Advertisment

নাথ যোগী সন্মিলনৰ বিশাল জোঁৰ সমদল

ৰাজ্যৰ ভিন্ন স্থানত নাথ যোগী সন্মিলনৰ উত্তাল প্ৰতিবাদ। হাতে হাতে জোঁৰ লৈ ৰাজপথত বৃহত্‍ সমদল। কেইবাটাও দাবীৰে ৰাজপথলৈ ওলাই আহিল নাথ যোগী সন্মিলন। বিশেষ জনগোষ্ঠীয় মৰ্যাদা প্ৰদানৰ দাবীৰে সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।

 নাথ যোগী সন্মিলনৰ বিশাল জোঁৰ সমদল Photograph: (DY365)
নাথ যোগী সন্মিলনৰ বিশাল জোঁৰ সমদল Photograph: (DY365)

নাথ যোগী সন্মিলনৰ বিশাল জোঁৰ সমদল


ভিন্ন শ্ল'গানেৰে কঁপাই তোলে আকাশ-বতাহ

ৰাজ্যৰ ভিন্ন স্থানত নাথ যোগী সন্মিলনৰ উত্তাল প্ৰতিবাদ। হাতে হাতে জোঁৰ লৈ ৰাজপথত বৃহত্‍ সমদল। কেইবাটাও দাবীৰে ৰাজপথলৈ ওলাই আহিল নাথ যোগী সন্মিলন। বিশেষ জনগোষ্ঠীয় মৰ্যাদা প্ৰদানৰ দাবীৰে সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।  

Advertisment

অসমত বসবাস কৰা খিলঞ্জীয়া নাথ যোগীসকলক পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান, নাথ যোগী উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠন আৰু জনজাতিৰ মৰ্যাদা প্ৰাদানৰ দাবীত পাঁচ সহস্ৰাধিক নাথ যোগী লোকে জোঁৰ সমদলেৰে কঁপালে চিলাপথাৰৰ ৰাজপথ।

Also Read: ২৬ ডিচেম্বৰৰ পৰা ৰে’ল যাত্ৰাত পূৰ্বতকৈ অধিক ভৰিব লাগিব ধন

উজনি অসমৰ কেইবাখনো জিলাৰ লগতে আজি চিলাপথাৰতো ধেমাজি জিলা অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু নাথ যোগী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আৰু নাথ যোগী যুৱ পৰিষদ, নাথ যোগী জাতীয় পৰিষদ, নাথ যোগী পুৰোহিত সন্মিলনী, নাথ যোগী মহিলা সন্মিলনী আৰু নাথ যোগী স্বায়ত্বশাসিত পৰিষদ দাবী সমিতিৰ ধেমাজি জিলা সমিতিৰ সহযোগত সন্ধিয়া ৰূপায়ণ কৰে বৃহত্‍ প্ৰতিবাদী কাৰ্যসূচী। কেইবাটাও দাবীৰে হাতে হাতে জোঁৰ লৈ সমদল বাহিৰ কৰে প্ৰতিবাদকাৰীসকলে। 

Also Read: বৰদিন উদযাপনত বাধা

চিলাপথাৰৰ পালপট্টিৰ পৰা নগৰৰ মাজেৰে এক বিশাল জোঁৰ সমদলেৰে সাব্যস্ত কৰে প্ৰতিবাদ। হাতে হাতে জোঁৰ, বেনাৰ, প্লে কাৰ্ড লৈ পাঁচ সহস্ৰাধিক নাথ যোগী পুৰুষ-মহিলাই খিলঞ্জীয়া নাথ যোগীসকলক পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰক, নাথ যোগী উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠন কৰক, নাথ যোগীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক, জনজাতীয় স্বায়ত্বশাসিত এলেকাত বসবাস কৰা নাথ যোগীসকলক ভূমি অধিকাৰ প্ৰদান কৰক, মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক, হৰ হৰ মহাদেৱ আদি বিভিন্ন শ্ল'গানেৰে কঁপাই তোলে চিলাপথাৰৰ আকাশ-বতাহ।

প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীয়ে জনগোষ্ঠীটোক দিয়া প্ৰতিশ্ৰুতি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পালন কৰিবলৈ আহ্বান জনাই। অন্যথা অসমত বসবাস কৰা ৪০ লক্ষাধিক নাথ যোগী লোকসকলে নিজৰ সাংবিধানিক অধিকাৰৰ বাবে সমগ্র অসমতে আৰু অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দি চিচিবৰগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন ২১ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে। 

Also Read: খেৰণিৰ পৰিস্থিতিয়ে ক্ৰমাৎ ধাৰণ কৰিছে জটিল ৰূপ

লখিমপুৰতো নাথ যোগী সন্মিলনে সাব্যস্ত কৰে প্ৰতিবাদ। বিভিন্ন দাবীৰে ৰাজপথলৈ ওলাই আহিল নাথ যোগী সম্প্ৰদায়ৰ বহু লোক। লখিমপুৰ জিলাৰ আজাদত নাথ যোগী সম্প্ৰদায়ৰ লোকে চৰকাৰৰ বিৰুদ্ধে বাহিৰ কৰে প্ৰতিবাদী জোঁৰ সমদল। অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা হয় এই জোঁৰ সমদল। মূলত নাথ যোগীসকলক উপগ্ৰহীয় স্বায়ত্বশাসিত প্ৰদান কৰা আৰু বিশেষ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে। কেইবা শতাধিক পুৰুষ-মহিলাই হাতে হাতে জোঁৰ লৈ চৰকাৰ বিৰোধী ভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ। 

Advertisment
Advertisment