Assameseকাছাৰত পুনৰ আৰক্ষীৰ জালত ভুৱা চিকিৎসককাছাৰত পুনৰ আৰক্ষীৰ জালত এজন ভুৱা চিকিৎসক। কাছাৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক ছামিম আহমেদ লস্কৰক। আৰক্ষীৰ অভিযানত জিলাখনত ইজনৰ পাছত সিজনকৈ ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈছে।Jyotiprasad Sarma Jan 12, 2026 11:53 ISTকাছাৰত পুনৰ আৰক্ষীৰ জালত ভুৱা চিকিৎসক Photograph: (DY365)কাছাৰত পুনৰ আৰক্ষীৰ জালত ভুৱা চিকিৎসকগ্ৰেপ্তাৰ ছামিম আহমেদ লস্কৰক কাছাৰত পুনৰ আৰক্ষীৰ জালত এজন ভুৱা চিকিৎসক। কাছাৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক ছামিম আহমেদ লস্কৰক। আৰক্ষীৰ অভিযানত জিলাখনত ইজনৰ পাছত সিজনকৈ ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈছে।AdvertismentAlso Read: ঘৰৰ ওপৰত বাগৰি পৰিল ডাম্পাৰ, কৰুণ মৃত্যু দুজনৰভুৱা চিকিৎসকৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। বিগত সময়ছোৱাত বহু ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰাৰ পিছত পুনৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভুৱা চিকিৎসকজনৰ নাম ছামিম আহমেদ লস্কৰক। ধৃত ভুৱা চিকিৎসকজনৰ ঘৰ কাছাৰৰ ধলাইৰ ভাগা অঞ্চলত৷ Assam Council of Medical Registration অভিযোগৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসকজনক। MBBSৰ ভুৱা চাৰ্টিফিকেট লৈ দীৰ্ঘদিনৰ পৰা ভাগা অঞ্চলত চেম্বাৰ খুলি চিকিৎসা সেৱা চলাই আহিছিল ভুৱা চিকিৎসক ছামিম আহমেদ লস্কৰে। অভিযোগ লাভৰ পাছতে Assam Council of Medical Registration-এ কাছাৰ আৰক্ষীক এক লিখিত অভিযোগ দাখিল কৰি ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। আৰু কাছাৰ আৰক্ষীয়ে Assam Council of Medical Registrationৰ অভিযোগৰ ভিত্তিত দেওৱাৰে অভিযান চলাই ভুৱা চিকিৎসক ছামিম আহমেদ লস্কৰক গ্ৰেপ্তাৰ কৰে। লগতে আৰক্ষীয়ে জব্দ কৰে ভুৱা চিকিৎসকজনৰ জাল চাৰ্টিফিকেটসহ বিভিন্ন নথি-পত্ৰ। Also Read: ২২ জানুৱাৰীৰ পৰা জোনবিল মেলাউল্লেখযোগ্য যে, কাছাৰত ২০২৫ বৰ্ষটোত ২০জনকৈ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। এজনৰ পিছত আন এজন ভুৱা চিকিৎসক আৰক্ষীৰ জালত পৰাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল৷ এনে ভুৱা চিকিৎসকক নাকী লগোৱাত আৰক্ষী কিমান সফল হ’ব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব৷AdvertismentAdvertisment Read the Next Article