Advertisment

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ দল গঠন চৰকাৰৰ

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ দল গঠন চৰকাৰৰ। ৫ জনীয়া লোক অধিবক্তা নিয়োগৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত। চৰকাৰৰ ফালৰ পৰা দায়িত্ব দিয়া হৈছে অধিবক্তা জিয়াউৰ কামাৰক।

 জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ দল গঠন চৰকাৰৰ Photograph: (DY365)
জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ দল গঠন চৰকাৰৰ Photograph: (DY365)

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ দল গঠন চৰকাৰৰ


৫ জনীয়া লোক অধিবক্তা নিয়োগৰ সিদ্ধান্ত

শুকুৰবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ দল গঠন চৰকাৰৰ। ৫ জনীয়া লোক অধিবক্তা নিয়োগৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত। চৰকাৰৰ ফালৰ পৰা দায়িত্ব দিয়া হৈছে অধিবক্তা জিয়াউৰ কামাৰক। সহযোগী হিচাপে থাকিব অধিবক্তা ব্ৰজেন্দ্ৰ চৌধুৰী, কিশোৰ দত্ত। প্ৰাঞ্জল দত্ত, বিকাশ জামালো থাকিব সহযোগী অধিবক্তা হিচাপে। 

Advertisment

জীয়াউৰ কামাৰ (Special Public prosecutor)
ব্ৰজেন্দ্ৰ মোহন চৌধুৰী(Aditional Public prosecutor)
কিশোৰ দত্ত (Assistant special public prosecutor)
প্ৰাঞ্জল দত্ত(Assistant special public prosecutor)
বিকাশ জামাৰ(Assistant special public prosecutor)

এই ৫গৰাকী অধিবক্তাই আগুৱাই নিব জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চৰকাৰৰ পক্ষ ৰাখিব তেওঁলোকে। 

Also Read: বহিঃৰাজ্যত অসমৰ ২ যুৱকৰ মৃত্যু

আনহাতে জুবিন গাৰ্গ ন্যাস গঠনক আদৰণি জনাইছে ৰাজ্যিক কেবিনেটে। জুবিন গাৰ্গ ন্যাসলৈ চৰকাৰে আগবঢ়াব ৫ কোটি টকা। পৰৱৰ্তী সময়ত ন্যাসে লোৱা আঁচনিত সহযোগ কৰি যাব চৰকাৰে। বড়ো সাহিত্য সভালৈ মহানগৰীৰ বেতকুছিত এবিঘা ভূমি আৱণ্টন চৰকাৰৰ। 

Also Read: আচৰিত! এতিয়া শিক্ষকে কৰিব লাগিব কুকুৰ গণনা

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভতো আলোচনা কৰে কেবিনেটত। ১৭ জানুৱাৰীত বিয়লি ৪ বজাত গুৱাহাটী পাবহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সৰুসজাইত প্ৰধানমন্ত্ৰীয়ে অংশ ল’ব চৰকাৰৰ বাগৰুম্বা কাৰ্যসূচীত। 

Also Read: ভাৰত-বাংলা সীমান্তৰে অনুপ্ৰৱেশ অব্যাহত


১৮ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে কলিয়াবৰত অংশগ্ৰহণ কৰিব ৰাজহুৱা সভাত। কলিয়াবৰত এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এলিভেটেড কৰিড’ৰৰ বাবে ৬,৯৫৭ কোটি টকা আৱণ্টন 

Advertisment
Advertisment