Advertisment

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

১৭ জানুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ শিলান্যাস কৰি কলিয়াবৰৰ নিজ চিলাবন্ধাৰ মৌচন্দা পথাৰত জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। এতিয়া মৌচন্দা পথাৰত দিনে-নিশাই ব্যাপক তত্‍পৰতা।

 দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী Photograph: (DY365)
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী Photograph: (DY365)

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী


ক'ত কি কি কাৰ্যসূচীত ভাগ ল'ব মোদীয়ে?


মৌচন্দা পথাৰত ব্যাপক তত্‍পৰতা

১৭ জানুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ শিলান্যাস কৰি কলিয়াবৰৰ নিজ চিলাবন্ধাৰ মৌচন্দা পথাৰত জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে এতিয়া মৌচন্দা পথাৰত দিনে-নিশাই ব্যাপক তত্‍পৰতা।

Advertisment

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ কলিয়াবৰত বাঢ়িছে ব্যস্ততা। ১৮ জানুৱাৰীত কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এলিভেটেড ক’ৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। কলিয়াবৰৰ ৰাঙলুৰ পৰা বোকাখাতলৈ ৩৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব এলিভেটেড ক’ৰিডৰ। ৬ হাজাৰ ৯শ ৫৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে কলিয়াবৰৰ মৌচন্দা পথাৰত বিশাল আয়োজন। কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ শিলান্যাস কৰি কলিয়াবৰৰ নিজ চিলাবন্ধাৰ মৌচন্দা পথাৰত জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 

Also Read: পুনৰ ঋণ ল'ব ৰাজ্য চৰকাৰে

উল্লেখ্য যে, বাৰিষা সময়ত বানৰ সময়ত বন্যজন্তু ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰলৈ ঢাপলি মেলা সময়ত গাড়ীৰ আগত পৰি দুৰ্ঘটনাত পতিত হয়। এই এলিভেটেড ক’ৰিডৰ সম্পূৰ্ণ হৈ উঠিলে এনে দুৰ্ঘটনা নোহোৱা হ'ব। ৰক্ষা পৰিব জীৱকুল। কাজিৰঙা পথত থকা স্পীড লিমিট আৰু স্পীড বেকাৰৰ বাবে নুমলীগড়ৰ পৰা জখলাবন্ধা পাওতে এতিয়া ডেৰ ঘণ্টাৰ প্ৰয়োজন। কিন্তু এই এলিভেটেড ক’ৰিডৰ নিৰ্মাণ হৈ উঠিলে এই দূৰত্ব হ'ব মাত্ৰ ২০ মিনিট। ইয়াৰ ফলত যোৰহাট-গুৱাহাটীৰ দূৰত্বও হ্ৰাস হ'ব। এতিয়াৰ পুৰণি কাজিৰঙা পথটো বন্ধ নহয়। কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিও যাব পাৰিব পথচাৰীয়ে। কেৱল বিকল্প পথ হিচাপে ব্যৱহাৰ হ'ব এই এলিভেটেড ক’ৰিডৰ।

Also Read: পুনৰ ৬৩৪৭ গৰাকীলৈ চৰকাৰী নিযুক্তি অসম চৰকাৰৰ

অসংখ্য লোক সমাগম হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ জনসভাস্থলী নিৰ্মাণ কৰাৰ বাবে এতিয়া দিনে-নিশাই ব্যাপক তৎপৰতা চলিছে মৌচন্দা পথাৰত। সভাস্থলী নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে বিভিন্ন চৰকাৰী বিভাগ। শনিবাৰে বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে মন্ত্ৰী পীয়ূয হাজৰিকাই সভাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। 

Also Read: ৰাজ্যত পুনৰ চলিব আন এক বৃহৎ উচ্ছেদ

ইফালে প্ৰধানমন্ত্ৰীৰ কলিয়াবৰ আগমনক লৈ আৰক্ষী-প্ৰশাসনে বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে। ১৮ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ দিনা মৌচন্দা পথাৰৰ আশে-পাশে ৮টাকৈ স্থানত সমষ্টি ভিত্তিত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। তেজপুৰৰ পৰা নগাঁও অভিমুখে অহা গাড়ী বৰঘুলি হৈ যাব লাগিব নগাঁৱলৈ। তেজপুৰৰ পৰা জখলাবন্ধা-যোৰহাট অভিমুখে অহা গাড়ীৰো পথ নিৰ্দেশনা। চুলুং হৈ শিলঘাট-কুঁৱৰীটোল হৈ যাব লাগিব তেজপুৰৰ পৰা অহা গাড়ী। গুৱাহাটীৰ পৰা যোৰহাট-তেজপুৰ যাব লগা গাড়ীৰ ক্ষেত্ৰত নাথাকিব বাধা। সাময়িকভাৱে মুকলি কৰি দিয়া হ’ব নিৰ্মীয়মাণ অৱস্থাত থকা উৰণ সেতু। কলিয়াবৰ তিনিআলিত নিৰ্মীয়মাণ অৱস্থাত আছে উৰণ সেতুখন।

Advertisment
Advertisment