Assameseবিশ্বকাপৰ প্ৰস্তুতি! আজি নাগপুৰত সমুখসমৰত ভাৰত-নিউজিলেণ্ডআজি নাগপুৰত ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন টি-২০। এদিনীয়া শৃংখলাত হোৱা পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যৰে আজি ২২ গঁজৰ ষুঁজত নামিব সূৰ্ষকুমাৰ যাদৱ বাহিনী। আনহাতে টি-২০ বিশ্বকাপৰ পূৰ্বে দুয়োটা দলৰ বাবেই এইটো হৈছে অন্তিম শৃংখলা। Mrinmoy Talukdar Jan 21, 2026 13:33 ISTFile Photoবিশ্বকাপৰ প্ৰস্তুতি! আজি নাগপুৰত সমুখসমৰত ভাৰত-নিউজিলেণ্ডআজি নাগপুৰত ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন টি-২০। এদিনীয়া শৃংখলাত হোৱা পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যৰে আজি ২২ গঁজৰ ষুঁজত নামিব সূৰ্ষকুমাৰ যাদৱ বাহিনী। আনহাতে টি-২০ বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি দুয়োটা দলৰ বাবে এই শৃংখলাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ বিশ্বকাপৰ পূৰ্বে দুয়োটা দলৰ বাবেই এইটো হৈছে অন্তিম শৃংখলা। AdvertismentRead More- Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়নাগপুৰত আজি জয়েৰে শৃংখলাৰ আৰম্ভণি কৰিব বিচাৰিব সূৰ্ষকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়াই। ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে দুয়োটা দলৰ বাবে এই শৃংখলাটো যথেষ্ট গুৰুত্বপূৰ্ণ। এইবাৰৰ বিশ্বকাপ যিহেতু ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিছে গতিকে বিশ্বকাপৰ প্ৰস্তুতি চলাবলৈ কিৱি বাহিনীৰ হাতত এয়া সুবৰ্ণ সুযোগ। আনহাতে এদিনীয়া শৃংখলাত নিউজিলেণ্ডৰ হাতত হোৱা পৰাজয়ৰ পোতক তোলাৰ লক্ষ্যৰে আজি ২২ গঁজত নামিব টীম ইণ্ডিয়া। Read More- অথলে গ'ল কোহলীৰ শতক, ভাৰতৰ মাটিত প্ৰথমটো এদিনীয়া শৃংখলা জয় নিউজিলেণ্ডৰতাৰকা মিডল অৰ্ডাৰ বেটাৰ তিলক বাৰ্মাই অস্ত্ৰোপচাৰৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টি-২০ শৃংখলাত অংশগ্ৰহণ কৰিব নোৱাৰিব। গতিকে তিলক বাৰ্মাৰ ঠাইত ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে শ্ৰেয়াছ আয়াৰক। যদিও শ্ৰেয়াছ আয়াৰক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে কিন্তু নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাটোত তিনি নম্বৰ স্থানত বেটিং কৰিব ঈশান কিষানে। কালি সংবাদমেলত অধিনায়ক সূৰ্য্যকুমাৰ যাদৱে কয় যে- 'ঈশানে তিনি নম্বৰত বেটিং কৰিব। তেওঁক টি-২০ বিশ্বকাপ দলত অন্তৰ্ভুক্ত কৰা হৈছে, আৰু তেওঁ পৰ্যাপ্ত সুযোগ লাভ কৰাটো আমাৰ দায়িত্ব। টি-২০ বিশ্বকাপৰ পূৰ্বে আমি তেওঁক সময় দিব লাগিব। ঈশানে প্ৰায় ডেৰ বছৰ ধৰি ভাৰতীয় দলৰ হৈ খেলা নাই যদিও ঘৰুৱা ক্ৰিকেটত তেওঁ বহু ৰান সংগ্ৰহ কৰিছে। গতিকে তিলক বাৰ্মাৰ অনুপস্থিতিত তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ ঈশান কিষান আটাইতকৈ উপযুক্ত বেটছমেন'।Read More- নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ ষ্টাৰ অলৰাউণ্ডৰআনহাতে ভাৰত আৰু নিউজিলেণ্ডে এইপৰ্যন্ত ২৫খন টি-২০ মেচ খেলিছে। ইয়াৰে ১৪খন খেলত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে নিউজিলেণ্ডে ১০খন মেচত জয়লাভ কৰিছে। আনহাতে এখন মেচ টাই হৈছে। আনহাতে নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত দুয়োটা দলে এখন টি-২০ মেচত অৱতীৰ্ণ হৈছিল। যিখন মেচত মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন ভাৰতীয় টি-২০ দলটো পৰাস্ত হৈছিল। Read More- অনিশ্চয়তাত ষ্টাৰ ক্ৰিকেটাৰ তিলক বাৰ্মাৰ বিশ্বকাপ খেলাৰ সপোননিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটো হৈছে-সঞ্জু চেমচন (উইকেটকীপাৰ), অভিষেক শৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শ্ৰেয়াছ আয়াৰ, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰিংকু সিং, ঈশান কিষাণ, অক্ষৰ পেটেল, হৰ্ষিত ৰানা, ৰবি বিষ্ণোই, কুলদীপ যাদৱ, জস্প্ৰিত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী আৰু অৰ্শদীপ সিং।AdvertismentAdvertisment Read the Next Article