Assameseপুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীপুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ১৪ ফেব্ৰুৱাৰীত অসমলৈ অহাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৩০ জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এই কথা ঘোষণা কৰে। Jyotiprasad Sarma Jan 22, 2026 22:15 ISTপুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীক'ত কি কি কাৰ্যসূচীত ভাগ ল'ব?পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ১৪ ফেব্ৰুৱাৰীত অসমলৈ অহাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেইবাটাও কাৰ্যসূচী লৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। ডাভছৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এই কথা ঘোষণা কৰে। AdvertismentAlso Read: গুৱাহাটী প্ৰেছ ক্লাৱৰ ক্ৰীড়া মহোত্সৱত উজলিল DY365কেইবাটাও কাৰ্যসূচীৰে পুনৰ গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ১৪ ফেব্ৰুৱাৰীত অসমলৈ অহাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটী, কোকৰাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও কাৰ্যসূচী অংশগ্ৰহণ কৰাৰ সম্ভাৱনা। অসম ভ্ৰমণৰ সময়ছোৱাত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। IIM গুৱাহাটী উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১০০ খন ইলেকট্ৰিক বাছৰো শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছুইজাৰলেণ্ডৰ ডাভছৰ পৰা কেইবাটাও নতুন প্ৰকল্পৰ কথা সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। Also Read: মন্দিৰত দুষ্কৃতিকাৰীৰ তাণ্ডৱইফালে ৩০ জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ছুইজাৰলেণ্ডৰ ডাভছত অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ’ৰাম (WEF)ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুসময় পূৰ্বে ফেচবুক লাইভ যোগে এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামত অংশগ্ৰহণৰ অভিজ্ঞতা বিষয়ে অৱগত কৰে ফেচবুক লাইভ যোগে। উল্লেখ্য যে, ২৪ জানুৱাৰীত ছুইজাৰলেণ্ডৰ পৰা অসমলৈ উভতি আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ২৪ জানুৱাৰীত বৰক্ষেত্ৰীত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। ২৫ জানুৱাৰীত ডুমডুমাত ‘এটি কলি দুটি পাত’ আঁচনিৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। AdvertismentAdvertisment Read the Next Article