Advertisment

ৱৰ্ল্ড ইকনমিক ফ’ৰামত অংশ লোৱা প্ৰথমজন অসমীয়া হিমন্ত বিশ্ব শর্মা

প্ৰথমবাৰলৈ ৱৰ্ল্ড ইকনমিক ফ’ৰামলৈ এজন অসমীয়া। ছুইজাৰলেণ্ডৰ ডেভ’চ-ক্ল’ষ্টাৰ্ছ চহৰত আৰম্ভ হোৱা ৱৰ্ল্ড ইকনমিক ফ’ৰামত অংশ ল’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা হ'ব ৱৰ্ল্ড ইক'নমিক ফ'ৰামত অংশ লোৱা প্ৰথমগৰাকী অসমীয়া। 

 ৱৰ্ল্ড ইকনমিক ফ’ৰামত অংশ লোৱা প্ৰথমজন অসমীয়া হিমন্ত বিশ্ব শর্মা Photograph: (DY365)
ৱৰ্ল্ড ইকনমিক ফ’ৰামত অংশ লোৱা প্ৰথমজন অসমীয়া হিমন্ত বিশ্ব শর্মা Photograph: (DY365)

ৱৰ্ল্ড ইকনমিক ফ’ৰামত অংশ লোৱা প্ৰথমজন অসমীয়া হিমন্ত বিশ্ব শর্মা

প্ৰথমবাৰলৈ ৱৰ্ল্ড ইকনমিক ফ’ৰামলৈ এজন অসমীয়া। ছুইজাৰলেণ্ডৰ ডেভ’চ-ক্ল’ষ্টাৰ্ছ চহৰত আৰম্ভ হোৱা ৱৰ্ল্ড ইকনমিক ফ’ৰামত অংশ ল’ব মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

ছুইজাৰলেণ্ডৰ ডেভ’চ-ক্ল’ষ্টাৰ্ছ চহৰত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ৱৰ্ল্ড ইকনমিক ফ’ৰামত (WEF)। এই অনুষ্ঠানত দেশৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ লগতে অসমকো প্ৰতিনিধিত্ব কৰিবলৈ ভাৰত চৰকাৰে সুবিধা প্ৰদান কৰিছে৷ সাধাৰণতে ভাৰতৰ আগশাৰীৰ ৰাজ্যসমূহে এই ৱৰ্ল্ড ইকনমিক ফ’ৰামত দেশক প্ৰতিনিধিত্ব কৰি আহিছিল। প্ৰথমবাৰৰ বাবে এইবাৰ অসমক ভাৰত চৰকাৰে এই সুযোগ প্ৰদান কৰিছে।

Also Read: শিখা শৰ্মাক গ্ৰেপ্তাৰ

ৱৰ্ল্ড ইকনমিক ফ’ৰামৰ বিশেষ কার্যসূচীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে নিশা ছুইজাৰলেণ্ডৰ ডেভ’চলৈ যাত্ৰা কৰে আৰু তাত থাকি বিশ্বৰ উদ্যোগপতি, অৰ্থনীতিবিদ, বহুজাতিক কোম্পানীৰ CEO, বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰব্বীসকলৰ সন্মুখত ৱৰ্ল্ড ইকনমিক ফ'ৰামত অসমক প্ৰতিনিধিত্ব কৰিব। উল্লেখ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা হ'ব ৱৰ্ল্ড ইক'নমিক ফ'ৰামত অংশ লোৱা প্ৰথমগৰাকী অসমীয়া। 

‘এ স্পিৰিট অৱ ডায়েলগ’ মূল মন্ত্ৰৰে আজিৰে পৰা ছুইজাৰলেণ্ডৰ ডেভ’চ-ক্ল’ষ্টাৰ্ছ চহৰত আৰম্ভ ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ বাৰ্ষিক সমাৰোহ। সাম্প্ৰতিক বিশ্ব ৰাজনৈতিক পৰিৱেশ অব্যাহত থকা সংঘাতপূৰ্ণ পৰিস্থিতিৰ মাজত বিশেষভাৱে চৰ্চিত হৈছে ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ এই বাৰ্ষিক অধিৱেশন। 

২৩ জানুৱাৰীলৈ চলিবলগীয়া এই সমাৰোহত বিশ্ব নেতৃত্বই আলোচনা কৰিব ভূ-ৰাজনৈতিক উত্তেজনা, অৰ্থনৈতিক বিকাশ, শক্তিৰ ৰূপান্তৰ আৰু উদ্ভাৱনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত। অংশীদাৰী ৰাষ্ট্ৰসমূহৰ নেতৃত্বই ভৱিষ্যতৰ বাবে দীৰ্ঘম্যাদী সমাধান বিচাৰি আলোচনাৰ পৰিৱেশ গঢ়াৰ মূল উদ্দেশ্যলৈয়ে এইবাৰৰ ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সমাৰোহৰ মূল লক্ষ্য বান্ধি লোৱা হৈছে।

Also Read: কি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহা

ভাৰতে এইবাৰ সমাৰোহত শক্তিশালী আৰু প্ৰভাৱশালী স্থিতি প্ৰদৰ্শনৰ বাবে অগ্ৰসৰ হৈছে। ১০০জনতকৈয়ো অধিক CEO, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ১০খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ডেভ’চত ভাৰতক প্ৰতিনিধিত্ব কৰিব। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ এক আলোচনা সত্ৰত প্ৰতিনিধিত্ব কৰিব। হিমন্ত বিশ্ব শৰ্মাৰ লগতে মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, উত্তৰপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, কেৰালা, মধ্যপ্ৰদেশ, তেলেংগানা আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী অথবা জ্যেষ্ঠ মন্ত্ৰীয়ে নিজ নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰি সমাৰোহত অংশগ্ৰহণ কৰিব। ইফালে গ্ৰীনলেণ্ডক লৈ অব্যাহত থকা ভূ-ৰাজনৈতিক উত্তেজনাৰ মাজতে ডেভ’চৰ ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সমাৰোহলৈ সৰ্ববৃহত্‍ প্ৰতিনিধি দল লৈ আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। 

Advertisment
Advertisment