Assameseউখল-মাখল জোনবিলৰ পাৰউখল-মাখল এতিয়া জোনবিলৰ পাৰ। বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা। এই জোনবিল মেলাত দেখিবলৈ পোৱা যায় পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন। Jyotiprasad Sarma Jan 22, 2026 16:44 ISTউখল-মাখল জোনবিলৰ পাৰ Photograph: (DY365)উখল-মাখল জোনবিলৰ পাৰউখল-মাখল এতিয়া জোনবিলৰ পাৰ। বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা। মধ্য অসমৰ তিৱা সকলৰ প্ৰাচীন এই সাংস্কৃতিক পৰম্পৰা প্ৰায় চৈধ্যশ শতিকাৰ পৰাই এই জোনবিলৰ পাৰত চলি আহিছে। গোভা দেউৰজা জোনবিল মেলা সমিতিৰ উদ্যোগত বিভিন্ন জাতি, জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি হৈ পৰা এই জোনবিল মেলাত দেখিবলৈ পোৱা যায় পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন। বৃহস্পতিবাৰে পুৱাই গোভা ৰজাৰ দেওশাল শিৱথানত মাংগলিক পৰ্বৰে শুভাৰম্ভ মেলাৰ কাৰ্যসূচী। মেলা উপলক্ষে উদ্যোক্তা সকলে লক্ষাধিক দৰ্শনাৰ্থীক আদৰিবলৈ সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মেলাথলীত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে।AdvertismentAlso Read: মূকাভিনয়ত পাৰদৰ্শিতা, ৰুজীলৈ 'Young Talent Artist' বঁটা বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ত উখল-মাখল হৈ পৰা ইতিহাস প্ৰসিদ্ধ গোভা দেওৰজাৰ জোনবিল মেলাৰ প্ৰথম কাৰ্যসূচী দেওশাল শিৱথানত পূজা-অৰ্চনা আৰু মাংগলিক পৰ্বৰে আৰম্ভ হোৱাৰ পিছত মেলাথলীত উপস্থিত হয় পাহাৰৰ মামা-মামীসকল। কাৰ্বি আংলং, মেঘালয় খাচিয়া-জয়ন্তীয়া পাহাৰৰ পৰা মেটমৰা সম্ভাৰ লৈ নামি আহে পাহাৰৰ কৃষিজীৱী লোকসকল। পাহাৰৰ উৎপাদিত সামগ্ৰী আদা, হালধি, কচু, জালুক, জলকীয়া, লাও, কোমোৰা আদি লৈ ভৈয়ামলৈ নামি আহে এই মামা-মামী সকল। মেলাস্থলীত আজি জুপুৰি সাজি নিশাটো কটোৱাৰ পিছত শুকুৰবাৰে পুৱাতে ভাগ ল'ব ঐতিহাসিক বিনিময় প্ৰথাৰ হাটত।Also Read: শীঘ্ৰেই কৰক আৱেদন, ৰাজ্যত পুনৰ ওলাইছে চৰকাৰী চাকৰিউল্লেখযোগ্য যে কাইলৈ অৰ্থাৎ শুকুৰবাৰে পুৱা অনুষ্ঠিত হ'ব ঐতিহাসিক বিনিময় প্ৰথাৰ হাট। বহিব ৰাজদৰবাৰ। এই দৰবাৰত গোভা ৰজা সমন্বিতে মধ্য অসমৰ তিৱা ৰজা সকলে অংশগ্ৰহণ কৰিব। ৰজাসকলক প্ৰদান কৰা হ'ব অসম চৰকাৰৰ ৰাজভাত্তা। দুপৰীয়া গোভা ৰজা সমন্বিতে ৰজাৰ বা-বিষয়া সকলে জোনবিলৰ পাৰত খাব ভোজ ভাত। AdvertismentAdvertisment Read the Next Article