Advertisment

পুনৰ ভাৰতলৈ উভতিব নেকি Tiktok?

বিগত কিছুদিন ধৰি দেশজুৰি পুনৰ Tiktokক লৈ চৰ্চা চলিছে। Tiktok পুনৰ ভাৰতলৈ ঘুৰি আহিব বুলি সামাজিক মাধ্যমতো একাংশই বাতৰি পৰিৱেশন কৰিছে। কিন্তু এই চৰ্চাৰ গ্ৰহণযোগ্যতা কিমান? সচাকৈয়ে চৰ্চা চলাৰ নিচিনা ভাৰতলৈ পুনৰ উভতিব নেকি Tiktok?

 FilePhoto

Tiktok ভাৰতলৈ ঘূৰি অহাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নুই কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি, তথ্য-সম্প্ৰচাৰ আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চীনৰ চুটি ভিডিঅ’ প্লেটফৰ্ম Tiktokত আৰোপ কৰা নিষেধাজ্ঞা বাতিল কৰা সিদ্ধান্ত বৰ্তমানেও বাহাল আছে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে চৰকাৰে এই বিষয়টো সন্দৰ্ভত কোনো আলোচনাও কৰা নাই 

উল্লেখ্য যে ২০২০ চনৰ জুন মাহত ভাৰতত প্ৰথমবাৰৰ বাবে টিকটক নিষিদ্ধ কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ডাটা প্ৰাইভেচিৰ সমস্যাক লৈ ৫৯টা চীনা এপ ব্লক কৰিছিল। ইয়াৰ পিছত এপল আৰু গুগলে এই এপসমূহ নিজৰ ষ্ট’ৰৰ পৰা আঁতৰাই পেলায়, আৰু ২০২১ চনৰ জানুৱাৰী মাহত এই নিষেধাজ্ঞা স্থায়ী কৰা হয়। সেই সময়ত ভাৰত আছিল টিকটকৰ সৰ্ববৃহৎ ব্যৱহাৰকাৰী ভিত্তি, য’ত ২ কোটিতকৈ অধিক লোকে এই প্লেটফৰ্ম ব্যৱহাৰ কৰিছিল।