Advertisment

আজি পঞ্চভূতত বিলীন হ'ব সংগীতৰ ৰজা

মায়াবিনীৰ স্ৰষ্টাই আজি পৰিয়াল, আত্মীয় আৰু হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত বিলীন হ'ব পঞ্চভূতত। সাগৰ তলিত শুবৰে মন বুলি প্ৰাণ ঢালি গোৱা জুবিনে সাগৰতেই ললে জীৱনৰ অন্তিমটো উশাহ। আজি সোণাপুৰৰ কমাৰকুছিত জীৱনৰ অন্তিমখন মঞ্চত উঠিব প্ৰাণৰ শিল্পী।

 FILEPHOTO
FILEPHOTO

আৰু কিছু বেলি দেখা দিবা নেকি, তোমাক চোৱাৰ বতৰ এয়া... 
আজি পঞ্চভূতত বিলীন হ'ব সংগীতৰ ৰজা

Advertisment

কায়িকভাৱে আৰু আমাৰ মাজত নাই জুবিন গাৰ্গ। মায়াবিনীৰ স্ৰষ্টাই আজি পৰিয়াল, আত্মীয় আৰু হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত বিলীন হ'ব পঞ্চভূতত। সাগৰ তলিত শুবৰে মন বুলি প্ৰাণ ঢালি গোৱা জুবিনে সাগৰতেই ললে জীৱনৰ অন্তিমটো উশাহ। আজি সোণাপুৰৰ কমাৰকুছিত জীৱনৰ অন্তিমখন মঞ্চত উঠিব প্ৰাণৰ শিল্পী।

সেইদিনা আছিল ১৯ ছেপ্তেম্বৰ। অভিশপ্ত সেই দিনটেতেই অসমলৈ আহিছিল অসমবাসীয়ে কেতিয়াও শুনিব নিবিচৰা খবৰটো। সেইদিনা দুপৰীয়া প্ৰথমে খবৰ আহিছিল যে চিংগাপুৰত অসুস্থ হৈ পৰিছে জুবিন গাৰ্গ। অসুস্থ জুবিন গাৰ্গক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে ICUত। তাৰ কিছু সময়ৰ পিছতেই আহিল আহিল অসমীয়া জাতিয়ে কেতিয়াও মানি ল'ব নোৱাৰা, বিশ্বাস কৰিব নোৱাৰে সেই খবৰটো, "জুবিন গাৰ্গৰ মৃত্যু"। 

হাঁহি-স্ফূতিৰে চিংগাপুৰলৈ যোৱা জুবিন গাৰ্গ নীৰৱে শুই আহিল এটা কফিনৰ ভিতৰত। মায়াবিনীৰে অসমীয়াই প্ৰাণৰ শিল্পীগৰাকীক জগাবলৈ হাজাৰ হাজাৰ বাৰ চেষ্টা কৰিলে কিন্তু...।  সাগৰ তলিত শুবৰে মন বুলি প্ৰাণ ঢালি গাই সাগৰতেই জীৱনৰ অন্তিমটো উশাহ লোৱা জুবিন নামৰ সত্বাটোক অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে। জীৱনৰ ৫২ টা বসন্তৰ ভাগৰ জিৰাবলৈ চিৰকাললৈ শুই গ'ল জুবিন গাৰ্গ। জুবিন অহিবনে নিজকে কল্পনা কৰিব নোৱাৰা প্ৰতিজনে পাৰ কৰিছে এতিয়া উজাগৰী নিশা। 

আজি পঞ্চভূতত বিলীন হ'ব অসমীয়াৰ জুবিন গাৰ্গ। কমাৰকুছিত ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ শেষকৃত্যৰ বাবে চলাইছে যুদ্ধকালীন প্ৰস্তুতি। ৰাষ্ট্ৰীয় মৰ্যাদাৰে বিদায় জনোৱা হ'ব প্ৰাণৰ শিল্পীগৰাকীক। ভগ্নী পামি বৰঠাকুৰে জুবিন গাৰ্গৰ মুখাগ্নি কৰিব। এই সময়ছোৱাত ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে পামি বৰঠাকুৰক সহযোগিতা কৰিব। 

কিন্তু জুবিনক জানো অসমীয়াই পাহৰিব পাৰিব? জুবিনক জানো কোনোবাই বিদায় দিব পাৰিব? জুবিনক হেৰুৱাই মৰ্মাহত অসমীয়াই কোনোকালে বিদায় দিব নোৱাৰে জুবিনক। অসমীয়া জাতি জীয়াই থকালৈকে অসমীয়াৰ প্ৰাণত প্ৰতিধ্বণিত হৈ থাকিব অসমীয়াৰ আৱেগৰ আৰু হেঁপাহৰ জুবিন।

Advertisment
Advertisment