Assameseপুনৰ সত্ৰৰ ভূমিত অবৈধ দখলকাৰীৰ দপদপনি!ৰাজ্যত পুনৰ সত্ৰৰ ভূমিত অবৈধ দখলকাৰীৰ দপদপনি! এইবাৰ অবৈধ দখলৰ কবলত বৰপেটাৰ ঐতিহাসিক সত্ৰ। বৰপেটাৰ শ্রীশ্রী নাৰায়ণ দাস ঠাকুৰ আতা গুৰুমুখী থানত অবৈধ দখল। সত্ৰৰ বেনাৰ-ফলক ভাঙি চিঙি লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই।Jyotiprasad Sarma Jan 11, 2026 13:44 ISTপুনৰ সত্ৰৰ ভূমিত অবৈধ দখলকাৰীৰ দপদপনি! Photograph: (DY365)পুনৰ সত্ৰৰ ভূমিত অবৈধ দখলকাৰীৰ দপদপনি!ৰাজ্যত পুনৰ সত্ৰৰ ভূমিত অবৈধ দখলকাৰীৰ দপদপনি! এইবাৰ অবৈধ দখলৰ কবলত বৰপেটাৰ ঐতিহাসিক সত্ৰ। বৰপেটাৰ শ্রীশ্রী নাৰায়ণ দাস ঠাকুৰ আতা গুৰুমুখী থানত অবৈধ দখল। সত্ৰৰ বেনাৰ-ফলক ভাঙি চিঙি লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই।AdvertismentAlso Read: অষ্ট্ৰেলিয়াৰ প্ৰশাসনীয় বিষয়া হিচাপে নিযুক্ত অসমীয়া যুৱকবেদখলকাৰীৰ কবলত বৰপেটাৰ শ্রীশ্রী নাৰায়ণ দাস ঠাকুৰ আতা গুৰুমুখী থান। সত্ৰৰ বেনাৰ-ফলক ভাঙি-চিঙি লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই৷ ঘটনা সন্দৰ্ভত বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ ওচৰত থান-সত্ৰ পৰিচালনা সমিতিয়ে লিখিত অভিযোগ দিয়ে আৰু বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰে৷ মহাপুৰুষ শ্ৰীমন্তশংকৰ দেৱৰ একনিষ্ঠ সেৱক তথা ভক্ত শ্ৰীশ্ৰীনাৰায়ণ দাস ঠাকুৰ আতাৰ স্মৃতি বিজড়িত বৰপেটাৰ গান্ধীনগৰৰ সমীপৱৰ্তী সনকুছিত স্থাপিত গুৰুমুখী থান-সত্ৰৰ নামত থকা বেনাৰ-ফলক ভাঙি-চিঙি লণ্ড-ভণ্ড কৰা ঘটনাই সমগ্ৰ বৰপেটাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। Also Read: অপেক্ষাৰ অন্ত! আজি ২২ গজত ৰোহিত শৰ্মা, বিৰাট কোহলীজনৈক নুৰ মহম্মদ খণ্ডকাৰ নামৰ এজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি গুৰুমুখী থান-সত্ৰ পৰিচালনা সমিতিয়ে দাখিল কৰে অভিযোগ পত্ৰ। সত্ৰখনৰ সন্মুখৰ পূব দিশত আৰু দক্ষিণ দিশত থকা পুখুৰী দুটা দখলৰ অপচেষ্টা। থান-সত্ৰখনৰ দক্ষিণ দিশত থকা পুখুৰীটোৰ দুয়ো পাৰে থান-সত্ৰৰ সংৰক্ষিত এলেকা বুলি ফলক আৰু বেনাৰ আঁৰি দিয়া আছিল বুলি উল্লেখ কৰি থান-সত্ৰ পৰিচালনা সমিতিয়ে অভিযোগ উত্থাপন কৰি কয় যে, উক্ত বেনাৰ আৰু ফলক জনৈক নুৰ মহম্মদ খন্দকাৰে ভাঙি চিঙি নষ্ট কৰি পেলায়৷Also Read: পদূলিমুখত হেঁপাহৰ ভোগালী বিহু৭ জানুৱাৰীত সত্ৰখনত পালন কৰা হৈছিল শ্ৰীশ্ৰীনাৰায়ণ দাস ঠাকুৰ আতাৰ তিৰোভাৱ তিথি। তিৰোভাৱ তিথি মহোৎসৱতে পুখুৰীটোৰ দুয়োপাৰে ফলক আৰু বেনাৰ আঁৰিছিল সমিতিয়ে। ৮ জানুৱাৰীৰ নিশা নুৰ মহম্মদ খণ্ডকাৰে বেনাৰ-ফলক ফালি পেলোৱাৰ অভিযোগ। থান-সত্ৰখনৰ পৰিচালনা সমিতিয়ে বিষয় সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দুষ্কাৰ্য সংঘটিত কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷AdvertismentAdvertisment Read the Next Article