Advertisment

ঘৰৰ ওপৰত বাগৰি পৰিল ডাম্পাৰ, কৰুণ মৃত্যু দুজনৰ

ৰাজ্যত সংঘটিত এক ভয়ংকৰ, শোকাৱহ ঘটনা। অবৈধভাৱে বালি কাঢ়িওৱা দ্ৰুতবেগী ডাম্পাৰ মথাউৰিৰ পৰা বাগৰি পৰে এটা বাসগৃহত। ডাম্পাৰ বাগৰি পৰাত একে পৰিয়ালৰ দুজনে কৰুণ মৃত্যুক আঁকোৱালি লয়। 

 ঘৰৰ ওপৰত বাগৰি পৰিল ডাম্পাৰ, দুজনৰ কৰুণ মৃত্যু Photograph: (DY365)
ঘৰৰ ওপৰত বাগৰি পৰিল ডাম্পাৰ, দুজনৰ কৰুণ মৃত্যু Photograph: (DY365)

ঘৰৰ ওপৰত বাগৰি পৰিল ডাম্পাৰ, কৰুণ মৃত্যু দুজনৰ

ৰাজ্যত সংঘটিত এক ভয়ংকৰ, শোকাৱহ ঘটনা। অবৈধভাৱেবালি কাঢ়িওৱা দ্ৰুতবেগী ডাম্পাৰ মথাউৰিৰ পৰা বাগৰি পৰে এটা বাসগৃহত। ডাম্পাৰ বাগৰি পৰাত একে পৰিয়ালৰ দুজনে কৰুণ মৃত্যুক আঁকোৱালি লয়। 

Advertisment

Also Read: সাজু কংগ্ৰেছ! নিৰ্বাচনৰ পূৰ্বে পালে নতুন সেনাপতি

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠাত নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা। মথাউৰিৰ পৰা দ্ৰুতবেগী ডাম্পাৰ বাগৰি পৰাত একে পৰিয়ালৰ দুজনৰ কৰুণ মৃত্যু হয়। মৃত্যুমুখত পৰে চালেহা খাতুন আৰু ৪ বছৰীয়া কন্যা মাজেদা খাতুন। অবৈধভাৱে বালি কঢ়িওৱা ডাম্পাৰ মথাউৰিৰ পৰা বাগৰি পৰেগৈ এটা বাসগৃহত। মথাউৰিৰ পৰা বাগৰি পৰা ডাম্পাৰখনে হেঁচা মাৰি ধৰে এটা পৰিয়ালক। বৰভিঠা গাঁৱৰ হাছেন আলীৰ ঘৰত বাগৰি পৰে ডাম্পাৰখন। দুৰ্ঘটনাৰসময়ত টোপনিত আছিল পৰিয়ালটো। হাছেন আলীৰ দুগৰাকী কণমানিসহ ৫জনীয়া পৰিয়ালটো সোমাই পৰে ডাম্পাৰখনৰ তলত। গৰৈমাৰী, জোৰশিমুলী আৰু সোণতলী আৰক্ষীৰ সৈতে স্থানীয় ৰাইজে কেইবা ঘণ্টা চেষ্টাৰ অন্তত তিনিজনক জীৱিত আৰু দুজনক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃত অৱস্থাত উদ্ধাৰ হয় চালেহা খাতুন আৰু ৪ বছৰীয়া কন্যা মাজেদা খাতুন। ইফালে, হাচিনা খাতুন, তাছলিমা খাতুন আৰু ১ বছৰীয়া কণমানি কন্যা শিশু এটিক সংকটজনক অৱস্থাত ডাম্পাৰৰ তলৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। জোৰশিমুলী-সোণতলী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। 

Also Read: শিক্ষাক লৈও ৰাজনীতি! মুছলমান শিক্ষাৰ্থীয়ে অধিক আসন পোৱাৰ বাবেই স্বীকৃতি বাতিল মেডিকেল কলেজৰ!

ইফালে নিশা ডিমৌৰ ৩৭নং ৰাষ্ট্ৰীয় পথত সংঘটিত হয় আন এক শোকাৱহ ঘটনা। দ্ৰুতবেগী গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱালে মটৰ চাইকেল আৰোহীয়ে। দুৰ্ঘটনাত থিতাতে নিহত ৰুবুল গগৈ নামৰ এজন লোকৰ। মৃত ৰুবুল গগৈ পেচাত এজন নাপিত আছিল। নাহৰণিত থকা দোকান বন্ধ কৰি ঘৰলৈ ওভতাৰ পথত সংঘটিত হয় এই ঘটনা। দ্ৰুতবেগী স্ক’ডা বাহনে খুন্দা মাৰে ৰুবুল গগৈয়ে চলাই অহা বাইকত। বাহনখনৰ চালক শুদাংশু হাতীমূৰীয়া আৰু আনজন সহযাত্ৰী যুৱকে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল যদিও কিছুসময় পিছত আহি ডিমৌ থানাত আত্মসমৰ্পণ কৰে৷ 

Advertisment
Advertisment