Assameseঅশান্ত কোকৰাঝাৰ! পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনাৰ ফ্লেগ মাৰ্চকোকৰাঝাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও এতিয়াও অব্যাহত আছে চেপা উত্তেজনা। পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আনিবলৈ কোকৰাঝাৰত সেনাৰ ফ্লেগ মাৰ্চ। উত্তপ্ত পৰিস্থিতিৰ পিছতে সেনাৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ কেইবাটাও বেটেলিয়ন কেম্প মোতায়েন কৰা হৈছে কোকৰাঝাৰত। Mrinmoy Talukdar Jan 21, 2026 13:36 ISTFile Photoঅশান্ত কোকৰাঝাৰ! পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনাৰ ফ্লেগ মাৰ্চকোকৰাঝাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও এতিয়াও অব্যাহত আছে চেপা উত্তেজনা। পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আনিবলৈ কোকৰাঝাৰত সেনাৰ ফ্লেগ মাৰ্চ। উত্তপ্ত পৰিস্থিতিৰ পিছতে সেনাৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ কেইবাটাও বেটেলিয়ন কেম্প মোতায়েন কৰা হৈছে কোকৰাঝাৰত। AdvertismentRead More- বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ। কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলাকোকৰাঝাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হৈছে ৰেপিড এক্সন ফ’ৰ্চক। আৰক্ষীৰ কেইবাটাও অতিৰিক্ত বাহিনীও মোতায়েন কৰা হৈছে জিলাখনত। কোকৰাঝাৰৰ সাম্প্ৰতিক পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণাধীন যদিও কাৰিগাঁৱৰ উপ আৰক্ষী চকীত ফ্লেগ মাৰ্চৰ বাবে সাজু সেনা।Read More- ভাইৰেল পত্ৰই লগাইছে তোলপাৰ! গোচৰ ৰুজু সৰ্বানন্দ সোণোৱালৰকাৰণ কোকৰাঝাৰত পৰিস্থিতি শাম কাটিলেও উত্তেজনা অব্যাহত আছে। উল্লেখ্য যে মঙলবাৰে পুনৰ জটিল পৰিস্থিতি ধাৰণ কৰিছিল কাৰিগাঁৱত। শ শ লোকে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিছিল প্ৰতিবাদ, অৱৰোধ কৰিছিল ৰাজপথ। আনহাতে দোষীয়ে উচিত শাস্তি নোপোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছিল প্ৰতিবাদকাৰীসকলে। Read More- হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ নেত্ৰীউল্লেখ্য যে দেওবাৰে কাৰিগাঁৱত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। দুটাকৈ ফৈদৰ মাজত সংঘটিত হৈছিল মুখামুখি সংঘৰ্ষ। ভয়ংকৰ সংঘৰ্ষত প্ৰাণ গৈছিল এজনৰ। গুৰুতৰভাৱে আহত হৈছিল ৪ জনকৈ লোক। ঘটনাৰ পাছৰে পৰা কাৰিগাঁৱৰ পৰা সমগ্ৰ কোকৰাঝাৰত বিয়পিছিল উত্তেজনা। কাৰিগাঁও আৰক্ষী চকীত বলপূৰ্বক প্ৰৱেশ কৰিছিল একাংশ প্ৰতিবাদকাৰীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে আটক কৰিছে ২৯ জনকৈ লোকক। Read More- কি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহাআৰক্ষীয়ে আটক কৰা লোকক বিচাৰি আৰক্ষী থানাত প্ৰতিবাদকাৰীয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি। কাৰিগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত শ শ লোকৰ। বীৰছা কামাণ্ডো ফৰ্চৰ দুটাকৈ অস্থায়ী কেম্প জ্বলাই দিয়ে উত্তেজিত ৰাইজে। পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হোৱাত নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠিচালনা আৰু শূ্ন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টাৰ সময়ত কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্তও হৈছিল। এই ভয়ংকৰ পৰিস্থিতিৰ পাছতেই কোকৰাঝাৰত তাত্ক্ষণিকভাৱে বলৱত্ হোৱাকৈ কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। কোকৰাঝাৰৰ পৰিস্থিতি অধিক অৱনতি ঘটাত ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ পাছতেই কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে।AdvertismentAdvertisment Read the Next Article