Assameseআজি ভোগালীৰ উৰুকাআজি মাঘ বিহুৰ উৰুকা। ভোগালীৰ উৰুকা মানেই লগে ভাগে এসাঁজ খোৱাৰ আনন্দ, স্ফূৰ্তি। উৰুকাৰ নিশা পৰিয়ালৰ সৈতে লগে-ভাগে এসাঁজ খাবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। ডেকা-গাভৰুৰ পৰা আবাল-বৃদ্ধ-বনিতালৈ সকলোৱে হাতে কামে লাগিছে বিহুৰ প্ৰস্তুতিত। Jyotiprasad Sarma Jan 13, 2026 09:53 ISTআজি ভোগালীৰ উৰুকা Photograph: (DY365)আজি ভোগালীৰ উৰুকাউখল-মাখল ৰাজ্য...আজি মাঘ বিহুৰ উৰুকা। ভোগালীৰ উৰুকা মানেই লগে ভাগে এসাঁজ খোৱাৰ আনন্দ, স্ফূৰ্তি। উৰুকাৰ নিশা পৰিয়ালৰ সৈতে লগে-ভাগে এসাঁজ খাবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। ডেকা-গাভৰুৰ পৰা আবাল-বৃদ্ধ-বনিতালৈ সকলোৱে হাতে কামে লাগিছে বিহুৰ প্ৰস্তুতিত। AdvertismentAlso Read: গৌৰৱ গগৈ জাতিদ্ৰোহী, বিশ্বাসঘাতক। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই...আটকধুনীয়া ভেলাঘৰ সাজি নিশালৈ ভোজ–ভাতৰ আয়োজন। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিত নিৰ্মাণ কৰি উলিয়াইছে ভেলাঘৰ, নিৰ্মাণ কৰিছে সুউচ্চ মেজি। বাঁহ, খেৰ আৰু খৰি সংগ্ৰহ কৰি আকাশলংঘী মেজিও সাজি উলিওৱা দেখা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত। আজি উৰুকাৰ নিশা ভেলাঘৰত সকলোৱে ভোগৰ এসাঁজ খাই গীত-মাতেৰে আনন্দ কৰিব আৰু কাইলৈ পুৱাই অগ্নিদেৱতাক সেৱা জনাই মেজি প্ৰজ্বলন কৰিব। Also Read: PSLV-C62 মিছনত বিসংগতিউজনিৰ পৰা নামনিলৈ সকলোৰে ঘৰে ঘৰে আৰম্ভ হৈছে উৰুকাৰ ব্যস্ততা। আখলত ব্যস্ততা বাঢ়িছে জীয়ৰী-বোৱাৰীৰ। শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিগৰাকী অসমীয়াৰ মাজত দেখা গৈছে সীমাহীন ব্যস্ততা। প্ৰতিঘৰ অসমীয়াৰ পাকঘৰত এতিয়া তিল পিঠা, ঘিলা পিঠা, চিৰা-দৈ আৰু লাৰুৰ আমোলমোল সুবাস। গাঁৱৰ বোৱাৰী-জীয়ৰী ব্যস্ত ভোগালীৰ জলপান প্ৰস্তুত কৰাত। AdvertismentAlso Read: WHO IS ৰেজাউল কৰিম সৰকাৰ? শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদপুৱাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মাছ-মাংসৰ বজাৰত খদমদম পৰিৱেশ। উৰুকাৰ নিশাৰ জা-যোগাৰৰ বাবে বজাৰে বজাৰে গ্ৰাহকৰ ভিৰ। মাছ-মাংসৰে উভৈনদী হৈ পৰিল বজাৰ সমাৰ। কাহিলীপুৱাতে পছন্দৰ মাছটো কিনিবলৈ ওলাই আহিল বহু লোক। পছন্দৰ মাছ কিনিবলৈ পুৱতি নিশাৰ পৰা বজাৰত হেতাওপৰা গ্ৰাহকৰ। ডাঙৰ ডাঙৰ চিতল, বৰালি, আঁৰি, ভকুৱা, বাহু, ৰৌ মাছেৰে ভৰি পৰিছে বজাৰসমূহ। এই উৰুকাই সকলোৰে মাজত মিলা-প্ৰীতি, সম্প্ৰীতি আৰু একতাৰ এনাজৰী অধিক সুদৃঢ় কৰিব বুলি আশাবাদী প্ৰতিজন। মেজিৰ জুয়ে সমাজৰ পৰা অপশক্তি নাশ কৰি সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনক তাৰেই কামনা কৰিছে সকলোৱে। Read More AdvertismentAdvertisment Read the Next Article