Advertisment

বৰদিন উদযাপনত বাধা

বৰদিন উদযাপনত বাধা দি বিপদত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ নেতা! বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ ৪ নেতাক আটক কৰে আৰক্ষীয়ে। কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত বৰদিনৰ সামগ্ৰী জ্বলাই দিছিল দলটোৱে।

 বৰদিন উদযাপনত বাধা Photograph: (DY365)
বৰদিন উদযাপনত বাধা Photograph: (DY365)

বৰদিন উদযাপনত বাধা


বিপদত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ ৪ নেতা!

বৰদিন উদযাপনত বাধা দি বিপদত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ নেতা! বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ ৪ নেতাক আটক কৰে আৰক্ষীয়ে। কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত বৰদিনৰ সামগ্ৰী জ্বলাই দিছিল দলটোৱে।

Advertisment

Also Read: জনজাতিকৰণৰ নামত চৰকাৰৰ ললীপপ!


বৰদিনৰ সামগ্ৰী জ্বলাই দিয়াৰ অপৰাধত নলবাৰীত চাৰিজনক আটক কৰে আৰক্ষীয়ে। বেলশৰ আৰক্ষীয়ে আটক কৰে বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ চাৰি নেতাক। বেলশৰ আৰক্ষীয়ে আটক কৰে বিশ্ব হিন্দু পৰিষদৰ জিলা সমিতিৰ সম্পাদক ভাস্কৰ ডেকা, উপ–সভাপতি মানস পাটগিৰি, সহকাৰী সম্পাদক বিজু দত্তক। বজৰং দলৰ জিলা সমিতিৰ সংযোজক নয়নমণি তালুকদাৰকো আটক কৰে আৰক্ষীয়ে।

Also Read: শোকাৱহ! ভয়ংকৰ বিমান দুৰ্ঘটনাত কেইবাজনৰো মৃত্যু
  
বুধবাৰে নলবাৰীৰ পানীগাঁৱত সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা। বিশ্ব হিন্দু পৰিষদ, বজৰং দলে আহ্বান জনাইছিল বৰদিন বৰ্জন কৰাৰ। বৰদিন বৰ্জনৰ আহ্বানেৰে বিশ্ব হিন্দু পৰিষদ, বজৰং দলে নলবাৰীত চলাইছিল অভিযান। কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত বৰদিনৰ সামগ্ৰী জ্বলাই দিছিল দলটোৱে। ইয়াৰ পৰৱৰ্তী সময়ত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সদস্যসকলে জিলাখনৰ পানীগাঁওস্থিত এখন স্কুলতো সংঘটিত কৰে এক অবাঞ্ছিত কাণ্ড। বিদ্যালয়ত বৰদিন উপলক্ষে সজোৱা সামগ্ৰী ভাঙি চূৰমাৰ কৰাৰ লগতে জ্বলাই দিছিল দলটোৱে। 

ঘটনা সন্দৰ্ভত স্কুল কতৃপক্ষই বেলশৰ থানাত অভিযোগ দাখিল কৰে। আজি বিয়লিৰ ভাগত বিদ্যালয়খনত উপস্থিত হয় নলবাৰী সদৰ আৰক্ষীৰ এটা দল। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ বুজ লয়। আৰু সন্ধিয়া ঘটনাত জড়িতৰ অভিযোগত সংগঠন দুটাৰ ৪ নেতাক আটক কৰে আৰক্ষীয়ে। নলবাৰীৰ এন টি ৰোডৰ পৰা সংগঠন দুটাৰ ৪ নেতাক আটক কৰে। ৪জনকৈ নেতাক আটক কৰি বেলশৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধা-পোছা। 

Advertisment
Advertisment