Advertisment

Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়

২০২৪ৰ জুলাইত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক নিযুক্ত হৈছিল গৌতম গম্ভীৰ। অনুৰাগীয়ে আশা কৰিছিল গম্ভীৰে টীম ইণ্ডিয়াক নতুন উচ্চতালৈ লৈ যাব। কিন্তু গম্ভীৰৰ নেতৃত্বত টীম ইণ্ডিয়াই গঢ়িছে ইটোৰ পাছত সিটো লজ্জাজনক পৰাজয়ৰ অভিলেখ। 

 File Photo
File Photo

Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়

২০২৪ৰ জুলাইত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে BCCI-এ দায়িত্ব অৰ্পন কৰিছিল গৌতম গম্ভীৰক। অনুৰাগীসকলে আশা কৰিছিল গম্ভীৰে টীম ইণ্ডিয়াক নতুন উচ্চতালৈ লৈ যাব। গম্ভীৰৰ নেতৃত্বত টীম ইণ্ডিয়াই সফলতাৰ এটাৰ পাছত আনটো ৰেকৰ্ড গঢ়িব। কিন্তু সময় বাগৰাৰ লগে লগে গম্ভীৰৰ নেতৃত্বত টীম ইণ্ডিয়াই গঢ়িছে ইটোৰ পাছত সিটো লজ্জাজনক পৰাজয়ৰ অভিলেখ। 

Advertisment

Read More - অথলে গ'ল কোহলীৰ শতক, ভাৰতৰ মাটিত প্ৰথমটো এদিনীয়া শৃংখলা জয় নিউজিলেণ্ডৰ

গৌতম গম্ভীৰে  টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰাৰ পাছৰে পৰা ভাৰতীয় ক্ৰিকেটে বিশ্ব ক্ৰিকেটত বহু উত্থান-পতনৰ সম্মুখীন হ'ল। ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী আৰু ২০২৫ চনৰ এছিয়া কাপ জয় কৰাটো গম্ভীৰৰ প্ৰশিক্ষণ কেৰিয়াৰৰ নিশ্চিতভাৱে ডাঙৰ সফলতা আছিল। কিন্তু তাৰ বাহিৰেও কেইবাটাও ঘৰুৱা ছিৰিজৰ ফলাফল ইমানেই লজ্জাজনক আছিল যে সেইবোৰ অনুৰাগীসকলে দ্বিতীয়বাৰলৈ মনত পেলাব নিবিচাৰে। শেহতীয়া নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত টীম ইণ্ডিয়াৰ পৰায়ৰ পাছতেই এতিয়া গম্ভীৰৰ প্ৰশিক্ষণ কেৰিয়াৰক লৈ প্ৰশ্ন উত্থাপন হৈছে।

Read More- ৫ বছৰৰ অপেক্ষাৰ অন্ত! ICC ৰেংকিঙৰ শীৰ্ষস্থানত পুনৰ বিৰাট কোহলী

গম্ভীৰৰ প্ৰশিক্ষণত টীম ইণ্ডিয়াই নিশ্চিতভাৱে চেম্পিয়নছ ট্ৰফী আৰু এছিয়া কাপৰ দৰে ট্ৰফী জয় কৰিছিল যদিও গৌতম গম্ভীৰৰ প্ৰশিক্ষণ কেৰিয়াৰৰ লজ্জাজনত অভিলেখবোৰ হ'ল-

বছৰ বছৰ ধৰি ঘৰৰ মাটিত টেষ্ট ক্ৰিকেটত টীম ইণ্ডিয়া অজেয় আছিল। কিন্তু গম্ভীৰৰ প্ৰশিক্ষণৰ প্ৰথমে টীম ইণ্ডিয়াৰ  টেষ্ট ক্ৰিকেটৰ দুৰ্গ ছিন্নভিন্ন হৈছিল। টেষ্টত লজ্জাজনক অভিলেখ আছিল এনেধৰণৰ-

১৯৮৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডৰ হাতত ঘৰুৱা টেষ্ট শৃংখলাত পৰাস্ত 

২০১২ চনৰ পিছত ঘৰুৱা টেষ্ট শৃংখলাৰ প্ৰথমটো পৰাজয়

২০০০ চনৰ পিছত প্ৰথমবাৰলৈ ঘৰুৱা  শৃংখলাত ক্লীন ছুইপ টীম ইণ্ডিয়াৰ

ঘৰুৱা টেষ্ট ক্ৰিকেটত ভাৰতৰ সৰ্বনিম্ন স্ক’ৰ – ৪৬ (অক্টোবৰ ২০২৪)

প্ৰথমবাৰৰ বাবে তেওঁলোকে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো প্ৰৱেশত ব্যৰ্থ

২০১৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পৰাজয়

ঘৰুৱা মাটিত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমবাৰলৈ এদিনীয়া শৃংখলাত পৰাজয়

Read More- নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ ষ্টাৰ অলৰাউণ্ডৰ

উল্লেখ্য যে নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত টীম ইণ্ডিয়াৰ পৰাজয়ৰ পাছতেই ভাৰতীয় অনুৰাগীসকলে গৌতম গম্ভীৰক মুকলিকৈ সমালোচনা কৰিছে। টীম ইণ্ডিয়াৰ অনুৰাগী সকলে এতিয়া মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক অপসাৰণৰ দাবী জনাইছে। কাৰণ গম্ভীৰৰ প্ৰশিক্ষণত এদিনীয়া আৰু টেষ্ট ক্ৰিকেটত টীম ইণ্ডিয়াৰ অভিলেখ নিৰাশাজনক হৈ পৰিছে। ইয়াৰ ফলত অনুৰাগীসকলে গম্ভীৰক গ্ৰেগ চেপেলৰ সৈতেও তুলনা কৰিছে।


Advertisment
Advertisment