Advertisment

বেদখলকাৰীৰ নিস্তাৰ নাই, কাৰ্বি আংলঙত আন এক বৃহৎ উচ্ছেদ অভিযান

অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। ৰাজ্যত পুনৰ চলিল আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৩৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এইবাৰ বকলীয়াঘাটত চলিল প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান।  

 File Photo
File Photo

বেদখলকাৰীৰ নিস্তাৰ নাই, কাৰ্বি আংলঙত আন এক বৃহৎ উচ্ছেদ অভিযান

অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। ৰাজ্যত পুনৰ চলিল আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৩৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এইবাৰ বকলীয়াঘাটত চলিল প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান।  

Advertisment

Read More- বিজেপিয়ে পালে কনিষ্ঠতম ৰাষ্ট্ৰীয় সভাপতি

ৰাজ্যত চৰকাৰী ভূমি দখল কৰা অবৈধ বেদখলকাৰীৰ ৰক্ষা নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ চুকে-কোনে চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। উজনিৰ পৰা নামনিলৈ অবৈধ বেদখলকাৰীৰ ঘৰত চলিছে প্ৰশাসনৰ বুলড’জাৰ।

Read More- Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়

তেজপুৰৰ বুঢ়া চাপৰিত চলা উচ্ছেদ অভিযানৰ পিছত এইবাৰ কাৰ্বি আংলঙৰ বকলীয়াঘাটত উচ্ছেদ চলালে প্ৰশাসনে। প্ৰায় ৩৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে বকলীয়াঘাটত পৰিল এইবাৰ প্ৰশাসনৰ হাতোৰা। উচ্ছেদৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বকলীয়াঘাটত মোতায়েন কৰা হৈছে বৃহৎ আৰক্ষী আৰু অৰ্ধশতাধিক বাহিনীৰ দল। 

Read More- মোৰো চিঞৰিবলৈ মন যায়। কিন্তু...। সামাজিক মাধ্যমত কি ক'লে গৰিমাই

বকলীয়াঘাটৰ জলসিঞ্চন বান্ধৰ ৩৫০ বিঘা ভূমি দখল কৰিছিল অবৈধ বেদখলকাৰীয়ে। সেয়ে আজি জলসিঞ্চন বান্ধৰ ৩৫০ বিঘা ভূমিত চলিল এই উচ্ছেদ অভিযান। প্ৰায় ২১৫৯ জন লোকে বাস কৰা ৭৫৫টা বাসগৃহত চলিল প্ৰশাসনৰ বুলড'জাৰ।  

Read More- কি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহা

উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ভূমি দখল কৰা অবৈধ বেদখলকাৰীসকলৰ বিৰুদ্ধে হুংকাৰ দিছিল। অবৈধ বেদখলকাৰীসকলক সকীয়াই দি মুখ্যমন্ত্ৰীয়ে কৈছিল- যিকোনো মূল্যৰ বিনিময়ত চৰকাৰী ভূমি দখল কৰা বেদখলকাৰী সকলৰ পৰা ভূমি বেখলমুক্ত কৰা হ'ব। তাৰ পাছতেই উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰশাসনৰ এক্সন।

Advertisment
Advertisment