Assameseগুৱাহাটী প্ৰেছ ক্লাৱৰ ক্ৰীড়া মহোত্সৱত উজলিল DY365সামৰণি পৰিল গুৱাহাটী প্ৰেছ ক্লাৱৰ ক্ৰীড়া মহোৎসৱ। গুৱাহাটী প্ৰেছ ক্লাৱৰ ক্ৰীড়া মহোত্সৱত উজলিল DY365। কেইবাটাও ইভেণ্টত জয়লাভ কৰি DY365ৰ খেলুৱৈয়ে লাভ কৰিলে ৩টাকৈ সোণৰ পদক, ৰূপৰ পদক, কেইবাটাও ব্ৰঞ্জৰ পদক।Jyotiprasad Sarma Jan 22, 2026 18:20 ISTগুৱাহাটী প্ৰেছ ক্লাৱৰ ক্ৰীড়া মহোত্সৱত উজলিল DY365সামৰণি পৰিল গুৱাহাটী প্ৰেছ ক্লাৱৰ ক্ৰীড়া মহোৎসৱ। গুৱাহাটী প্ৰেছ ক্লাৱৰ ক্ৰীড়া মহোত্সৱত উজলিল DY365। কেইবাটাও ইভেণ্টত জয়লাভ কৰি DY365ৰ খেলুৱৈয়ে লাভ কৰিলে ৩টাকৈ সোণৰ পদক, ৰূপৰ পদক, কেইবাটাও ব্ৰঞ্জৰ পদক।AdvertismentAlso Read: মন্দিৰত দুষ্কৃতিকাৰীৰ তাণ্ডৱগুৱাহাটী প্ৰেছ ক্লাৱৰ ক্ৰীড়া মহোত্সৱত উজলিল DY365। ক্ৰীড়া মহোৎসৱৰ সামৰণিৰ দিনটোত কেইবাটাও ইভেণ্টত জয়লাভ কৰা DY365ৰ বিজয়ী খেলুৱৈক আজি প্ৰদান কৰা হয় বঁটাসমূহ। মহানগৰীৰ ছাই ফিল্ডত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল এই ক্ৰীড়া মহোৎসৱ। ক্ৰীড়া মহোত্সৱত ৩টাকৈ ইভেণ্টত সোণৰ পদক, ৰূপৰ পদক আৰু কেইবাটাও ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় DY365ৰ খেলুৱৈয়ে। Also Read: উখল-মাখল জোনবিলৰ পাৰপ্ৰাগ নিউজ, ND24ক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰা DY365ৰ পুৰুষৰ ভলীবল দলে চূড়ান্ত মেচত NKTVক ১৫-৭ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰে। পুৰুষৰ কাবাদীত প্ৰতিদিন ডিজিটেল, নিউজ লাইভক পৰাস্ত কৰি ফাইনেলত ৩৭-১৭ ব্যৱধানত প্ৰথম খবৰক পৰাস্ত কৰে DY365এ। প্ৰতিযোগিতাত প্ৰথম খবৰ, আছাম টক্ছক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিছিল DY365ৰ মহিলা কাবাদী দলটো। কিন্তু, ফাইনেলত গুৱাহাটী প্ৰেছক্লাৱ দলৰ হাতত পৰাস্ত হৈ ৰানাৰ্ছআপ হয় মহিলা কাবাডী দলটো। Also Read: বিশ্বকাপৰ প্ৰস্তুতি! আজি নাগপুৰত সমুখসমৰত ভাৰত-নিউজিলেণ্ডপুৰুষৰ ডাবলছ বেডমিণ্টনত জ্যেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীসহ DY365ৰ ডেপুটী এডিট’ৰ কিশোৰ তালুকদাৰে লাভ কৰে সোণৰ পদক। ইয়াৰ উপৰিও DY365এ পুৰুষৰ ৰছী টনা খেলত লাভ কৰে তৃতীয় স্থান।Also Read: অশান্ত কোকৰাঝাৰ! পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনাৰ ফ্লেগ মাৰ্চAdvertismentAdvertisment Read the Next Article