Advertisment

হেৰাই গ'ল হেঁপাহৰ গ্ৰীটিংছ কাৰ্ডবোৰ

নতুন আশাৰে ইজনে-সিজনৰ মাজত আদান প্ৰদান কৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন পত্ৰ তথা হেঁপাহৰ শুভেচ্ছা কাৰ্ডখন এতিয়া যেন কালৰ বুকুত হেৰাই গ'ল। এতিয়া সহজে উপলব্ধ নহয় এসময়ত বহুলভাৱে প্ৰচলিত আপোনজনে প্ৰেৰণ কৰা হেঁপাহৰ গ্ৰীটিংছ কাৰ্ডখন। 

 হেৰাই গ'ল হেঁপাহৰ গ্ৰীটিংছ কাৰ্ডবোৰ Photograph: (DY365)
হেৰাই গ'ল হেঁপাহৰ গ্ৰীটিংছ কাৰ্ডবোৰ Photograph: (DY365)

হেৰাই গ'ল হেঁপাহৰ গ্ৰীটিংছ কাৰ্ডবোৰ


দুই কণমানিৰ আন্তৰিক প্ৰয়াস 


আৰু মাত্ৰ কেইটামান ক্ষণ। আৰু এটা বছৰে মাগিব বিদায়। বিদায় মাগিব ২০২৫ বৰ্ষটোৱে। পদূলি মুখত ইংৰাজী নৱবর্ষ ২০২৬৷ পুৰণিক বিদায় দি নতুন বছৰক আদৰাৰ প্ৰস্তুতি এতিয়া সৰ্বত্ৰে। নতুন বছৰৰ অহাৰ লগে লগে সকলোৰে মনবোৰ হৈ পৰে পুলকিত, ৰঙীন। এনে ৰঙীন সময়তে মনলৈ আহে তাহানিৰ নানাৰঙী গ্রীটিংছ কার্ডৰ কথা৷ নতুন বছৰৰ প্ৰাকমুহূৰ্তত মনলৈ অহা পুৰণি শব্দটো হৈছে গ্ৰীটিংছ কাৰ্ড। গ্ৰীটিংছ কাৰ্ডেই আছিল এটা সময়ত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপনৰ অন্যতম মাধ্যম। মৰমৰ আদান-প্ৰদানৰ আন এক অন্যতম মাধ্যম।

Advertisment

Also Read: বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়া আৰু নাই

নতুন আশাৰে ইজনে-সিজনৰ মাজত আদান প্ৰদান কৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন পত্ৰ তথা হেঁপাহৰ শুভেচ্ছা কাৰ্ডখন এতিয়া যেন কালৰ বুকুত হেৰাই গ'ল। এতিয়া সহজে উপলব্ধ নহয় এসময়ত বহুলভাৱে প্ৰচলিত আপোনজনে প্ৰেৰণ কৰা হেঁপাহৰ গ্ৰীটিংছ কাৰ্ডখন। 

আধুনিকতাৰ ধামখুমীয়াত অথবা তথ্য প্ৰযুক্তিৰ দ্ৰুত উন্নয়নত ম'বাইল ফোনৰ প্ৰচলনৰ লগে লগেই ইজনে-সিজনক লগ পোৱাটো অতি সহজ হৈ পৰিল৷ দেশ-বিদেশৰ লোকক ঘৰতে বহি যোগাযোগ কৰিবলৈ সুবিধা পোৱাৰ লগতে ভাৱৰ আদান প্ৰদান সহজ হৈ পৰিল। লগতে সহজ হৈ পৰিল নতুন বছৰৰ শুভেচ্ছা জ্ঞাপনৰ মাধ্যমো। যাৰ বাবে অতীত হৈ পৰিল সেই ৰঙীন কলমৰে লিখি নিজৰ আপোনজনলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰা সেই হেঁপাহৰ কাৰ্ডখন। 

Also Read: মুছলমানৰ কলিজাত আঘাত হানিছে মুখ্যমন্ত্ৰীয়ে, সৰৱ মুছা

আধুনিকতাৰ ধামখুমীয়াত গ্ৰীটিংছ কাৰ্ডবোৰ এতিয়া ইতিহাস! নতুন বছৰৰ শুভেচ্ছা জনোৱা মাধ্যমো সলনি হ’ল। গ্ৰীটিংছ কাৰ্ডৰ সলনি ফেচবুক, হোৱাটছএপ ছ'চিয়েল মিডিয়াই গ্ৰীটিংছ কাৰ্ডৰ স্থান দখল কৰিলে। পূৰ্বতে বিচাৰি ভিৰ কৰা সেই গ্ৰীটিংছ কাৰ্ড এতিয়া বিপণী সমূহতো নোহোৱা হ'ল। এটা সময় আছিল যিটো সময়ত এই কাৰ্ড বহুল প্ৰচলিত প্ৰথম শুভেচ্ছা কাৰ্ড৷ এটা সময়ত ভাৰতবৰ্ষত এই কাৰ্ডৰ বহুল প্ৰচলন আছিল। প্ৰায় ১৯৭০ দশকৰ পৰা একবিংশ শতিকাৰ প্ৰথম ভাগলৈ অসমত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰা এই কাৰ্ডৰ যথেষ্ট পৰিমাণে প্ৰচলন আছিল।

পিছে এতিয়া এই কাৰ্ডৰ প্ৰচলন নোহোৱা হ'ল। সময়ৰ সোঁতত হেৰাই যোৱা গ্ৰীটিংছ কাৰ্ড ধৰি ৰখাৰ প্ৰয়াস চামগুৰিৰ দুগৰাকী কণমানিৰ। চামগুৰিৰ শিঙিয়া কেকোঁৰা চুক গাঁৱৰ উৎপলাক্ষী বৰা আৰু থানভি বৰাই নিজৰ বন্ধু-বান্ধৱী সকলৰ লগতে নিজৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ ঘৰতে বনাইছে নানাৰঙী গ্ৰীটিংছ কাৰ্ড। ৰঙীন কাগজ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ডিজাইনেৰে বনাইছে গ্ৰিটিংছ কাৰ্ড। কালৰ সোঁতত হেৰাই যোৱা গ্ৰিটিংছ কাৰ্ডসমূহ পুনৰ ধৰি ৰখাৰ প্ৰয়াস কৰা চামগুৰিৰ দুগৰাকী কণমানিক বহুজনে কৰিছে প্ৰশংসা তথা শুভেচ্ছা। আমাৰ ফালৰ পৰাও দুয়ো কণমানিলৈ থাকিল শুভেচ্ছা তথা শুভকামনা।

Advertisment
Advertisment