Advertisment

মূকাভিনয়ত পাৰদৰ্শিতা, ৰুজীলৈ 'Young Talent Artist' বঁটা

মূকাভিনয়ৰ জগতত পাৰদৰ্শিতাৰ বাবে গুৱাহাটীৰ ৰুজী মুদৈলৈ NEZCCৰ ২০২৫-২৬ বৰ্ষৰ 'Young Talent Artist' বঁটা। 'শিল্পগ্ৰাম মহোৎসৱ ২০২৬'ত মণিপুৰ আৰু নাগালেণ্ডৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাদেৱে ৰুজীক প্ৰদান কৰে 'Young Talent Artist' বঁটা।

 ৰুজী মুদৈলৈ 'Young Talent Artist' বঁটা Photograph: (file)
ৰুজী মুদৈলৈ 'Young Talent Artist' বঁটা Photograph: (file)

ৰুজী মুদৈলৈ NEZCCৰ ২০২৫-২৬ বৰ্ষৰ 'Young Talent Artist' বঁটা 

গুৱাহাটী, ২১ জানুৱাৰীঃ মূকাভিনয়ৰ জগতত পাৰদৰ্শিতাৰ দেখুৱাই উজলি উঠিছে গুৱাহাটীৰ ৰুজী মুদৈ। বিগত প্ৰায় ৯ বছৰৰ পৰাই মূকাভিনয়ৰ লগত জৰিত হৈ থকা ৰুজী মুদৈক 'Young Talent Artist' বঁটাৰে সন্মানিত কৰা হৈছে। 'নৰ্থ-ইষ্ট জ'ন কালচাৰেল চেণ্টাৰ' ২০২৫-২৬ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰুজী মুদৈলৈ NEZCCৰ ২০২৫-২৬ বৰ্ষৰ 'ইয়ং টেলেন্ত আৰ্টিষ্ট' বঁটা প্ৰদান কৰা হৈছে। উদীয়মান মূকাভিনয় শিল্পী ৰুজী মুদৈয়ে মূকাভিনয়ৰ জগতত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ২০ জানুৱাৰী, ২০২৬ তাৰিখে 'শিল্পগ্ৰাম মহোৎসৱ ২০২৬'ত ৰুজীক এই বঁটা প্ৰদান কৰা হয়। 'শিল্পগ্ৰাম মহোৎসৱ ২০২৬'ত মুখ্য অতিথি হিচাপে উপস্থিত থকা মণিপুৰ আৰু নাগালেণ্ডৰ সন্মানীয় ৰাজ্যপাল শ্ৰীযুত অজয় কুমাৰ ভল্লাদেৱে ৰুজীক প্ৰদান কৰে এই সন্মান। সমান্তৰালকৈ শিল্পগ্ৰামত আয়োজন কৰা এই বঁটা বিতৰণি সভাৰ অনুষ্ঠানত উপস্থিত থাকে NEZCCৰ সন্মানীয় পৰিচালক ড° প্ৰসন্ন গগৈ তথা অৱসপ্ৰাপ্ত IAS বিষয়া স্বপ্ননীল বৰুৱা। 

Advertisment

RUJI
মণিপুৰ আৰু নাগালেণ্ডৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাদেৱে ৰুজীক প্ৰদান কৰে 'Young Talent Artist' বঁটা Photograph: (FILE)

০১৬ চনতেই মূকাভিনয় বিষয়ত 'ইয়ং টেলেন্ত আৰ্টিষ্ট' বঁটা লাভ কৰা প্ৰাক্তন বঁটা প্ৰাপক তথা অগ্ৰগামী সাংস্কৃতিক অনুষ্ঠান Third Theatreৰ প্ৰতিষ্ঠাপক বিজিত কুমাৰ দাসৰ তত্বাবধানত ২০২০-২১ বৰ্ষৰ 'Under The Scheme of Award of Scholarship to Young Artists in different cultural fields'ৰ মূকাভিনয় বিষয়ত ৰাষ্ট্ৰীয় জলপানি পাবলৈও সক্ষম হৈছিল ৰুজী মুদৈয়ে। লগতে মূকাভিনয় আৰু অভিনয়ৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যুৱ প্ৰতিভাধাৰী ৰুজী মুদৈয়ে। 

ALSO READ: শীঘ্ৰেই কৰক আৱেদন, ৰাজ্যত পুনৰ ওলাইছে চৰকাৰী চাকৰি

জাগীৰোড কলেজৰ অভিনয় বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰত নাটকৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰুজী মুদৈ বৰ্তমান All India Radio আকাশবাণীত ঘোষিকা হিচাপে কৰ্মৰত। উল্লেখ্য যে ৰুজী মুদৈ গুৱাহাটীৰ ফটাশিল আমবাৰী মানপাৰাৰ বাসিন্দা তথা স্বৰ্গীয় যাদৱ চন্দ্ৰ মুদৈ আৰু লক্ষী মুদৈৰ দ্বিতীয় কন্যা।

Advertisment
Advertisment