Advertisment

অষ্ট্ৰেলিয়াৰ প্ৰশাসনীয় বিষয়া হিচাপে নিযুক্ত অসমীয়া যুৱক

ভোগালী বিহুৰ প্ৰাক ক্ষণত অসমবাসীৰ বাবে সুখবৰ। অষ্ট্ৰেলিয়াৰ প্ৰশাসনীয় বিষয়া হিচাপে নিযুক্ত অসমীয়া যুৱক। গুৱাহাটীৰ ২৩ বছৰীয়া যুৱক প্ৰজ্ঞান চক্ৰৱৰ্তীৰ নিযুক্তি লাভ। কাইলৈ অষ্ট্ৰেলিয়াৰ প্ৰশাসনীয় বিষয়া হিচাপে যোগদান কৰিব প্ৰজ্ঞান চক্ৰৱৰ্তীয়ে। 

ভোগালী বিহুৰ প্ৰাক ক্ষণত অসমবাসীৰ বাবে সুখবৰ


অষ্ট্ৰেলিয়াৰ প্ৰশাসনীয় বিষয়া হিচাপে নিযুক্ত অসমীয়া যুৱক

ভোগালী বিহুৰ প্ৰাক ক্ষণত অসমবাসীৰ বাবে সুখবৰ। অষ্ট্ৰেলিয়াৰ প্ৰশাসনীয় বিষয়া হিচাপে নিযুক্ত অসমীয়া যুৱক। গুৱাহাটীৰ ২৩ বছৰীয়া যুৱক প্ৰজ্ঞান চক্ৰৱৰ্তীৰ নিযুক্তি লাভ। কাইলৈ অষ্ট্ৰেলিয়াৰ প্ৰশাসনীয় বিষয়া হিচাপে যোগদান কৰিব প্ৰজ্ঞান চক্ৰৱৰ্তীয়ে। 

Advertisment

Also Read: পদূলিমুখত হেঁপাহৰ ভোগালী বিহু

ভোগালী বিহুৰ প্ৰাকক্ষণত অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে প্ৰজ্ঞান চক্ৰৱৰ্তী। গুৱাহাটীৰ ২৩ বছৰীয়া যুৱক প্ৰজ্ঞান চক্ৰৱৰ্তীয়ে কাইলৈ যোগদান কৰিব অষ্ট্ৰেলিয়াৰ প্ৰশাসনীয় বিষয়া হিচাপে। সাধাৰণতে অষ্ট্ৰেলিয়াৰ নাগৰিক নহ'লে এই পদত নিযুক্তি দিয়া নহয়। কিন্তু অত্যন্ত মেধাৰ বলত ভাৰতীয় নাগৰিক হৈও গুৱাহাটীৰ প্ৰজ্ঞান চক্ৰৱৰ্তীয়ে এই পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে।

Also Read: ৰাম মন্দিৰত নামাজ আদায়ৰ চেষ্টা! গ্ৰেপ্তাৰ আবু আহমেদ শ্বেখ

গুৱাহাটীৰ মাৰিয়া পাব্লিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে প্রজ্ঞান চক্ৰৱৰ্তীয়ে। তাৰ পিছতে দিল্লী বিশ্বিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু পিছলৈ ছিডনী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে প্রজ্ঞান চক্ৰৱৰ্তীয়ে। 

Also Read: প্ৰথমে আক্ৰমণ পাছত বিহ খুৱাই...বাংলাদেশত পুনৰ হিন্দুৰে ভয়ংকৰ ঘটনা

গুৱাহাটীৰ মঠঘৰীয়া নিবাসী ড০ উজ্জ্বল চক্ৰৱৰ্তী আৰু ডাঃ ৰূপৰেখা গোস্বামী চক্ৰৱৰ্তীৰ জ্যেষ্ঠ পুত্ৰ প্রজ্ঞান চক্ৰৱৰ্তী। প্ৰজ্ঞানৰ এই সফলতাত অতিকৈ সুখী পিতৃ-মাতৃ।  

Also Read: আকোৰগোজ অগপ! বিজেপিৰে আসন বুজাপৰাক লৈ বৃহত্‍ টুইষ্ট

Advertisment
Advertisment