Assameseপহিলা জানুৱাৰীৰ পৰা চানডুবি উৎসৱআৰম্ভ হ'ব ২০২৬ বৰ্ষৰ চানডুবি উৎসৱ। পহিলা জানুৱাৰীৰ পৰা অসম-মেঘালয় সীমান্তৱৰ্তী চানডুবি বিলৰ পাৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ'ব চানডুবি উৎসৱ। চানডুবি উৎসৱত প্ৰদৰ্শিত হ'ব পৰম্পৰাগত কৃষ্টি-সংস্কৃতিৰ মেটমৰা সম্ভাৰ। Jyotiprasad Sarma Dec 30, 2025 13:11 ISTপহিলা জানুৱাৰীৰ পৰা চানডুবি উৎসৱ Photograph: (DY365)পহিলা জানুৱাৰীৰ পৰা চানডুবি উৎসৱআৰম্ভ হ'ব ২০২৬ বৰ্ষৰ চানডুবি উৎসৱ। পহিলা জানুৱাৰীৰ পৰা অসম-মেঘালয় সীমান্তৱৰ্তী চানডুবি বিলৰ পাৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ'ব চানডুবি উৎসৱ। চানডুবি উৎসৱত প্ৰদৰ্শিত হ'ব পৰম্পৰাগত কৃষ্টি-সংস্কৃতিৰ মেটমৰা সম্ভাৰ। Advertismentপহিলা জানুৱাৰীৰ পৰা অসম-মেঘালয় সীমান্তৱৰ্তী চানডুবি বিলৰ পাৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ'ব চানডুবি উৎসৱ। বিভিন্ন জাতি, জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতি, পৰম্পৰা, থলুৱা খাদ্যভাস, খেল-ধেমালি, সাজপাৰ আদিৰে উভৈনদী হৈ পৰিব চানডুবি উৎসৱৰ বাকৰি। Also Read: হেৰাই গ'ল হেঁপাহৰ গ্ৰীটিংছ কাৰ্ডবোৰপ্ৰকৃতিৰ অনুপম সৃষ্টি চানডুবিৰ পাৰত পহিলা জানুৱাৰীৰ পৰা আৰম্ভ হ'ব চানডুবি উৎসৱ। পহিলা জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া চানডুবি উৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। সেইজীয়া বাকৰিত অনুষ্ঠিত হ'বলগীয়া এই উৎসৱলৈ আগমন হ'বলগীয়া দৰ্শানাৰ্থীক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে উৎসৱস্থলী দৃষ্টিনন্দন ৰূপত সজাই পৰাই তোলাৰ প্ৰস্তুতি তুংগত উঠিছে।Also Read: বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়া আৰু নাইইতিমধ্যে চানডুবিৰ বুকুলৈ নানা দেশী-বিদেশী পৰ্যটকৰ সোঁত বৈছে। চিৰ সেউজীয়া চানডুবিৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰিবলৈ যেন পৰ্যটনক কিম্বা বনভোজকাৰীৰে ভৰি পৰিছে চানডুবিৰ বুকু। অসম-মেঘালয় সীমান্তৱৰ্তী চানডুবি বিলৰ পাৰতে পাঁচদিনীয়াকৈ অনুষ্ঠিত হ'ব চানডুবি উৎসৱ-২০২৬। ১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ অনুষ্ঠিত হ'ৱ এই উৎসৱ। থলুৱা কৃষ্টি আৰু জনজাতীয় লোক সংস্কৃতি তথা পৰম্পৰাগত খাদ্য, সাজপাৰেৰে ভৰি পৰিব চানডুবি উৎসৱৰ বাকৰি। এই অঞ্চলটোলৈ আহি পৰ্যটকে ল'ব পাৰে নৌকা বিহাৰৰো আমেজ। অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল। গুৱাহাটী মহানগৰৰ পৰা এই চানডুবিলৈ প্ৰায় ৬৪ কিলোমিটাৰ। অসম আৰু মেঘালয়ৰে আবৃত গাৰো পাহাৰৰ পাদস্থানত এই বিল অৱস্থিত। এই অঞ্চলটো অৰণ্য, চাহ বাগিচা আৰু সৰু সৰু গাঁৱেৰে ভৰা। প্ৰতিবছৰে এই অঞ্চললৈ বনভোজৰ খাবৰ বাবে বা ফুৰিবলৈ আহে বহুলোক। ইয়াৰো পৰি চানডুবি বিলৰ নৈসৰ্গিক সৌন্দৰ্যৰ বাবে ইয়াত পৰ্যটকৰ উপৰি ছবি, মিউজিক ভিডিঅ’ ইত্যাদিৰ দৃশ্যগ্ৰহণৰ বাবে নিতৌ বিভিন্নজনৰ আগমন ঘটে।AdvertismentAdvertisment Read the Next Article