Assameseমই অগপত আছো কিন্ত বিজেপিক বেয়া পাওঁঃ কমলা কলিতামিত্ৰদলত সংঘাত! বিজেপিৰ বিৰোধী স্থিতি নেকি অগপ নেতা কমলা কলিতাৰ? বিজেপিৰ বিৰুদ্ধে প্ৰায়ে বিৰূপ মন্তব্য কৰি অহা অগপৰ সাঃ সম্পাদক ডাঃ কমলাকান্ত কলিতাই নিজেই স্বীকাৰ কৰিলে অগপ ক্ৰমান্বয়ে দুৰ্বল হোৱাৰ কথা।Naba Gogoi Sep 07, 2025 10:55 ISTPhotograph: (INTERNET)বিজেপিৰ বিৰোধী স্থিতি নেকি অগপ নেতা কমলা কলিতাৰ?পুনৰ বিস্ফোৰণ ঘটাই অগপৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাৰ ডাঙৰ মন্তব্য।Advertisment'মই অগপত আছো কিন্ত বিজেপিক বেয়া পাওঁ'। 'বিজেপিৰ নীতি আদৰ্শক মই সমৰ্থন নকৰো'। বিজেপিৰ বিৰুদ্ধে প্ৰায়ে বিৰূপ মন্তব্য কৰি অহা অগপৰ সাঃ সম্পাদক ডাঃ কমলাকান্ত কলিতাই নিজেই স্বীকাৰ কৰিলে অগপ ক্ৰমান্বয়ে দুৰ্বল হোৱাৰ কথা। সত্যব্ৰত কলিতাক বলিৰ পঠা সজাই নিজে এতিয়া একপ্ৰকাৰ আত্মগোপন কৰিবলগীয়া হোৱা কলিতাই অৱশেষত যেন ধৰা দিলে সংবাদ মাধ্যমৰ সন্মুখত। এসময়ত অগপৰ নিজকে মহাপ্ৰতাপী নেতা বুলি ভবা কমলা কলিতাই ছয়গাঁৱত একেৰাহে তিনিবাৰকৈ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ হাতত পৰাজিত হৈ শেষত এইবাৰ ছয়গাঁও সমষ্টিটোৱেই নোহোৱা হোৱাত দিকবিদিক হেৰুৱাই পেলাইছে। এতিয়া বিজেপিৰ দখলত থকা পলাশবাৰী সমষ্টিটোলৈ ঢাপলি মেলিব বিচাৰিছে যদিও সমষ্টিটো অগপক এৰি দিয়াৰ পথ মুঠেও সুগম হৈ থকা নাই। সেয়েহে মাজে মাজে ছমৰীয়া সমষ্টিলৈ গৈ সভাই সমিতিয়ে অংশগ্ৰহণ কৰে যদিও ইছলামিক ভোটাৰ বেছি থকাৰ বাবে সেই সমষ্টিটোত মিত্ৰতাৰে অগপৰ পৰা বিজয়ী হোৱাৰ সম্ভাৱনা তেওঁ নিজেই দেখা নাই। এতিয়া অসহায় হৈ পৰা কমলা কলিতাই সুবিধা পালেই বিজেপি বিৰোধী মন্তব্যৰে চৰ্চাত থাকিব বিচাৰে।শেহতীয়াভাৱে ওলোৱা খবৰ অনুসৰি মিত্ৰজোঁটৰ হৈ পলাশবাৰীত কমলা কলিতাই প্ৰাৰ্থীত্ব নাপালে ছমৰীয়াত কংগ্ৰেছী বিধায়ক হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে! তেওঁ আশা কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ আজ্ঞাবাহী ৰেকিবুদ্দিন আহমেদক ৰাহুল গান্ধী আৰু গৌৰৱ গগৈয়ে বেয়া পোৱাৰ অজুহাতত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰিব। সেয়েহে সমষ্টিটো উদ্ধাৰৰ বাবে কমলা কলিতাক প্ৰাৰ্থীত্ব দিব বুলি পৰ্বতত যেন কাছ কণী বিচাৰিছে। এই বিষয়টো কংগ্ৰেছে স্পষ্ট কৰিলেই কমলা কলিতাই হাতী বিসৰ্জন দি হাতক আকোঁৱালি লোৱাৰ বাবে সেউজ সংকেটৰ আশা পালি আছে বুলি তেখেতৰ একাংশ ঘনিষ্ঠ মহলত চৰ্চা চলিছে। আনহাতে একেলগে বিজেপি বিৰোধী মন্তব্যৰে চৰ্চাত থকা সত্যব্ৰত কলিতাৰ সৈতে একেলগে অগপ এৰি কংগ্ৰেছী হোৱাৰ সপোন দেখি সত্যব্ৰত কলিতাক অগপ ত্যাগ কৰালে যদিও বিভিন্ন বাধাৰ বাবে কংগ্ৰেছী হ'ব পৰা নাই। কমলা কলিতাই তেওঁক আগবঢ়াই দি বলিৰ পঠা সজাই নিজে এতিয়াও অগপতেই থাকিল বুলিও চৰ্চা চলিছে। এসময়ত অগপ নেতা যতীন মালীকো কমলা কলিতাই স্বাৰ্থ সিদ্ধিৰ বাবেই বলিৰ পঠা সজোৱাৰ অভিযোগ উত্থাপিত হৈছিল।যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে পলাশবাৰীৰ অগপ নেতা পংকজলোচল গোস্বামীকো বলিৰ পঠা সজাইছিল! কমলা কলিতাৰ অত্যাচাৰত অগপ এৰি অজাপত যোগদান কৰি পংকজলোচন গোস্বামী এতিয়া অজাপৰ যুটীয়া সম্পাদক হৈ থকাৰ বাবে কমলা কলিতাই অজাপলৈও যাব নোৱাৰা পৰিস্থিতি। এতিয়া যেন অসহায় কমলা কলিতা। উপায় বিহীন হৈ কেইদিনমান সংবাদ মাধ্যমৰ সন্মুখৰ পৰা লুকাই থাকি পুনৰ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ কলিতাই কৈছে 'মই অগপত আছো কিন্ত বিজেপিক বেয়া পাওঁ'। 'বিজেপিৰ নীতি আদৰ্শক মই সমৰ্থন নকৰো'। কেমেৰাপাৰ্ছন ৰিতু কলিতাৰ সৈতে মিৰ্জাৰ পৰা গিৰীন্দ্ৰ কলিতাৰ ৰিপ'ৰ্ট DY365 Read the Next Article