Assameseলজ্জাজনক! সম্পৰ্কীয় নাবালিকাৰে অপকৰ্ম ৬০ ঊৰ্ধ্বৰ গোপীনাথ উপাধ্যায়ৰৰাজ্যত সংঘটিত হৈছে এক জঘন্য ঘটনা। সম্পৰ্কীয় নাবালিকাৰে অপকৰ্ম ৬০ ঊৰ্ধ্বৰ গোপীনাথ উপাধ্যায়ৰ। ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাক যৌন নিৰ্যাতন চলোৱা লম্পট গোপীনাথক POSCO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি প্ৰেৰণ জে’ললৈ। Mrinmoy Talukdar Dec 16, 2025 20:04 ISTFilephotoলজ্জাজনক! সম্পৰ্কীয় নাবালিকাৰে অপকৰ্ম ৬০ ঊৰ্ধ্বৰ গোপীনাথ উপাধ্যায়ৰৰাজ্যত সংঘটিত হৈছে এক জঘন্য ঘটনা। সম্পৰ্কীয় নাবালিকাৰে অপকৰ্ম ৬০ ঊৰ্ধ্বৰ গোপীনাথ উপাধ্যায়ৰ। ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাক যৌন নিৰ্যাতন চলোৱা লম্পট গোপীনাথক POSCO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি প্ৰেৰণ জে’ললৈ। AdvertismentRead More- নাৱত উঠি ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়েগহপুৰৰ বুৰৈঘাটত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। সম্পৰ্কীয় নাবালিকা ভতিজায়েকৰে সৈতে অপকৰ্ম সংঘটিত কৰাৰ অভিযোগ ৬০ ঊৰ্ধ্বৰ লম্পট গোপীনাথ উপাধ্যায়ৰ বিৰুদ্ধে। অপকৰ্ম সংঘটিত কৰি এখন ধাবাত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ গোপীনাথ উপাধ্যায়ক। উল্লেখ্য যে ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকা ভতিজায়েকক যৌন নিৰ্যাতন চলাইছিল গোপীনাথ উপাধ্যায়ে। Read More-পহলগাম কাণ্ডৰ দৰেই নৰসংহাৰ! সন্ত্ৰাসবাদী পিতা–পুত্ৰৰ নিৰ্বিচাৰ গুলীচালনাজানিব পৰা মতে-হেলেম আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈঘাট নিবাসী গোপীনাথ উপাধ্যায়ে ঘৰৰ ওচৰৰে এগৰাকী সম্পৰ্কীয় নাবালিকা ভতিজাকক কালি আবেলি ঘৰত কোনো নথকাৰ সুযোগ লৈ যৌন নিৰ্যাতন চলাইছিল। গোপীনাথ উপাধ্যায়ৰ অস্বাভাৱিক আচৰণত আতংকিত হৈ নাবালিকা গৰাকীয়ে কান্দিবলৈ লোৱাত গোপীনাথ উপাধ্যায় ঘৰলৈ গুচি আহে। পৰবৰ্তী সময়ত নাবালিকা গৰাকীয়ে গোপীনাথ উপাধ্যায়ৰ সমস্ত কু-কাণ্ড পৰিয়ালৰ লোকক অৱগত কৰাৰ পিছত উত্তপ্ত হৈ পৰে সমগ্ৰ অঞ্চল। Read More- বিনিময় প্ৰথা চাবলৈ হ'লে যাব লাগিব জাগীৰোডলৈ... কেতিয়া হ'ব জোনবিল মেলা?তাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছত স্থানীয় ৰাইজে লপা থপা দিয়ে লম্পট গোপীনাথ উপাধ্যায়ক। গোপীনাথ উপাধ্যায়ে ৰাজহুৱা প্ৰহাৰৰ পৰা কোনো মতে নিজক বচাই ওচৰৰে এখন ধাবাত আত্মগোপন কৰিছিল। কিন্তু ধাবাত আত্মগোপন কৰি থকা অৱস্থাতে কালি সন্ধিয়া হেলেম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গোপীনাথ উপাধ্যায়ক। ধৃত গোপীনাথ উপাধ্যায়ৰ বিৰুদ্ধে হেলেম আৰক্ষী থানাত ৮৮/২০২৫ নম্বৰত POSCO আইনৰ অধীনত এক গোচৰ ৰুজু কৰি আজি বিশ্বনাথ জেল হাজোতলৈ প্ৰেৰণ কৰা হয়।Read More- কুলেন্দ্ৰ শৰ্মাই পাকিস্তানক দিছিল ভাৰতৰ বহু স্পৰ্শকাতৰ তথ্য আৰু নথি-পত্ৰAdvertismentAdvertisment Read the Next Article