Assameseআজি গোপাষ্টমী, পকা ধানৰ পথাৰত কৃষকে এৰিলে গৰু, লাগিল হুৱা-দুৱাওৰাঙৰ এখন ব্যতিক্ৰমী সোণালী ধাননি পথাৰ। পথাৰৰ চাৰিওফালে ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে। জাকে জাকে গৰু এৰিছে পথাৰ খনত। পবিত্ৰ গোপাষ্টমীৰ দিনা এই পৰম্পৰাৰ পালন কৰে স্থানীয় লোকে। Naba Gogoi Oct 29, 2025 15:10 ISTকষ্টৰ ধান খিনি গৰুক খাবলৈ এৰি দিলে কৃষকে...গুৱাহাটী, ২৯ অক্টোবৰঃ ওৰাঙৰ এখন ব্যতিক্ৰমী সোণালী ধাননি পথাৰ। পথাৰৰ চাৰিওফালে ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে। জাকে জাকে গৰু এৰিছে পথাৰ খনত। গৰুৰ জাকটোৱে পথাৰত নামিয়েই খাবলৈ ধৰিছে ধান আৰু তাৰ পাছতে হুৱা-দুৱা লাগিছে পথাৰখনত। হাজাৰ হাজাৰ মানুহ নামি পৰিল পথাৰখনত। পিছে গৰু খেদিবলৈ নহয়। মানুহে এফালৰ পৰা তহিলং কৰি গৈছে ধাননি পথাৰখন। পথাৰত এৰিদিয়া গৰুয়ে এফালৰ পৰা খোৱাত লাগিছে ধানবোৰ আৰু গৰুয়ে খাই যোৱা অৱশিষ্ট ধানবোৰক লৈ টনা আজোৰা লাগে লোকসকলৰ মাজত। AdvertismentALSO READ: মৰিগাঁৱৰ শিলচাঙত ভয়ংকৰ পথ দুৰ্ঘটনাকৃষকে অতি কষ্টৰে কৰা এই ধাননি পথাৰখন কিয় গৰুক খাবলৈ দিলে? কাৰণ এয়া এক পৰম্পৰা। পৰম্পৰাগতভাৱে গৰুয়ে খাই যোৱা অৱশিষ্ট ধানবোৰ ঘৰলৈ লৈ যোৱা হয়। যাৰ বাবে হাতে-হাতে ধানৰ শিৰ লৈ ঘৰমুৱা হৈছে এইসকল লোক। ALSO READ: কোন বিশিষ্ট ব্যক্তিলৈ ২০২৫-২৬ৰ অসম জাতীয় বিদ্যালয়ৰ বঁটা?এই দৃশ্য হৈছে ওদালগুৰি জিলাৰ ওৰাঙৰ বৰঝাৰস্থিত বীৰেন্দ্ৰ নগৰ আশ্ৰমৰ ধাননি পথাৰ। লোক বিশ্বাস অনুসৰি আজি এই পথা খনত সৃষ্টি হৈছে বিৰল পৰিৱেশৰ। কিয়নো আজি হৈছে পবিত্ৰ গোপাষ্টমী। আজিৰ এই পবিত্ৰ দিনটোৰ পৰা আৰম্ভ হৈছে ওৰাঙৰ বৰঝাৰ বীৰেন্দ্ৰ নগৰ আশ্ৰমত গোপাষ্টমী আৰু ৰাস মহোৎসৱৰ। ৭ দিনীয়াকৈ অনুষ্ঠিত হ'ব ৭১ সংখ্যক ৰাস মহোৎসৱ। ALSO READ: ‘বহুত মনত পৰিছে তোমালৈ গ’ল্ডী, মিছ কৰিছো তোমাক’পৰম্পৰা অনুসৰি এই উৎসৱৰ প্ৰথম দিনা আশ্ৰমখনত থকা ধাননি পথাৰৰ ধান গৰুক খুৱাই। ধান গৰুৰে খোৱাৰ পিছত থকা অৱশিষ্ট ধান ঘৰলৈ নিয়ে কৃষকে। লোক বিশ্বাস মতে এই ধান নিজৰ ভঁৰালত ৰাখিলে ধানৰ উৎপাদন দুগুনে বৃদ্ধি পোৱাৰ লগতে মা লক্ষ্মী ঘৰত বাস কৰে। গোপাষ্টমী উপলক্ষে উৎসৱ মুখৰ পৰিৱেশ বৰঝাৰত বীৰেন্দ্ৰ নগৰৰ আশ্ৰমখনত। AdvertismentAdvertisment Read the Next Article