Assameseৰাজ্যত পুনৰ চলিব আন এক বৃহৎ উচ্ছেদযোগীঘোপাত পুনৰ চলিব প্ৰশাসনৰ বুলড’জাৰ। কৰেয়া পাহাৰ আৰু ভৰালকুণ্ডী বিল গাঁৱত প্ৰশাসনে জাৰি কৰিছে জাননী। বেদখলকৃত ভূমি এৰিবলৈ প্ৰশাসনে বান্ধি দিছে শেষ সময়। ২৩ জানুৱাৰীৰ পূৰ্বে ঘৰ-বাৰী ভাঙি নিবলৈ বেদখলকাৰীক নিৰ্দেশ প্ৰশাসনৰ।Jyotiprasad Sarma Jan 10, 2026 12:48 ISTৰাজ্যত পুনৰ চলিব আন এক বৃহৎ উচ্ছেদ Photograph: (DY365)ৰাজ্যত পুনৰ চলিব আন এক বৃহৎ উচ্ছেদপ্ৰায় ১৫০০ বিঘা ভূমিত প্ৰশাসনে চলাব বুলড’জাৰযোগীঘোপাত পুনৰ চলিব প্ৰশাসনৰ বুলড’জাৰ। কৰেয়া পাহাৰ আৰু ভৰালকুণ্ডী বিল গাঁৱত প্ৰশাসনে জাৰি কৰিছে জাননী। বেদখলকৃত ভূমি এৰিবলৈ প্ৰশাসনে বান্ধি দিছে শেষ সময়। ২৩ জানুৱাৰীৰ পূৰ্বে ঘৰ-বাৰী ভাঙি নিবলৈ বেদখলকাৰীক নিৰ্দেশ প্ৰশাসনৰ। বইটামাৰী ৰাজহ চক্ৰ বিষয়াই গাঁৱত আঁৰিছে জাননী। Advertismentমুখ্যমন্ত্ৰীৰ 'দয়া নাই ক্ষমা নাই' নীতিৰে যোগীঘোপাত পুনৰ চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বঙাইগাঁৱৰ বইটামাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই বেদখলকৃত গাঁৱত আঁৰিছে জাননী। অহা ২৩ জানুৱাৰীৰ পূৰ্বে ঘৰ-বাৰী ভাঙি নিবলৈ জাননীযোগে নিৰ্দেশ দিছে। উক্ত ডেডলাইন বান্ধি দিয়া জাননীৰ পিছতে বেদখলকাৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। Also Read: নামাজীৰ ওপৰত আক্ৰমণ, আহত ১২যোগীঘোপাৰ প্ৰায় ৬৮৮ বিঘা চৰকাৰী ভূমিত ৮৭৯টা পৰিয়ালে দীৰ্ঘদিনৰ পৰা বসবাস কৰি আহিছে। ইয়াৰে কৰেয়া পাহাৰ গাঁৱত ৩২০ বিঘাত ৩৮৩টা পৰিয়ালে বসবাস কৰি আছে। ইফালে ভাৰালকুণ্ডী বিল গাঁৱত ৩৬৮ বিঘা ভূমিত ৪৯৬টা পৰিয়ালে বেদখল কৰি ঘৰ সাজি আছে। কৰেয়া পাহাৰ আৰু ভৰালকুণ্ডী বিল গাঁৱত বইটামাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা জাননী জাৰি কৰে। ফলত এই দুখন গাঁৱত এতিয়া ৰাইজৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। একেখন জাননীত কণৰাবিল আৰু দলনীবিলৰ বেদখলকাৰীকো একে সময়তে ঘৰ-ভাঙি নিবলৈ নিৰ্দেশ দিয়ে প্ৰশাসনে। Also Read: জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ দল গঠন চৰকাৰৰপ্ৰশাসনে বান্ধি দিয়া সময়ৰ ভিতৰত ঘৰ ভাঙি নিনিলে বুলড'জাৰ চলিব উক্ত বেদখলাকাৰীৰ ঘৰত। মুঠতে প্ৰায় ১৫০০ শ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। এই বৃহৎ উচ্ছেদ অভিযানক লৈ আতংকিতৰাইজে চৰকাৰলৈ এটি অনুৰোধ জনাইছে। চৰকাৰী মাটি উচ্ছেদ কৰাকলৈ আপত্তি নাই, কিন্তু এই সময়ত উচ্ছেদ নকৰিবলৈ ৰাইজৰ অনুৰোধ। কিয়নো কাৰণ ছাত্ৰ-ছাত্ৰী সকলৰ সমাগত মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা। আনফালে হাড় কপোৱা ঠাণ্ডা। এই সময়ত উচ্ছেদ চলালে ছাত্ৰ-ছাত্ৰীসকল জীৱনৰ গুৰুত্বপূৰ্ণপৰীক্ষাত অৱতীৰ্ণ হোৱাত সমস্যাৰ সৃষ্টি হ'ব। সেয়ে এই সময়ত উচ্ছেদ নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৰাইজে।AdvertismentAdvertisment Read the Next Article