Assamese'ভোটাৰৰ নাম কৰ্তন কৰিবলৈ BLOক হেঁচা', SRক লৈ কংগ্ৰেছৰ বিস্ফোৰক অভিযোগভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বিশেষ সম্প্ৰদায়ৰ নাম। অদৃশ্য লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে প্ৰকৃত ভোটাৰৰ নাম। প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা প্ৰায় ৭০/৮০ জনকৈ ভোটাৰৰ নাম কৰ্তন কৰা বুলি কংগ্ৰেছ কৰ্মীৰ অভিযোগ। Mrinmoy Talukdar Jan 21, 2026 13:40 ISTFile Photo'ভোটাৰৰ নাম কৰ্তন কৰিবলৈ BLOক হেঁচা', SRক লৈ কংগ্ৰেছৰ বিস্ফোৰক অভিযোগSRক হাথিয়াৰ কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বিশেষ সম্প্ৰদায়ৰ লোকৰ নাম। একাংশ অদৃশ্য লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে প্ৰকৃত ভোটাৰৰ নাম। সংখ্যালঘু অধ্যুষিত অঞ্চলৰ প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা প্ৰায় ৭০/৮০ জনকৈ ভোটাৰৰ নাম কৰ্তন কৰা বুলি কংগ্ৰেছ কৰ্মীৰ গুৰুতৰ অভিযোগ। Read More- কি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহাAdvertismentSRক লৈ উত্তৰ কাটিগঢ়া, কৰিমগঞ্জ আৰু পাথাৰকান্দি বিধানসভা সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ গুৰুতৰ অভিযোগ। সংখ্যালঘু অধ্যুষিত অঞ্চলৰ প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবলৈ BLOক হেঁচা দিয়া হৈছে বুলি অভিযোগ আনিছে কংগ্ৰেছ কৰ্মীয়ে। এই অভিযোগেৰে চক্ৰ বিষয়াৰ জৰিয়তে কাটিগড়া বিধানসভা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াক স্মাৰক পত্ৰ কংগ্ৰেছ কৰ্মীৰ।Read More- 'কোনো পাকিস্তানী এজেণ্টৰ ওচৰত অসমীয়াই আত্মসমৰ্পণ নকৰে'- মুখ্যমন্ত্ৰীভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ (SR) নামত ভোটাৰৰ নাম কৰ্তনৰ পৰিকল্পনা চলি থকাৰ অভিযোগ কাটিগড়া কংগ্ৰেছৰ। মঙলবাৰে এই অভিযোগ উত্থাপন কৰি চক্ৰ বিষয়াৰ জৰিয়তে কাটিগড়া বিধানসভা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে কংগ্ৰেছ কৰ্মীয়ে। একেধৰণৰ অভিযোগ উত্থাপন কৰিছে কালাইনৰ সমাজকৰ্মী জমিলা বেগমেও। সমগ্ৰ ৰাজ্যৰ লগতে কাটিগড়া বিধানসভা সমষ্টিতো বৰ্তমান ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া চলি আছে। অভিযোগ অনুসৰি, SR প্ৰক্ৰিয়াটোক হাথিয়াৰ কৰি এটা বিশেষ সম্প্ৰদায়ৰ ভোটাৰৰ নাম কৰ্তন কৰিবলৈ ৰাজ্যত তৎপৰতা আৰম্ভ হৈছে। এই সন্দৰ্ভত চক্ৰ বিষয়া যাত্ৰা কৰ্মকাৰক সাক্ষাৎ কৰে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে। Read More- কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ স্পষ্ট বাৰ্তা গৌৰৱ গগৈৰসংবাদ মাধ্যমৰ সম্মুখত ব্লক কংগ্ৰেছৰ সভাপতি হোছেইন আহমদ চৌধুৰীয়ে কয় যে, সম্পূৰ্ণ ভুৱা অভিযোগৰ ভিত্তিত এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ নাম কৰ্তন কৰিবলৈ এটা চক্ৰ সক্ৰিয় হৈ পৰিছে। ইয়াৰ অংশ হিচাপে বহুতো ভিত্তিহীন অভিযোগ দাখিল কৰা হৈছে আৰু সেইবোৰৰ ওপৰত ভিত্তি কৰি নাম কৰ্তন কৰিবলৈ বি এল অ’ (BLO) সকলৰ ওপৰত চাপ সৃষ্টি কৰা হৈছে। তেওঁ ইয়াক চৰকাৰৰ ৰাজনৈতিক অভিসন্ধি বুলি অভিহিত কৰি বিষয়টোত নিৰ্বাচন আয়োগৰ হস্তক্ষেপ বিচাৰিছে।Read More- কংগ্ৰেছত সংখ্যালঘুৰ স্থান নাই! কংগ্ৰেছত থকা সংখ্যালঘু নেতাসকলে শীঘ্ৰেই পদত্যাগ কৰকইপিনে SR লৈ এনে গুৰুতৰ অভিযোগ উত্থাপন কৰি কাটিগড়াৰ সমাজকৰ্মী জমিলা বেগমে কয় যে কুৰকুৰি জিপিৰ ধুমকৰ গাঁৱৰ প্ৰায় ১৫০ৰ পৰা ২০০ জন ভোটাৰৰ নাম সন্দেহজনক হিচাপে চিহ্নিত কৰা হৈছে। কাৰ অভিযোগৰ ভিত্তিত এই নামসমূহ সন্দেহজনক তালিকালৈ পঠোৱা হ’ল, সেই অভিযোগকাৰীৰ পৰিচয় ৰাজহুৱা কৰিব লাগে। লগতে সাধাৰণ ৰাইজক এনেদৰে হাৰাশাস্তি নকৰি এখন নিকা আৰু ত্ৰুটিমুক্ত ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈওনিৰ্বাচন আয়োগক আহ্বান জনায়।AdvertismentAdvertisment Read the Next Article