AssamesePSLV-C62 মিছনত বিসংগতিভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ই শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ২০২৬ বৰ্ষৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আজি উৎক্ষেপণ কৰে। কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ কিছুসময়ৰ পিছতে বিসংগতি ঘটাৰ খবৰ পোহৰলৈ আহে। Jyotiprasad Sarma Jan 12, 2026 13:28 ISTPSLV-C62 মিছনত বিসংগতি Photograph: (DY365)PSLV-C62 মিছনত বিসংগতিভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ই শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ২০২৬ বৰ্ষৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আজি উৎক্ষেপণ কৰে। কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ কিছুসময়ৰ পিছতে বিসংগতি ঘটাৰ খবৰ পোহৰলৈ আহে। ISROৰ PSLV-C62/EOS-N1 মিছনত বিসংগতি ঘটাৰ খবৰ সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে ISROৰ অধ্যক্ষ ড° ভি নাৰায়ণনে।AdvertismentVIDEO | Sriharikota: Sharing an update on the PSLV-C62/EOS-N1 mission, ISRO Chairman Dr. V. Narayanan says, “Today, we attempted the PSLV-C62 EOS-N1 mission. The PSLV vehicle is a four-stage vehicle with two solid stages and two liquid stages. The performance of the vehicle up to… pic.twitter.com/bq8Eh3rkyi — Press Trust of India (@PTI_News) January 12, 2026সোমবাৰে পুৱা ১০.১৮ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলভাৱে উৎক্ষেপণ কৰা হৈছিল কৃত্ৰিম উপগ্ৰহ কঢ়িওৱা PSLV-C62 ৰকেট। এই ৰকেটে মূল উপগ্ৰহ EOS-N1ৰ লগতে ১৫টা দেশী-বিদেশী উপগ্ৰহ কঢ়িয়াই লৈ গৈছিল। সৰ্বমুঠ ১৬টা কৃত্ৰিম উপগ্ৰহ লৈ মহাকাশলৈ গৈছিল PSLV-C62। অৱশ্যে মিছনৰ চতুৰ্থ স্তৰত কাৰিকৰী বিজুতি ঘটিল প্ৰক্ৰিয়াত। ISROৰ অধ্যক্ষ ড° ভি নাৰায়ণনে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, উৎক্ষেপণৰ পাছত উপগ্ৰহৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয় ৰকেটোৰ। ঘটনা সন্দৰ্ভত ISROৰ বিজ্ঞানীসকলে ইতিমধ্যে তথ্যসমূহ বিশ্লেষণ কৰা আৰম্ভ কৰিছে।Also Read: কাছাৰত পুনৰ আৰক্ষীৰ জালত ভুৱা চিকিৎসকউল্লেখযোগ্য যে, এই মিছনৰ সৈতে বিশেষভাৱে জড়িত আছিল লাচিত-১ নামৰ কৃত্ৰিম উপগ্ৰহটো। যিটো অসম তথা উত্তৰ-পূবৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ হিচাপে গণ্য কৰা হয়। ইছৰ’ৰ সহযোগত অসম ডনবস্ক’ ইউনিভাৰ্ছিটীৰ প্ৰথম ছেটেলাইট মিছন। অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এই উপগ্ৰহৰ ডিজাইন, নিৰ্মাণ আৰু পৰীক্ষণ প্ৰক্ৰিয়াত জড়িত আছিল। প্ৰথমটো মিছন বিফল হ’লেও হতাশ হোৱা নাই ডনবস্ক’ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী-শিক্ষক। মহাকাশ অভিযানত এনেদৰে অংশ ল’ব পৰাটোৱেই এক বিৰল অভিজ্ঞতা। কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ প্ৰয়াসে অসম তথা উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীক অনুপ্ৰেৰণা যোগাব বুলি আশা কৰিব পাৰি। AdvertismentAdvertisment Read the Next Article