Advertisment

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। পুৱাৰে পৰাই ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানত মংগলময় পৰিৱেশ। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, শংখধ্বনিত মুখৰিত আকাশ-বতাহ। 

 আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা Photograph: (DY365)
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা Photograph: (DY365)

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা


প্ৰতিখন শিক্ষানুষ্ঠানত মংগলময় পৰিৱেশ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। পুৱাৰে পৰাই ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানত মংগলময় পৰিৱেশ। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, শংখধ্বনিত মুখৰিত আকাশ-বতাহ। 

Advertisment

Also Read: পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। বাগদেৱীৰ বন্দনাত মুখৰ ৰাজ্যৰ স্কুল-কলেজ-বিশ্ববিদ্যালয়সমূহৰ লগতে বিভিন্ন শিক্ষা প্ৰতিষ্ঠান। শিক্ষানুষ্ঠানসমূহত উখল-মাখল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা যায়। শিক্ষাৰ্থীসকলে শিক্ষা জীৱনৰ সফলতাৰ বাবে সেৱা জনালে দেৱী সৰস্বতীৰ শ্ৰীচৰণত। সৰস্বতী পূজা উপলক্ষে সজাই-পৰাই তোলা হৈছে প্ৰতিখন শিক্ষানুষ্ঠানৰ চৌহদ।  শিক্ষানুষ্ঠানৰ চৌহদত সুন্দৰকৈ সজাই তোলা মণ্ডপৰ বেদীত বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো  গৈছে  সৰস্বতী পূজাক লৈ উখল-মাখল পৰিৱেশ।

Also Read: মন্দিৰত দুষ্কৃতিকাৰীৰ তাণ্ডৱ

প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী পূজা পতা হয়। সেইবাবে ইয়াক শ্ৰীপঞ্চমী পূজা বা বসন্ত পঞ্চমী পূজা বুলিও কয়। এই পূজা বিশেষকৈ শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰা হয়। এই দিনটোতে দেশৰ বিভিন্ন প্ৰান্তত আৰাধনা কৰা হয় মা সৰস্বতীক। বিদ্যাৰ দেৱী সৰস্বতীক পূজা কৰাৰ ফলত শিক্ষাৰ্থীৰ মনৰ কামনা পূৰণ হয়।

Also Read: গুৱাহাটী প্ৰেছ ক্লাৱৰ ক্ৰীড়া মহোত্‍সৱত উজলিল DY365

সৰস্বতী পূজা উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলে আগদিনাই মাৰ প্ৰতিমূৰ্তি শিক্ষানুষ্ঠানৰ বেদীত স্থাপন কৰে। পূজাৰ দিনা ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰকৈ বিদ্যালয়লৈ যায় আৰু মা সৰস্বতীৰ পূজাত সেৱা লয়। পূজাৰ অন্তত সকলোৱে মিলি প্ৰসাদ, ভোত-ভাত খাই আৰু পাছত মূৰ্তি বিসৰ্জন দিয়ে।

Advertisment
Advertisment