Advertisment

বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ। কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা

কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা। বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ৷ জোনবিলৰ পাৰত স্তব্ধ হৈ পৰিব আধুনিক মূদ্ৰাৰ প্ৰচলন। ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিল মেলাত দেখিবলৈ পোৱা যায় পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন।

 File Photo
File Photo

কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা। বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ৷ জোনবিলৰ পাৰত স্তব্ধ হৈ পৰিব আধুনিক মূদ্ৰাৰ প্ৰচলন। ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিল মেলাত দেখিবলৈ পোৱা যায় পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন।

Advertisment

কাইলৈৰ পৰা জাগীৰোডত ঐতিহাসিক জোনবিল মেলা। বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ৷ জোনবিলৰ পাৰত স্তব্ধ হৈ পৰিব আধুনিক মূদ্ৰাৰ প্ৰচলন। ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিল মেলাত দেখিবলৈ পোৱা যায় পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন।

Read More- বেদখলকাৰীৰ নিস্তাৰ নাই, কাৰ্বি আংলঙত আন এক বৃহৎ উচ্ছেদ অভিযান

কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা উদুলি মুদুলি হৈ পৰিব জাগীৰোডৰ ঐতিহাসিক জোনবিলৰ পাৰ । কাৰণ প্ৰাচীন ঐতিহ্য পৰম্পৰাৰে সমৃদ্ধ ইতিহাস প্ৰসিদ্ধ গোভা দেওৰজাৰ অধীনত পৰম্পৰাগত ভাৱে বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব এই জোনবিল মেলা । উল্লেখযোগ্য যে মধ্য অসমৰ তিৱা সকলৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্যৰ চানেকি বহন কৰি প্ৰায় চৈধ্যশ শতিকাৰ পৰাই এই জোনবিলৰ পাৰত অনুষ্ঠিত হৈ অহা মেলাৰ বাবে  প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে গোভা দেউৰজা জোনবিল মেলা সমিতিয়ে ।

Read More- Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়

বিভিন্ন জাতি , জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিল মেলাত দেখিবলৈ পোৱা যায় পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন। তাৰেই পৰিপ্ৰেক্ষিতত জোনবিল মেলা সমিতিয়ে কেইবা লক্ষাধিক দৰ্শনাৰ্থীক আদৰিবলৈ সকলো প্ৰকাৰে সাজু হৈছে। সুবিশাল আয়োজনৰ মাজত যাতে সকলোৱে শান্তি, শৃংখলা বজাই ৰাখে তাৰ বাবে প্ৰশাসনিক বিষয় সমূহ পৰ্যবেক্ষণ কৰাৰ বাবে মেলা থলীত উপস্থিত হৈছে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰী আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। প্ৰশাসনক সহায় কৰিবলৈ এইদৰে স্বেচ্ছাসেৱী তিৱা ডেকা সকলো সাজু হৈ পৰিছে । ইয়াৰ সমান্তৰালকৈ উদ্যোক্তা সকলে পৰ্যটক তথা দৰ্শনাৰ্থী সকলক আকৰ্ষিত কৰাৰ বাবে এই দৰেই খেৰ বাঁহ আদিৰে তৈয়াৰ কৰি উলিয়াইছে তিৱা সকলৰ পৰম্পৰাগত চামাদি অৰ্থাৎ ডেকা চাং , ন-বাৰ অৰ্থাৎ  বৰঘৰ , ঠুঙি-ন' অৰ্থাৎ টঙী ঘৰ ইত্যাদি । 

Read More- বিজেপিয়ে পালে কনিষ্ঠতম ৰাষ্ট্ৰীয় সভাপতি

উল্লেখযোগ্য যে বৃহস্পতিবাৰে পুৱাই গোভা ৰজাৰ দেওশাল শিৱথানত তিৱা সকলৰ ৰীতি-নীতি অনুসৰি পূজা-অৰ্চনা তথা মাংগলিক পৰ্বৰে আৰম্ভ কৰিব মেলাৰ কাৰ্যসূচী। মেলা থলীত হ'ব পতাকা উত্তোলন , জুবিন গাৰ্গৰ সোঁৱৰণত হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, হ'ব স্মৃতি গ্ৰন্থ উন্মোচন। সমান্তৰালকৈ মেলালৈ কাৰ্বি আংলং , মেঘালয় , খাচিয়া , জয়ন্তীয়া পাহাৰৰ পৰা মেটমৰা সম্ভাৰ লৈ নামি আহিব মামা-মামী সকল। কৃষিজীৱী এই মামা- মামী সকলে হোৰা ভৰাই লৈ আহিব পাহাৰত উৎপাদিত কৃষিজাত দ্ৰব্য আদা হালধি , জালুক , জলকীয়া , লাও-কোমোৰা। একেদৰে জোনবিলৰ পাৰত গোভাৰজা সমন্বিতে ৰজাৰ বা-বিষয়া সকলে খাব ভোজ-ভাত।

Read More- কি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহা

ইফালে শুকুৰবাৰে কাহিলী পুৱাতে সম্পাদন হ'ব ঐতিহাসিক বিনিময় প্ৰথাৰ হাট। এক প্ৰকাৰ বিশ্বতেই বিৰল এই বিনিময় প্ৰথাৰ হাটত পাহাৰৰ মামা মামী সকলৰ লগতে অংশগ্ৰহণ কৰিব ভৈয়ামৰ কৃষিজীৱি লোক সকলে। প্ৰত্যক্ষভাৱে ইয়াত বিনিময় হ'ব ভৈয়ামৰ সান্দহ চিৰা পিঠা মাছ ইত্যাদিৰ সৈতে পাহাৰৰ আদা হালধিকে ধৰি বিভিন্ন কৃষি জাত সামগ্ৰীৰ। এই সময়ছোৱাত স্তব্ধ হৈ পৰিব আধুনিক মূদ্ৰাৰ প্ৰচলন। সমান্তৰাল ভাৱে এই মেলাত বিনিময় হ'ব বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ মাজত মৰম চেনেহ আৰু ভালপোৱাৰ। মেলা উপলক্ষে জোনবিলত অনুষ্ঠিত হ'ব সমূহীয়া মাছ মৰা পৰ্ব। সেই দিনাই অনুষ্ঠিত হ'ব মধ্য অসমৰ পৰম্পৰাগত তিৱা ৰজা সকলৰ বহু প্ৰতিক্ষিত ৰাজদৰবাৰ। এই ৰাজদৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। ২২ গৰাকী তিৱা ৰজাক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব ৰাজভাত্তা। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিব অন্যান্য মন্ত্ৰী-বিধায়ক আৰু বিশিষ্ট ব্যক্তি ।

Advertisment
Advertisment