Assameseঅসম বিটিআৰ নিৰ্বাচনৰ ইতিহাস আৰু ইয়াৰ প্ৰভাৱঅসমৰ ৰাজনৈতিক ইতিহাসত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC) নিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। অঞ্চলটোৰ সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত এই নিৰ্বাচনসমূহে গভীৰ প্ৰভাৱ পেলাইছে।Jyotishmoy Dutta Sep 09, 2025 15:19 ISTHistory of Assam BTR elections and their impact Photograph: (file photo)অসম বিটিআৰ নিৰ্বাচনৰ ইতিহাস আৰু ইয়াৰ প্ৰভাৱবড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (BTR) হৈছে অসমৰ এখন স্বায়ত্তশাসিত অঞ্চল। ভূটান আৰু অৰুণাচল প্ৰদেশৰ পাদদেশত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ অসমৰ পাচখন জিলাক লৈ বড়োলেণ্ড সৃষ্টি হৈছে। এই জিলা কেইখন হৈছে ক্ৰমে কোকৰাঝাৰ জিলা, বাক্সা জিলা, ওদালগুৰি জিলা, চিৰাং জিলা আৰু তামুলপুৰ জিলা। বড়ো আন্দোলনৰ ফলশ্ৰুতিত ২০০৩ চনত হোৱা বড়ো চুক্তিৰ ফলাফল হিচাপে বড়োলেণ্ড গঠন কৰা হৈছিল। Advertismentঅসমৰ ৰাজনৈতিক ইতিহাসত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল(BTC) নিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। অঞ্চলটোৰ সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত এই নিৰ্বাচনসমূহে গভীৰ প্ৰভাৱ পেলাইছে।Also Read: পুনৰ ভাৰতলৈ উভতিব নেকি Tiktok?বড়ো আন্দোলনৰ পটভূমি-বড়োলেণ্ডৰ ৰাজনৈতিক যাত্ৰা ১৯৮৭ চনত সদৌ বড়ো ছাত্ৰ সন্থা (ABSU)-এ পৃথক ৰাজ্যৰ দাবীৰে আৰম্ভ কৰা আন্দোলনৰ পৰাই আৰম্ভ হৈছিল। পৃথক বড়োলেণ্ডৰ দাবীৰে বড়ো আন্দোলন ১৯৬৭ চনৰ পৰাই চেগা-চোৰোকাকৈ চলি আছিল যদিও ১৯৮৭ চনতহে উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত ই জংগী ৰূপ লাভ কৰে।এই আন্দোলনৰ ফলস্বৰূপে ১৯৯৩ আৰু ২০০৩ চনত দুখন বড়ো চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ ফলত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ (BAC) আৰু পিছলৈ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC) গঠন হয়।প্ৰথম নিৰ্বাচন আৰু BPF-ৰ শাসন- ২০০৩ চনৰ চুক্তিৰ পিছত ২০০৫ চনত প্ৰথমবাৰৰ বাবে বিটিচি নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বড়োলেণ্ড পিপলছ ফ্ৰন্ট (BPF) দলে বৃহৎ বিজয় সাব্যস্ত কৰিছিল। ইয়াৰ পিছত, বিপিএফ-এ অঞ্চলটোত প্ৰায় ১৫ বছৰ ধৰি শাসন চলাইছিল। এই সময়ছোৱাত বড়োলেণ্ডত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি হোৱাৰ লগতে, প্ৰশাসনিক আৰু উন্নয়নমূলক কাম-কাজৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়া হৈছিল।Also Read: পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্ক! ১০ ছেপ্টেম্বৰত অসমৰ ৰাজনীতিত হ'ব নেকি ভূমিকম্প?২০২০ চনৰ পৰিৱৰ্তন- ২০২০ চনৰ বিটিচি নিৰ্বাচন আছিল এক ঐতিহাসিক পৰিৱৰ্তনৰ নিদৰ্শন। এই নিৰ্বাচনৰ পূৰ্বে ২০১৯ চনত নতুন বড়ো চুক্তি স্বাক্ষৰিত হয়, যাৰ ফলত অঞ্চলটোৰ নাম বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (BTR) হয় আৰু পৰিষদৰ ক্ষমতা বৃদ্ধি পায়। এই নিৰ্বাচনত বিপিএফ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হৈছিল, যদিও তেওঁলোক একক বৃহৎ দল হিচাপে আছিল। এই পৰিস্থিতিত ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL), ভাৰতীয় জনতা পাৰ্টি (BJP) আৰু গণ সুৰক্ষা পাৰ্টি (GSP) -ৰ মিত্ৰজোঁটে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে। প্ৰমোদ বড়ো বিটিআৰৰ নতুন মুখ্য কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত হয়।প্ৰভাৱ আৰু বৰ্তমানৰ পৰিস্থিতি- বিটিআৰৰ ৰাজনীতি বৰ্তমান এক নতুন দিশলৈ গতি কৰিছে। ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপি আৰু ইউপিপিএল-ৰ মিত্ৰতাৰ ফলত চৰকাৰ গঠন হোৱাৰ পিছত বড়োলেণ্ডৰ ৰাজনীতিয়ে ৰাজ্যিক ৰাজনীতিত এক বিশেষ ভূমিকা লাভ কৰিছে। বৰ্তমানৰ চৰকাৰে অঞ্চলটোৰ উন্নয়ন, শান্তি আৰু সম্প্ৰীতিৰ ওপৰত গুৰুত্ব দিছে। এই নিৰ্বাচনে অঞ্চলটোৰ ৰাজনীতিত নতুন শক্তিৰ উত্থান সূচাইছে আৰু বড়ো জনসাধাৰণৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে। ইয়াৰ প্ৰভাৱ কেৱল বড়োলেণ্ডতেই সীমাবদ্ধ নহয়, বৰং অসমৰ সামগ্ৰিক ৰাজনীতিতো ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।ভৱিষ্যতৰ দিশ- বৰ্তমানৰ শাসনাধিস্থ দল ইউপিপিএল-বিজেপি মিত্ৰজোঁটে বিটিআৰত শান্তি আৰু উন্নয়নৰ ওপৰত গুৰুত্ব দিছে। অহা নিৰ্বাচনত বিপিএফ আৰু ইউপিপিএল-ৰ মাজত পুনৰ এক তীব্ৰ প্ৰতিযোগিতা হোৱাৰ সম্ভাৱনা আছে। এই নিৰ্বাচনসমূহে কেৱল নেতা বা দল বাছনি কৰাই নহয়, বৰং বড়ো জনসাধাৰণৰ আশা, প্ৰত্যাহ্বান আৰু প্ৰগতিৰ প্ৰতিফলন হিচাপে দেখা যায়। Read the Next Article