Advertisment

৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ মানাহ মহোৎসৱ

আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ মানাহ মহোৎসৱ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এইবাৰো ২৩ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মূলত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকক আকৰ্ষণ কৰিবলৈ এই মহোৎসৱৰ আয়োজন কৰা হয়।

 ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ মানাহ মহোৎসৱ Photograph: (DY365)
৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ মানাহ মহোৎসৱ Photograph: (DY365)

৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ মানাহ মহোৎসৱ

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানহ ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা ন দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে মানাহ মহোৎসৱ৷ দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ প্ৰতিবছৰে এই মহোৎসৱৰ আয়োজন কৰা হয়।

Advertisment

আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ মানাহ মহোৎসৱ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এইবাৰো ২৩ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মূলত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকক আকৰ্ষণ কৰিবলৈ এই মহোৎসৱৰ আয়োজন কৰা হয়।

Also Read: আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত আজিৰে পৰা ন দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে মানাহ মহোৎসৱ৷ ৰাতিপুৱাৰ ভাগত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, মানাহ মহোৎসৱৰ মুখ্যদ্বাৰ মুকলি, বৃক্ষৰোপণ আদি বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হয় মানাহ‌ মহোৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচী৷ সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে মানাহ মহোৎসৱৰ মুখ্যদ্বাৰ মুকলি কৰে মানাহৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাৰিন বড়োৱে৷ মানাহৰ প্ৰচাৰ আৰু প্ৰসাৰ, থলুৱা খাদ্য, কৃষ্টি-সংস্কৃতি, পৰম্পৰাগত সাজ-পাৰ, চাহ, পৰ্যটনআদি বিশ্বৰ বুকুত প্ৰচাৰৰ উদ্দ্যেশ্যে আয়োজন কৰা হৈছে মানাহ মহোৎসৱ৷ মানাহ মহোৎসৱত জুবিন গাৰ্গ পাৰ্ক, জনগোষ্ঠীয় গাঁও, আনন্দমেলা, বাণিজ্য মেলা আদিৰ লগতে প্ৰতিটো দিনতে ৰূপায়ণ হ’ব বিভিন্ন কাৰ্যসূচী৷ কাৰ্যসূচীত ভূটানকে ধৰি চুবুৰীয়া কেইবাখনো দেশৰ প্ৰতিনিধিয়েও অংশগ্ৰহণকৰিব৷ এইবেলি মানাহ মহোৎসৱ প্লাষ্টিকমুক্ত কৰাৰ লক্ষ্য সামৰি লৈছে উদ্যোক্তা সমিতিয়ে৷

Also Read: আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

উল্লেখ্য য়ে মানস ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পর্যটকসকলৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে এই মহোৎসৱৰ আয়োজন কৰা হয়। এই মহোৎসৱত উদ্যানখনৰ দাঁতিকাষৰীয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, খাদ্য সম্ভাৰ প্ৰদৰ্শন হ’ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

Advertisment
Advertisment