Assameseপদূলিমুখত হেঁপাহৰ ভোগালী বিহুপদূলিমুখত হেঁপাহৰ ভোগালী বিহু। ভোগালী বিহুলৈ মাজত মাথোঁ এটা দিন৷ মাঘ বিহুৰ বাবে তৎপৰতাৰ যেন অন্ত নাই অসমীয়াৰ। ৰাজ্যজুৰি বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ইতিমধ্যে সমগ্ৰ ৰাজ্য ভোগালী বিহুৰ আয়োজনত ব্যস্ত। কি গাঁও, কি চহৰ সকলোতে মাঘ বিহুৰ উছাহ। Jyotiprasad Sarma Jan 11, 2026 11:20 ISTপদূলিমুখত হেঁপাহৰ ভোগালী বিহু Photograph: (DY365)পদূলিমুখত হেঁপাহৰ ভোগালী বিহুপদূলিমুখত হেঁপাহৰ ভোগালী বিহু। ভোগালী বিহুলৈ মাজত মাথোঁ এটা দিন৷ মাঘ বিহুৰ বাবে তৎপৰতাৰ যেন অন্ত নাই অসমীয়াৰ। ৰাজ্যজুৰি বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ইতিমধ্যে সমগ্ৰ ৰাজ্য ভোগালী বিহুৰ আয়োজনত ব্যস্ত। কি গাঁও, কি চহৰ সকলোতে মাঘ বিহুৰ উছাহ। Advertismentৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে ভোগালী তথা মাঘ বিহু উদযাপনৰ প্ৰস্তুতি। মেজি, ভেলাঘৰ প্ৰস্তুত কৰাত ব্যস্ত গাঁৱৰ ৰাইজ। গাঁৱৰ পথাৰত ডেকাসকলে নিৰ্মাণ কৰিছে বিভিন্ন আৰ্হিৰ ভেলাঘৰ। জীয়ৰী-বোৱাৰীসকল ব্যস্ত হৈ পৰিছে পিঠা-পনা প্ৰস্তুত কৰাত। গাত তৰণি নাই ডেকা-বুঢ়াৰ। ডেকা-গাভৰুসকলে উলাহতে জুৰিছে বিহু নাম৷ বিহু নামেৰে মুখৰিত হৈ পৰিছে চৌদিশ। গাঁৱৰ ঘৰে ঘৰে এতিয়া ঢেঁকীৰ শব্দ। কোনোৱে যদি ঢেঁকীত চাউল গুৰা কৰিছে, কোনোৱে আকৌ আখলত বহি পিঠা বনাইছে। Also Read: ৰাম মন্দিৰত নামাজ আদায়ৰ চেষ্টা! গ্ৰেপ্তাৰ আবু আহমেদ শ্বেখউৰুকা নিশালৈ মিলা-প্ৰীতিৰে এসাঁজ খোৱাৰ বাবেও সাজু হৈছে সকলো। পিছপৰি ৰোৱা নাই চহৰসমূহ। গুৱাহাটীতো ভোগালীৰ ব্যাপক উছাহ। ঠায়ে ঠায়ে বহিছে ভোগালী মেলা। বিবিধ চিৰা, পিঠা, দৈ, ক্ৰীম এতিয়া বজাৰত উভৈনদী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিহুৰ সামগ্ৰী লৈ গুৱাহাটীত উপস্থিত হৈছে ব্যৱসায়ী। প্ৰয়োজন হ’লে আপুনি মেজি, ভেলাঘৰো ক্ৰয় কৰিব পাৰে বজাৰৰ পৰা। Also Read: প্ৰথমে আক্ৰমণ পাছত বিহ খুৱাই...বাংলাদেশত পুনৰ হিন্দুৰে ভয়ংকৰ ঘটনাপুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা সকলো অসমীয়াই চেনেহৰ মাঘ বা ভোগালী বিহু পালন কৰে। কৃষিজীৱী লোকে বছৰজুৰি কৰা পৰিশ্ৰমৰ অৱসাদ দূৰ কৰিবলৈকে পালন কৰে ভোগৰ উৎসৱ ভোগালী। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা-বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা। এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়। জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।AdvertismentAdvertisment Read the Next Article