰ কন্যা মনীষা কুৰ্মী। ছাত্ৰীগৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি পৰে শোকৰ ছাঁ। Also Read: ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ মানাহ মহোৎসৱসৰস্বতী পূজা উপলক্ষ্য পূজাৰ বাবে ফুল যোগাৰ কৰি নৈত গা ধুবলৈ যাওতে নৱম শ্ৰেণীৰ ছাত্ৰী মনীষা কুৰ্মী নৈৰ পানীত ডুব যায়। এটি সৰু ল'ৰাই ছিংলা নৈৰ পানীত ছাত্ৰীগৰাকী ডুব যোৱা দেখি খবৰ দিয়ে পিতৃক। লগে লগে পিতৃ গজাধৰ কুৰ্মী নৈৰ কাষলৈ দৌৰি যায়। ঘটনাস্থলীত গোট খায় ওচৰ-পাজৰ লোকসকল। মুহূৰ্ততে এই ঘটনাটো বিয়পি পৰে।Also Read: আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় চক্ৰ বিষয়া সৌভিক দত্ত আৰু এছ ডি আৰ এফ বাহিনীৰ জোৱানসকল। লগে লগে এছ ডি আৰ এফ বাহিনীৰ জোৱানে উদ্ধাৰ অভিযান আৰম্ভ কৰে। বহু সময় অনুসন্ধানৰ পাছত স্থানীয় ৰাইজ আৰু এছ ডি আৰ এফ বাহিনীৰ জোৱানৰ সহায়ত নৈৰ পৰা মনীষাৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্ৰীভূমিলৈ প্ৰেৰণ কৰে। এই ঘটনাই চান্নীঘাট এলেকাত গভীৰ শোকৰ ছাঁ পেলাইছে।উল্লেখযোগ্য যে. মনীষা কুৰ্মী নৱম শ্ৰেণীৰ ছাত্ৰী আছিল। সৰস্বতী পূজাৰ দিনা এই ঘটনাত বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগতে এলেকাৰ ৰাইজৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।AdvertismentAdvertisment Read the Next Article