Assameseমন্দিৰত দুষ্কৃতিকাৰীৰ তাণ্ডৱদৰঙৰ মঙলদৈত কেইবাটাও মন্দিৰত দুষ্কৃতিকাৰীৰ তাণ্ডৱ। কেইবাটাও মন্দিৰৰ মূৰ্তিৰ ক্ষতিসাধন কৰে দুষ্কৃতিকাৰীয়ে। চেৰেং, গেৰীমাৰী, মোৱামাৰীৰ কেইবাটাও মন্দিৰৰ মূৰ্তি ভাঙি তচনচ কৰে।Jyotiprasad Sarma Jan 22, 2026 17:36 ISTমন্দিৰত দুষ্কৃতিকাৰীৰ তাণ্ডৱ Photograph: (DY365)মন্দিৰত দুষ্কৃতিকাৰীৰ তাণ্ডৱকেইবাটাও মন্দিৰৰ মূৰ্তিৰ ক্ষতিসাধনদৰঙৰ মঙলদৈত কেইবাটাও মন্দিৰত দুষ্কৃতিকাৰীৰ তাণ্ডৱ। কেইবাটাও মন্দিৰৰ মূৰ্তিৰ ক্ষতিসাধন কৰে দুষ্কৃতিকাৰীয়ে। চেৰেং, গেৰীমাৰী, মোৱামাৰীৰ কেইবাটাও মন্দিৰৰ মূৰ্তি ভাঙি তচনচ কৰে। পুৱা মন্দিৰত পূজা আগবঢ়াবলৈ অহা ভক্তই দেখে এই ঘটনা। মঙলদৈ আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত।AdvertismentAlso Read: উখল-মাখল জোনবিলৰ পাৰদৰঙৰ মঙলদৈত কেইবাটাও মন্দিৰত দুষ্কৃতিকাৰীৰ তাণ্ডৱ। মঙলদৈৰ দাঁতিকাষৰীয়া মোৱামাৰী, গেৰিমাৰীৰ বিভিন্ন অঞ্চলৰ বহুসংখ্যক মন্দিৰত কোনো দুস্কৃতিকাৰীয়ে প্ৰৱেশ কৰি মন্দিৰত থকা মূৰ্তিসমূহ ভাঙি লণ্ড-ভণ্ড কৰে। কেইবাটাও মন্দিৰৰ মূৰ্তিৰ ক্ষতিসাধন কৰে দুষ্কৃতিকাৰীয়ে। মঙলদৈ দাঁতিকাষৰীয়া চেৰেং, গেৰীমাৰী, মোৱামাৰীৰ কেইবাটাও মন্দিৰৰ মূৰ্তি তচনচ কৰে কোনো দুষ্কৃতিকাৰীয়ে। বিশেষকৈ কালী মন্দিৰত সংঘটিত হয় এই ঘটনা। প্ৰায় প্ৰতিটো মন্দিৰতে একে নিশাই মা কালীৰ মূৰ্তি সমূহৰ ভাঙি ছিঙি পেলাই থৈ যায়। পুৱা মন্দিৰত পূজা আগবঢ়াবলৈ অহা ভক্তই দেখে এই ঘটনা। স্থানীয় ৰাইজে লগে লগে ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষীক খবৰ কৰে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। Also Read: 'ভোটাৰৰ নাম কৰ্তন কৰিবলৈ BLOক হেঁচা', SRক লৈ কংগ্ৰেছৰ বিস্ফোৰক অভিযোগস্থানীয় লোকৰ সন্দেহ এইয়া এক পৰিকল্পিত আৰু এটা বৃহৎ দলৰ কাম। কিয়নো একে নিশাই ইমান কেইটা মন্দিৰত একেলগে মূৰ্তি ভঙা কাৰ্য এজন বা দুজনে কৰাটো সহজ নহয়। কোনো দুষ্ট চক্ৰই অসৎ উদ্দেশ্যেৰে এনে কাম কৰিবও পাৰে বুলি সন্দেহ স্থানীয় লোক সকলৰ। উল্লেখ্য যে, আৰক্ষীৰ প্ৰকৃত তদন্তৰ অন্তত হে ওলাই পৰিব কোনে কি কাৰণত মঙলদৈত একাধিক মন্দিৰত সংঘটিত কৰিলে এই অনাকাংক্ষিত ঘটনা। AdvertismentAdvertisment Read the Next Article