Advertisment

বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়া আৰু নাই

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ মৃত্যু। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি শেষ নিশ্বাস ত্যাগ কৰে খালেদা জিয়াই। ঢাকাৰ চিকিৎসালয়ত পুৱা শেষ নিশ্বাস ত্যাগ কৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াই।

 বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়া আৰু নাই Photograph: (DY365)

Also Read: ২৪ নহয় ২৫ ঘন্টাত হ'ব এটা দিন! বিজ্ঞানীৰ চাঞ্চল্যকৰ দাবী

দীৰ্ঘদিন ধৰি গুৰুতৰ অসুস্থতাৰ সৈতে যুঁজি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে খালেদা জিয়াই। খালেদা জিয়া আছিল বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। মৃত্যুৰ সময়ত খালেদা জিয়াৰ বয়স আছিল ৮০ বছৰ। কিডনীৰ পুৰণি সমস্যা জটিল হোৱাত ভৰ্তি হৈছিল হাস্পতালত। ২৩ নৱেম্বৰৰ পৰা চিকিৎসাধীন খালেদা জিয়াৰ সংক্ৰমণ ধৰা পৰে হাওঁফাওঁত। সোমবাৰে অত্যন্ত সংকটজনক হৈ পৰে বিএনপি নেত্ৰীগৰাকীৰ শাৰীৰিক অৱস্থা। জিয়াউৰ ৰহমানৰ স্ত্রী হিচাপে স্বামীৰ মৃত্যুৰ পাছত খালেদা জিয়াই লৈছিল BNPৰ নেতৃত্ব। 

Also Read: শিহৰণকাৰী! অগ্নিদগ্ধ হৈ ১৬ জনৰ কৰুণ মৃত্যু

১৯৯১ত বাংলাদেশৰ প্রথম মহিলা প্রধানমন্ত্রী হিচাপে অধিষ্ঠিত হয় খালেদা জিয়া। দুবাৰকৈ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল খালেদা জিয়া। প্ৰথমবাৰ ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। দ্বিতীয়বাৰ ২০০১ৰ পৰা ২০০৬ চনলৈ বাংলাদেশৰ শাসনভাৰ গ্ৰহণ কৰিছিল। বাংলাদেশত নাৰী শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল খালেদা জিয়াই। স্বেচ্ছাসেৱী সংস্থাৰ দুর্নীতিৰ অভিযোগত ১৭ বছৰৰ কাৰাবাস খাটিবলগীয়া হৈছিল খালিদা জিয়াই। 

Also Read: বৰ্ষাপাৰাত টি-২০ মেচ, সমুখসমৰত ভাৰত-নিউজিলেণ্ড

বৰ্তমান সময়ত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে বাংলাদেশত। বাংলাদেশৰ ৰাজধানী ঢাকাকে ধৰি সকলোতে দেখা গৈছে উত্তেজনাময় পৰিস্থিতিৰ। এনে পৰিস্থিতিৰ মাজতে আজি পুৱা বাংলাদেশে লাভ কৰে এই দুঃখবৰটো। খালেদা জিয়াৰ মৃত্যুত বাংলাদেশৰ ৰাজনীতিৰ এটা যুগৰ অন্ত পৰিল। 

Advertisment
Advertisment