Assamese২০ জানুৱাৰীৰ পৰা পাংচুপাছ আন্তঃৰাষ্ট্ৰীয় উৎসৱ ২০২৬ ভাৰত-ম্যানমাৰ সীমান্ত তথা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙত ২০ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ব পাংচুপাছ আন্তঃৰাষ্ট্ৰীয় উৎসৱ ২০২৬। ইতিমধ্যে উৎসৱৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।Jyotiprasad Sarma Jan 16, 2026 16:45 IST২০ জানুৱাৰীৰ পৰা পাংচুপাছ আন্তঃৰাষ্ট্ৰীয় উৎসৱ ২০২৬ Photograph: (DY365)২০ জানুৱাৰীৰ পৰা পাংচুপাছ আন্তঃৰাষ্ট্ৰীয় উৎসৱ ২০২৬ভাৰত-ম্যানমাৰ সীমান্ত তথা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙত ২০ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ব পাংচুপাছ আন্তঃৰাষ্ট্ৰীয় উৎসৱ ২০২৬। ইতিমধ্যে উৎসৱৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। Advertismentঅৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙত ২০ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব পাংচুপাছ আন্তঃৰাষ্ট্ৰীয় উৎসৱ ২০২৬। অৰুণাচল প্ৰদেশ চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া উৎসৱ উদযাপনৰ উদ্দেশ্যে ইতিমধ্যে শতাধিক লোকে বিগত প্ৰায় ডেৰমাহ মানৰ পূৰ্বৰ পৰা প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। এই উৎসৱে দেশী-বিদেশী পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে বহিঃৰাষ্ট্ৰৰ সৈতে কলা-সংস্কৃতি তথা ভ্ৰাতৃত্ববোধৰ লগতে বাণিজ্যিক ক্ষেত্ৰখনলৈও আশাৰ ৰেঙণি কঢ়িয়াই অনাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।Also Read: ১১৪ নম্বৰত স্বামীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব পত্নীয়েঅৰুণাচল প্ৰদেশৰ ৫১ নং নামপং বিধানসভা সমষ্টিৰ নামপঙত অনুষ্ঠিত হ’বগীয়া দশম বাৰ্ষিক পাংচুপাছ আন্তঃৰাষ্ট্ৰীয় উৎসৱৰ আয়োজনৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। ২০, ২১ আৰু ২২ জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই আন্তঃৰাষ্ট্ৰীয় উৎসৱ। অৰুণাচল প্ৰদেশৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্য সমূহে অংশগ্ৰহণ কৰাৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ লোকে অংশগ্ৰহণ কৰাৰ নিশ্চিতি প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে। উত্তৰ–পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীকে এই উৎসৱত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে যদিও অৰুণাচল প্ৰদেশৰ টাংছা জনগোষ্ঠীৰ প্ৰায় ৫০টাকৈ সম্প্ৰদায়ে তেওঁলোকৰ পৰম্পৰাগত সমৃদ্ধি শালী সাংস্কৃতিক পৰম্পৰা, জনগোষ্ঠীয় খাদ্য সম্ভাৰ, সাজ–পোছাক, বাসস্থান ইত্যাদি প্ৰদৰ্শন কৰিব।Also Read: ফুৰিবলৈ আহি অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন পৰ্যটকৰ দলউৎসৱস্থলীত সুন্দৰ মণ্ডপৰ লগতে বিপণী নিৰ্মাণৰ উপৰিও পৰ্যটকৰ সুবিধা হোৱাকৈ এক বৃহৎ এলেকাত যান– বাহন ৰাখিব পৰাকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰি তুলিছে আয়োজক সমিতিয়ে।AdvertismentAdvertisment Read the Next Article