Assameseবিজেপিয়ে পালে কনিষ্ঠতম ৰাষ্ট্ৰীয় সভাপতিবিজেপিত আজিৰে পৰা আৰম্ভ হ'ল নবীন যুগ। মাত্ৰ ৪৫ বছৰ বয়সতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে আজি দায়িত্ব গ্ৰহণ কৰিলে নীতিন নবীনে। বিনা প্ৰতিদ্বন্দ্বিতাত বিজেপিৰ দ্বাদশ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচন হোৱা নীতিন নবীনক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে। Mrinmoy Talukdar Jan 20, 2026 12:50 ISTFile Photoবিজেপিয়ে পালে কনিষ্ঠতম ৰাষ্ট্ৰীয় সভাপতিবিজেপিত আজিৰে পৰা আৰম্ভ হ'ল নবীন যুগ। মাত্ৰ ৪৫ বছৰ বয়সতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে আজি আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিলে নীতিন নবীনে। বিনা প্ৰতিদ্বন্দ্বিতাত বিজেপিৰ দ্বাদশ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচন হোৱা নীতিন নবীনক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। AdvertismentRead More- ভাইৰেল পত্ৰই লগাইছে তোলপাৰ! গোচৰ ৰুজু সৰ্বানন্দ সোণোৱালৰজে পি নাড্ডাৰ উত্তাধিকাৰী হ'ল নীতিন নবীন। ভাৰতীয় জনতা পাৰ্টিত আজিৰে পৰা আৰম্ভ হ'ল এক নতুন যুগৰ। মাত্ৰ ৪৫ বছৰ বয়সতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে আজি দায়িত্বভাৰ গ্ৰহণ কৰিলে নীতিন নবীনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠ বুলি গণ্য কৰা নীতিন নবীন হৈছে বিজেপিৰ সবাতোকৈ কনিষ্ঠতম ৰাষ্ট্ৰীয় সভাপতি। Read More- কি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহাবিনা প্ৰতিদ্বন্দ্বিতাত বিজেপিৰ দ্বাদশ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছে নীতিন নবীন। সভাপতি নিৰ্বাচিত হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীতিন নবীনক মালা পিন্ধাই আদৰণি জনায়। ৪৫ বছৰীয়া নবীন দলটোৰ বিজেপিৰ কনিষ্ঠতম ৰাষ্ট্ৰীয় সভাপতি। ইয়াৰ পূৰ্বে অমিত শ্বাহে ৪৯ বছৰ বয়সত বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। সোমবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছিল সভাপতি পদৰ নিৰ্বাচন। আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰাত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় নবীন। উল্লেখ্য যে ২০২৫ৰ ১৪ ডিচেম্বৰত নীতিন নবীনক দলৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল।Read More- কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ স্পষ্ট বাৰ্তা গৌৰৱ গগৈৰনীতিন নবীনক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ভাৰতীয় জনতা পাৰ্টিৰ নতুন সভাপতি নীতিন নবীন জীক বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ সভাপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাইছো।Read More- সাৱধান! Googleত ছাৰ্চ নকৰিব এইবোৰ বিষয়আনহাতে প্ৰাক্তন সভাপতি জে পি নাড্ডাই নীতিন নবীনক শুভেচ্ছা জনাই কয়, "মই নীতিন জীক অভিনন্দন জনাইছো। অটল জী আৰু কুশাভাউৰ উত্তৰাধিকাৰ অনুসৰি নবীন জীক দ্বাদশ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। নীতিন জীয়ে অতি কম বয়সতে পাঁচবাৰ বিধায়ক হৈ আহিছে। গতিকে নীতিন জীয়ে সমগ্ৰ দেশখনক বুজি পাইছে। আনহাতে আপুনি ইমান কম বয়সীয়া সভাপতি হিচাপে দায়িত্ব লৈছে। গতিকে আপোনাক অভিনন্দন জনাইছো। আপুনি দলটোক দ্ৰুতগতিত আগুৱাই নিব বুলি আশা কৰিছো।AdvertismentAdvertisment Read the Next Article