Advertisment

২২ জানুৱাৰীৰ পৰা জোনবিল মেলা

২২ জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ব জোনবিল মেলা। জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ'বলগীয়া পৰম্পৰাগত জোনবিল মেলাক লৈ ব্যাপক উছাহ। ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিলৰ পাৰত পোৱা যাব পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ অন্যতম নিদৰ্শন।

 ২২ জানুৱাৰীৰ পৰা জোনবিল মেলা Photograph: (DY365)
২২ জানুৱাৰীৰ পৰা জোনবিল মেলা Photograph: (DY365)

২২ জানুৱাৰীৰ পৰা জোনবিল মেলা


পাহাৰৰ পৰা আহিব মামা-মামী

২২ জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ব জোনবিল মেলা। জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ'বলগীয়া পৰম্পৰাগত জোনবিল মেলাক লৈ ব্যাপক উছাহ। মেলাৰ বাবে ব্যাপক প্ৰস্তুতি জোনবিল মেলা সমিতিৰ। ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিলৰ পাৰত পোৱা যাব পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ অন্যতম নিদৰ্শন

Advertisment


২২ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব জোনবিল মেলা। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা। মেলাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে জোনবিল মেলা সমিতিয়ে। বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিলৰ পাৰত দেখিবলৈ পোৱা যাব পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ অন্যতম নিদৰ্শন। 

Also Read: ঘৰৰ ওপৰত বাগৰি পৰিল ডাম্পাৰ, কৰুণ মৃত্যু দুজনৰ

২২ জানুৱাৰী বৃহস্পতিবাৰে পুৱাই দেওশাল মন্দিৰত ৰীতি-নীতি অনুসৰি পূজা-অৰ্চনাৰ পিছতেই মেলালৈ আগমন ঘটিব পাহাৰৰ মামা, মামীৰ। লগত লৈ আহিব পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰী আদা, হালধি, জালুক, জলকীয়া, লাও-কোমোৰা আদি মেটমৰা সম্ভাৰ। মেলাত গোভাৰজা সমন্বিতে ভোজভাত খাব ৰজাৰ বিষয়া সকলে। 

২৩ জানুৱাৰী শুকুৰবাৰে কাহিলি পুৱাতে সম্পাদন হ'ব ঐতিহাসিক বিনিময় প্ৰথাৰ হাট। অনুষ্ঠিত হ'ব জোনবিলত সমূহীয়া মাছ মৰা পৰ্ব।  ইয়াৰ পিছতে অনুষ্ঠিত হ'ব মধ্য অসমৰ পৰম্পৰাগত তিৱা ৰজা সকলৰ বহু প্ৰতিক্ষিত ৰাজদৰবাৰ। এই ৰাজদৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ২২গৰাকী তিৱা ৰজাক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব ৰাজভাত্তা। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিব অন্যান্য মন্ত্ৰী-বিধায়ক আৰু বিশিষ্ট ব্যক্তি। ২৪ জানুৱাৰী শনিবাৰে সামৰণি পৰিব এই জোনবিল মেলাৰ। 

Also Read: পুনৰ সত্ৰৰ ভূমিত অবৈধ দখলকাৰীৰ দপদপনি!

অসমৰ এটা অতি আকৰ্ষণীয় উৎসৱ হ'ল জোনবিল মেলা। মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত (গুৱাহাটী ৰ পৰা ৩২ কিমি) অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা। মাঘ বিহুৰ পিছৰ সপ্তাহত এই মেলা অনুষ্ঠিত হয়।

এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে। ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে। সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা। 

Advertisment
Advertisment